ডেনমার্কৰ সাহায্য পুঁজিৰে কলিয়াবৰত ক’ভিড চিকিৎসালয়
ভাৰতত নির্মিত প্রথমখন স্থায়ী ক’ভিড হাস্পতাল উদ্বোধন
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ডেনমার্কৰ সাহায্যৰে ভাৰতত নির্মিত প্রথমখন স্থায়ী ক’ভিড চিকিৎসালয় দেওবাৰে কলিয়াবৰৰ উলুৱনিত মুকলি কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ অক্সিজেনযুক্ত ৫৪খন বিছনাসমৃদ্ধ ক’ভিড চিকিৎসালয় মুকলি কৰি স্বাস্থ্যমন্ত্রী মহন্তহ কয় যে ক’ভিড এতিয়া নিঃশেষ হোৱাৰ পথত৷ উল্লেখ্য যে ডেনমার্কস্থিত নৱ নর্ডিস্ক ফাউণ্ডেচনে ভাৰত চৰকাৰলৈ সাহায্য হিচাপে প্রদান কৰা চিকিৎসালয়খন নির্মাণত জড়িত হৈছিল অসম চৰকাৰৰ লগতে বাংগালুৰুৰ চি কেম্প, হনভেষ্ট হণ্ডিয়া, টাটা ষ্টীল আদি প্রতিষ্ঠান৷ কম সময়ৰ ভিতৰতে চিকিৎসালয়খনৰ নির্মাণ সম্পূর্ণ কৰাত সকলোৱে সন্তুষ্টি প্রকাশ কৰে৷
দেওবাৰে চিকিৎসালয়খন মুকলি উপলক্ষে অনুষ্ঠিত সভাত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ লগতে ডেনমার্কৰ ৰয়েল এম্বেছীৰ প্রতিনিধি জেকব উইলিয়াম আৰু দিল্লী আৰু বাংগালুৰুৰ পৰা অহা ভাৰত চৰকাৰৰ মুদিত নাৰাহন, ৰাহুল নায়াৰ, বিক্রান্ত কাজানচি, চানিদ পাটিল, মনিল খাটৰি, নিৰঞ্জন য’চি, টাচলিমাৰিফ চায়েদ, উত্তম ভট্টাচার্য প্রমুখ্য বহুকেহজন উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷ ক’ভিড চিকিৎসালয়খনৰ উদ্বোধনী অনুষ্ঠানত ডেনমার্কৰ ৰাষ্ট্রদূতেও অনলাহনযোগে অংশ লয়৷ টাটা ষ্টীলৰ লগতে স্থানীয় উদ্যোগী অচ্যুত শহকীয়াই চিকিৎসালয়খনৰ নির্মাণকার্যত সহায় কৰে৷ ডেনমার্কৰ সাহায্যৰে কলিয়াবৰৰ উলুৱনিত নির্মিত ভাৰতৰ ভিতৰতে প্রথম ক’ভিড চিকিৎসালয়খনে আগন্তুক ২৫–৩০ বছৰলৈ ক’ভিডৰ লগতে অন্যান্য ৰোগৰ চিকিৎসা সেৱা আগবঢ়াব পাৰিব বুলি অনুষ্ঠানত উপস্থিত বিষয়াসকলে আশা ব্যক্ত কৰে৷ আনহাতে, উত্তৰ–পূর্বাঞ্চলৰ নাগালেণ্ড আৰু মেঘালয়তো এনে চিকিৎসালয় নির্মাণ হ’ব বুলি ডেনমার্ক ৰয়েল এম্বেছীৰ প্রতিনিধি জেকব উলিয়ামে প্রকাশ কৰে৷