নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱার্মআপ মেচৰ বাবে গুৱাহাটীত শ্রীলংকা-বাংলাদেশৰ দল

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ অসমৰ ক্রিকেট অনুৰাগীয়ে আইচিচি এদিনীয়া বিশ্বকাপ ক্রিকেটৰ মূল মেচ স্বচক্ষে প্রত্যক্ষ কৰিব নোৱাৰিলেও আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ৱার্মআপ মেচ ষ্টেডিয়ামত বহি উপভোগ কৰাৰ স্মৃতি সজীব কৰি ৰাখিব পাৰিব৷ ইখনৰ পিছত সিখন আন্তর্জাতিক এদিনীয়া আৰু টি–২০ মেচ সফলতাৰে আয়োজন কৰাত বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত আইচিচি এদিনীয়া বিশ্বকাপৰ মেচ অনুষ্ঠিত হ’ব বুলি উত্তৰ–পূবৰ অনুৰাগীয়ে বাট চাই আছিল৷ কিন্তু বিভিন্ন অসুবিধাৰ বাবে গুৱাহাটীয়ে লাভ নকৰিলে এদিনীয়া বিশ্বকাপৰ মেচৰ আয়োজন৷ কিন্তু উত্তৰ–পূবৰ অনুৰাগীৰ আশাক নিৰাশ নকৰি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে বিশ্বকাপৰ চাৰিখনকৈ ৱার্মআপ মেচ গুৱাহাটীত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰাত ক্রিকেট অনুৰাগীসকল কিছু পৰিমাণে হ’লেও উৎসাহিত হৈ পৰে৷ অনানুষ্ঠানিক মেচ হ’লেও ক্রিকেট অনুৰাগীসকলে ষ্টেডিয়ামত বহি নিজ পছন্দৰ খেলুৱৈক চোৱাৰ বাবে ইতিমধ্যে টিকট ক্রয় কৰিছে৷ দিন চমু চাপি অহাৰ লগে লগে অনুৰাগীৰ মাজত ক্রমান্বয়ে বাঢ়ি আহিছে মেচ উপভোগ কৰাৰ উদ্দীপনা৷ অহা ৫ অক্টোবৰৰ পৰা ভাৰতত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ চাৰিখনকৈ ৱার্মআপ মেচ গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ৱার্মআপ মেচকেইখন অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে সম্পূর্ণৰূপে সাজু কৰি তোলা হৈছে বর্ষাপাৰা ক্রিকেট ষ্টেডিয়াম৷ ৱার্মআপ মেচত ভাগ লোৱাৰ উদ্দেশ্যে আজি শ্রীলংকা আৰু বাংলাদেশ ক্রিকেট দলদুটাই গুৱাহাটীত উপস্থিত হৈছে৷ দুয়োটা দলে শুকুৰবাৰে হ’বলগীয়া প্রথমখন ৱার্মআপ মেচত ভাগ ল’ব৷ অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে আজি সংবাদ মাধ্যমৰে হোৱা বার্তালাপত কয় যে কিছু অসুবিধাৰ বাবে আমি বিশ্বকাপৰ মূল মেচ আয়োজনৰ সুযোগ লাভ নকৰিলেও চাৰিখন ৱার্মাআপ মেচ আয়োজনৰ সুযোগ পাইছোঁ৷ আমাৰ আন্তঃগাঁথনিক লৈ বিভিন্ন সময়ত প্রশ্ণ উঠে৷ কিন্তু এইবোৰ আমি বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিক দেখুৱাই দিব বিচাৰোঁ আমাৰ আন্তঃগাঁথনি কিমান উন্নত৷ শনিবাৰে টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত হ’বলগীয়া ৱার্মআপ মেচখনৰ বাবে দর্শকৰ সঁহাৰি আশাব্যঞ্জক বুলি উল্লেখ কৰি এচিএৰ সভাপতিগৰাকীয়ে কয় যে উক্ত মেচখনৰ প্রায় ৩০ হাজাৰ টিকট ইতিমধ্যে বিক্রী হৈছে৷ টীম ইণ্ডিয়া, ইংলেণ্ড, শ্রীলংকা আৰু বাংলাদেশৰ উপৰি গুৱাহাটীত হ’বলগীয়া ৱার্মআপ মেচত অংশ ল’বলগীয়া আনটো দল হ’ল আফগানিস্তান৷ ইংলেণ্ড, বাংলাদেশ আৰু শ্রীলংকাই দুখনকৈ ৱার্মআপ মেচত ভাগ ল’ব৷ শুকুৰবাৰে হ’বলগীয়া প্রথমখন ৱার্মআপ মেচত অংশ ল’বলগীয়া শ্রীলংকা আৰু বাংলাদেশে বর্ষাপাৰা আৰু আমিনগাঁৱত অনুশীলন কৰিব৷ ২ অক্টোবৰত ইংলেণ্ডে বাংলাদেশ আৰু ৩ অক্টোবৰত শ্রীলংকাই আফগানিস্তানৰে ৱার্মআপ মেচত ভাগ ল’ব৷

You might also like