নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশান্তজৰ্জৰ মণিপুৰত হিংসা : উগ্রপন্থীৰ ভয়াৱহ আক্রমণত ৯জন লোকৰ মৃত্যু

বিশেষ বাৰ্তা, ১৪ জুনঃ পুনৰ অশান্ত মণিপুৰ৷ গোষ্ঠীগত সংঘর্ষত জৰ্জৰ মণিপুৰত হিংসাত্মক কার্যকলাপ বৃদ্ধি পাইছে৷ সোমবাৰে নিশা খামেনলক অঞ্চলত উগ্রপন্থী আৰু গাঁওবাসীৰ মাজত হোৱা সংঘর্ষত ৯জন লোক আহত হোৱাৰ পিছত আজি পুৱতি নিশা উক্ত অঞ্চলত উগ্রপন্থীয়ে গাঁওখন ঘেৰি স্বয়ংক্রিয় অস্ত্রৰে চলোৱা আক্রমণত মহিলাসহ ৯জন লোক নিহত হয়। আহত হয় অতি কমেও ১০জন লোক৷ আহতসকলক ইম্ফলৰ চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷  কেইবাজনো গুলীবিদ্ধ লোকৰ অৱস্থা সংকটজনক৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, নিহত মৃতদেহত কটা দাগৰ চিন থকাৰ লগতে গুলী লগা চিহ্ণও আছে৷ ইয়াৰ সমান্তৰালকৈ উক্ত অঞ্চলতে কুকি উগ্রপন্থীৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘর্ষ হয়৷ এই সংঘর্ষত হতাহতৰ সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই৷ উল্লেখ্য যে যোৱা ৩ মে’ত গোষ্ঠীগত সংঘর্ষৰ সূত্রপাত হৈ মাহ ধৰি মণিপুৰ অশান্ত হৈ আছে৷ ৰাজ্যখনৰ ১৬খন জিলাৰ ১১খনত সান্ধ্য আইন এতিয়াও অব্যাহত আছে৷ বাকী সান্ধ্য আইন প্রত্যাহাৰ কৰা পাঁচখন জিলাত পুনৰ সান্ধ্য আইন বলৱৎ কৰিছে৷ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে সান্ধ্য আইন শিথিল থাকিলেও নিশা কঠোৰভাৱে বলৱৎ কৰা হৈছে সান্ধ্য আইন৷ মন কৰিবলগীয়া যে ৰাজ্যখনৰ অজনজাতি মেইটেই সম্প্রদায়ক জনজাতিৰ মর্যাদা প্রদান কৰাৰ বাবে মণিপুৰ উচ্চ ন্যায়ালয়ে অনুমতি জনোৱাৰ পিছতেই যোৱা ৩ মে’ত জনজাতীয় সংগঠনে প্রতিবাদী সমদল উলিয়ায়৷ এই প্রতিবাদী সমদলৰ সময়ত চুৰাচন্দ্রপুৰ জিলাত হিংসাত্মক কার্যকলাপ সংঘটিত হয়৷ লগে লগেই এই হিংসাত্মক কার্যকলাপ ৰাজ্যখনত গোষ্ঠীগত সংঘর্ষলৈ ৰূপান্তৰিত হয়৷ মেইটেই সম্প্রদায় আৰু কুকি সম্প্রদায়ৰ মাজত সংঘর্ষই সমগ্র ৰাজ্যখনতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ মাহজোৰা হিংসাত্মক কার্যকলাপত প্রায় ১০০জন লোকৰ প্রাণহানি হোৱাৰ লগতে তিনি শতাধিক লোক আহত হয়৷ ৫০ হাজাৰৰো অধিক লোক গৃহহীন হৈ শৰণার্থী হিচাপে আশ্রয় শিবিৰত থাকিবলগীয়া হৈছে৷

You might also like