সৰ্থেবাৰীত চৰকাৰী ভূমিত থকা গছ কাটি তহিলং প্ৰব্ৰজিতৰঃ দুষ্কাৰ্যত জড়িতক উপযুক্ত শাস্তিৰ দাবী বিজেপি নেতা ধনমণি ডেকাৰ
নিয়মীয়াবাৰ্তা, ৫ মে: পুনৰ বনজ সম্পদৰ ওপৰত চলিল আক্ৰমণ।দিন দুপৰতে সৰ্থেবাৰী আৰক্ষী থানাৰ কাষতে চলিল প্ৰকৃতি ধ্বংস যজ্ঞ।আৰক্ষীকো কেৰেপ নকৰে প্ৰকৃতি ধ্বংসকাৰীয়ে।সৰ্থেবাৰীত দিন দুপৰতে চৰকাৰী ভূমিত থকা গছ কাটি তহিলং কৰিলে কাঠ বেপাৰী আৰু প্ৰব্ৰজিত দুস্কৃতিকাৰীয়ে।এডালৰ পিছত এডালকৈ কাটিলে বৃহৎ বৃহৎ গছ।বাহুবলেৰে চলাইছে তাণ্ডৱ।নিষ্ঠুৰ ভাবে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই মেচিনেৰে কাটি টুকুৰা টুকুৰ কৰিলে বহু বছৰীয়া গছবোৰ।বৰপেটা জিলা বাণিজ্য আৰু উদ্যোগ বিভাগৰ অধীনত সৰ্থেবাৰীত থকা সামূহিক সেৱা কেন্দ্ৰৰ পিছপিনে থকা পুখুৰীৰ মথাউৰিত আছিল বহু কেইজোপা পুৰণি গছ।ফৰমান আলী নামৰ প্ৰব্ৰজিত লোক জনে অবৈধভাৱে পুখুৰীৰ পাৰত থকা গছবোৰ এমুৰৰ পৰা কাটি তহিলং কৰে।ভক্তৰডবাৰ ফৰমান আলীয়ে বাপুনপাকাৰ কাঠ বেপাৰী অনন্ত মণ্ডল ওৰফে নটলৰ সহযোগত গছবোৰ এইদৰে কাটি তহিলং কৰিছে।ইতিমধ্যেই সৰ্থেবাৰী আৰক্ষীয়ে গছ কাটি থাকোতেই মেচিন সহ অনন্ত মন্ডল আৰুতিনি সহযোগীক আটক কৰিছে।অবশ্যে সম্প্ৰতি পলাতক হৈ আছে ফৰমান আলী।ইপিনে ফৰমান আলিৰ লগত সৰ্থেবাৰীৰো এগৰাকী লোক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।বহু বছৰ পুৰণি গছবোৰ কাটি অনন্ত মণ্ডলে গোপনে কাঠ কৰি বিক্ৰী কৰাৰ পৰিকল্পনাৰে গছবোৰ কটাৰ অভিযোগ উত্থাপন হৈছে।উল্লেখ্য যে সাংবাদিক নকুল তালুকদাৰৰ তৎপৰতাত আৰু বহু কেইজোপা গছ কটাৰ পৰা ৰক্ষা পৰে।আৰু দুজোপা মুল্যবান গছ কটাৰ পৰিকল্পনা আছিল ফৰমান আলী আৰু অনন্ত মণ্ডলৰ।সাংবাদিক নকুল তালুকদাৰে নিজ হাতে ৰোপণ কৰাৰ বহু গছ আছে এই স্থানত।আৰু আজি দিন দুপৰতে গছবোৰ কাটি তহিলং কৰাৰ সাহস কৰিলে ফৰমান আলী আৰু অনন্ত মণ্ডলে।উল্লেখ্য যে অনন্ত মণ্ডল এগৰাকী অবৈধ কাঠবেপাৰী। ৰাজহুৱা স্থানৰ গছ কাটি তহিলং কৰা এই সকল লোকক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন হৈছে।এইদৰে দিন দুপৰতে মেছিন লগাই চৰকাৰী ভূঞাৰ গছ কাটি তহিলং কৰি প্ৰকৃতিৰ ওপৰত তাণ্ডব চলোৱা কাৰ্যক তীব্ৰ গৰিহণা দিছে পাকা বেতবাৰী মণ্ডল বিজেপিৰ সভাপতি ধনমণি ডেকাই।লগতে এই দুস্কাৰ্যত জড়িত সকলক উপযুক্ত শাস্তি প্ৰদান কৰাৰো দাবী উত্থাপন কৰে বিজেপি নেতা ধনমণি ডেকাই।
প্ৰেৰক নকুল তালুকদাৰ