নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত নিৰ্বাপিত মৰিগাঁৱৰ মৰাপাটৰ গুদামৰ জুই

নিয়মীয়া বাৰ্তা ভূৰাগাঁও ২২ ফেব্ৰুৱাৰী : এসপ্তাহৰ অন্তত মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বানমুৰী স্হিত মৰাপাট নিগমৰ বৃহৎ গুদামত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ জুই নিৰ্বাপিত কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে। স্হানীয় ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাত অগ্নিনিৰ্বাপক বাহিনী, এছ ডি আৰ এফ, চি আৰ পি এফ আদিৰ তিনি শতাধিক জোৱানে দিনে ৰাতিয়ে লাগি অৱশেষত ভয়ানক অগ্নিকাণ্ডৰ জুই নিৰ্বাপিত কৰে। এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৩০ কোটি টকাৰ ক্ষয়ক্ষতি হৈছে। উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰীতে অগ্নিকাণ্ড টি সংঘটিত হৈছিল। অগ্নিকাণ্ড নিৰ্বাপিত হ’ল যদিও বৰ্তমানো ভয়ংকৰ ঘটনা টো ৰহস্যৰ আৱৰ্তত আছে।মৰিগাঁও জিলা উপায়ুক্ত গৰাকীৰ পৰা আৰম্ভ কৰি স্হানীয় ৰাইজলৈ সকলোৱে অগ্নিকাণ্ড টি স্বাভাবিক বুলি মানি লব পৰা নাই। কিয়নো স্বাভাবিক ভাৱে অগ্নিকাণ্ডৰ সংঘটিত হব পৰা কোনো সাম্ভাব্য কাৰণেই বিছাৰি পোৱা নাই কোনো লোকে। আনকি ইলেকট্ৰিক চৰ্টচাৰ্কিটৰ দৰে সম্ভাৱনাৰ পৰাও নিৰাপদ আছিল জেচি আই গুদামটো । সেয়ে এনে দূৰ্ঘটনাৰ সম্ভাৱনা নুই কৰি স্হানীয় একাংশ লোকে জেচিআই গুদাম টোৰ প্ৰৱন্ধক গৰাকীৰ সৈতে থকা একাংশ লোকৰ অন্তকন্দলেই অগ্নিকাণ্ডৰ মুল কাৰণ বুলি দাবী কৰিছে সংবাদ মাধ্যমত। আন একাংশই দাবী কৰিব বিচাৰে যে এয়া গুদাম টোৰ প্ৰৱন্ধক গৰাকীৰহে চক্ৰান্ত। কিয়নো বিভিন্ন লোকক পৰা অধিক মৰাপাট ক্ৰয় কৰা ভুৱা তথ্য প্ৰস্তুত কৰি নিজে বাচিবৰ বাবে এনে কাণ্ড কৰাৰ স্হল আছে । উল্লেখ্য যে আজিৰ পৰা দুই তিনি মাহৰ আগৰ পৰা একাংশ লোকে মৰাপাট নিগমৰ গুদামটোৰ প্ৰৱন্ধক গৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি আহিছিল। অভিযোগকাৰীৰ সৰহ সংখ্যকেই আছিল ব্যৱসায়ী। জেচিআই কৰ্তৃপক্ষই নিয়ম মতে কৃষকৰ পৰা মৰাপাট ক্ৰয় কৰিব লাগে যদিও কোনো ক্ষুদ্ৰ উপান্ত কৃষকৰ মৰাপাট কেন্দ্ৰ টোত ক্ৰয় কৰা হোৱা নাছিল। তেনে কৃষকে বিক্ৰী কৰিবলৈ নিয়া মৰাপাটৰ গুণাগুণ অতি নিম্ন মানৰ বুলি কৈ কৃষক সকলক বিমুখ কৰাৰ বিপৰীতে বৃহৎ ব্যৱসায়ী সকলক প্ৰাধান্য দিছিল। যাৰ বাবে ক্ষুদ্ৰ কৃষক সকলৰ পাট নিগমৰ কেন্দ্ৰ টোৰ সৈতে সম্পৰ্কই নাছিল। তেওঁলোকে মৰাপাট বিক্ৰী কৰিছিল বজাৰত। ফলত কৃষকৰ পৰিবৰ্তে কেন্দ্ৰ টোত ভিৰ কৰিছিল একাংশ ব্যৱসায়ীয়ে। বৃহৎ ব্যৱসায়ী সকলে একাংশ কৃষকক কৃষক সজাই তেওঁলোকৰ একাউণ্টৰ জৰিয়তে মৰাপাট নিগমত বিক্ৰী কৰা মৰাপাটৰ টকা সংগ্ৰহ কৰিছিল। তাৰ বিনিময়ত ছদ্মবেশী কৃষক একাউণ্টৰ মালিক সকলক বৃহৎ ব্যৱসায়ী সকলে কমিচন দিছিল। শেহতীয়াকৈ একাংশ সৰু ব্যৱসায়ীয়েও কেন্দ্ৰ টোত মৰাপাট বিক্ৰী কৰাৰ চেষ্টা কৰে যদিও বৃহৎ ব্যৱসায়ী সকলৰ প্ৰাধান্যতাৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ী সকল ব্যৰ্থ হৈ প্ৰৱন্ধক গৰাকীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছিল। ক্ষেত্ৰ ভিত্তিক তদন্তত আৰু এটা কথা পোহৰলৈ আহে যে পূৰ্বে বহু একাধিক বাৰ কেন্দ্ৰ টোত মৰাপাট বিক্ৰীক কেন্দ্ৰ কৰি প্ৰৱন্ধক গৰাকীৰ সৈতে বিতৰ্ক কৰি একাংশই উত্তপ্ত পৰিস্হিতিৰ সৃষ্টি কৰিছিল। এনেক্ষেত্ৰত মৰাপাট নিগমৰ গুদামটোৰ অগ্নিকাণ্ড স্হানীয় লোকে অভিযোগ কৰাৰ দৰে যদি পৰিকল্পিত হয় তেন্তে প্ৰৱন্ধক গৰাকীৰ ভুল নীতি তথা প্ৰৱন্ধক গৰাকীৰে একাংশৰ যি অন্তকন্দল আছিল তাৰেই পৰিণতি বুলি সন্দেহ কৰাৰ যথেষ্ট স্হল আছে। অৱশ্যে আৰক্ষীয়ে সমগ্ৰ অগ্নিকাণ্ড টোৰ তদন্ত কেনেভাৱে আগবঢ়াই নিয়ে সেয়া লক্ষনীয় হব ।

প্ৰেৰক আবুল কালাম

You might also like