বিশেষ বাৰ্তা, ২৪ জুনঃ নিৰাশাৰ মাজতে আশাৰ ৰেঙনি লৈ অসমৰ সাহিত্য জগতলৈ সুখবৰ কঢ়িয়াই আনিলে পাঁচ অসমীয়াই৷ কালি ঘোষিত সাহিত্য অকাডেমিৰ যুৱ আৰু শিশু সাহিত্য শিতানত পুৰস্কাৰপ্রাপ্তিৰে ৫গৰাকী অসমীয়াই ৰাজ্যখনৰ নাম উজলাই তুলিলে ৷ সাহিত্য অকাডেমিয়ে ঘোষণা কৰা যুৱ পুৰস্কাৰ শিতানত অসমীয়া ভাষাত লেখক জিন্তু গীতার্থ, নেপালী ভাষাত কবি নেইনা অধিকাৰী আৰু বড়ো ভাষাত লেখিকা মাইনাওশ্রী দৈমাৰীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে শিশু সাহিত্য শিতানত অসমীয়া ভাষাত সাহিত্যিক ৰথীন্দ্র নাথ গোস্বামী আৰু বড়ো ভাষাত লেখিকা প্রতিমা নন্দী নার্জাৰীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ জিন্তু গীতার্থই ‘মন মৰা তৰা’ শীর্ষক চুটিগল্প সংকলনটোৰ বাবে বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে নেইনা অধিকাৰীয়ে নেপালী ভাষাত ‘ঘাত–প্রতিঘাতকা উদগাৰহৰু’ শীর্ষক কাব্য সংকলন আৰু মাইনাওশ্রী দৈমাৰীয়ে ‘সোম, জিউ আৰো’ শীর্ষক বড়ো ভাষাৰ কাব্য সংকলনটিৰ বাবে সাহিত্য অকাডেমিৰ যুৱ সাহিত্য বঁটাৰ বাবে বিবেচিত হয়৷ একেদৰে বিশিষ্ট সাহিত্যিক ৰথীন্দ্রনাথ গোস্বামীয়ে ‘পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান’ শীর্ষক শিশু উপন্যাসখনৰ বাবে অকাডেমিত শিশু সাহিত্য পুৰস্কাৰ লাভ কৰাৰ লগতে প্রতিমা নন্দী নার্জাৰীয়ে বড়ো ভাষাত প্রকাশিত ‘গ’সাইনি গোজোন নোজোৰ’ (ভগৱানৰ সুদৃষ্টি) শীর্ষক চুটিগল্পৰ সংকলনৰ বাবে বঁটাটি লাভ কৰে৷ অসমীয়া ভাষাত সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ লাভ কৰা লেখক জিন্তু গীতার্থ সম্প্রতি সন্দিকৈ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপকৰূপে কর্মৰত৷ ঘোষিত বঁটাটোৰ পাছত সন্তুষ্টি প্রকাশ কৰি লেখক জিন্তু গীতার্থই ‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা কথা–বতৰাত জীৱনৰ এয়া চৰম প্রাপ্তি বুলি মন্তব্য কৰে৷ তেওঁ কয় যে এইখন কিতাপৰ বাবে ইমান সোনকালে এনেদৰে ইমান ডাঙৰ বঁটা পাম বুলি ভবা নাছিলোঁ৷ সাহিত্য অকাডেমিৰ বঁটাৰ প্রতি আকর্ষণ সকলোৰে থাকে৷ তাৰ মাজতো মোৰ প্রতি আগবঢ়োৱা এই সন্মান বহু ডাঙৰ কথা৷ ২০২০ চনত প্রকাশিত ‘মন মৰা তৰা’ শীর্ষক চুটিগল্প সংকলনটোত মুঠ ১২টা বিভিন্ন থিমৰ গল্প আছে বুলি তেওঁ লগতে কয়৷ উল্লেখ্য যে জনপ্রিয় আলোচনী ‘প্রকাশ’ আদিকে ধৰি কেইবাখনো আলোচনী–বাতৰিকাকত নিয়মীয়াকৈ গল্প লিখা জিন্তুৱে গল্প লিখিবলৈ আৰম্ভ কৰোঁতে প্রথমে প্রকাশ আলোচনীতে নিজৰ গল্প দিছিল বুলি কয়৷ বর্তমানে এখন উপন্যাসৰ কামত জড়িত থকা লেখকগৰাকীয়ে ভৱিষ্যতে কেইবাটাও পৰিকল্পনা আছে বুলি জানিবলৈ দিয়ে৷ জনপ্রিয় শিশু আলোচনী ‘মৌচাক’, ‘নতুন আৱিষ্কাৰ’ত এসময়ত সহঃ সম্পাদকৰূপে কর্মৰত যোৰহাটৰ ৰথীন্দ্র নাথ গোস্বামী শিশু সাহিত্যৰ ক্ষেত্রখনত এক চিনাকি নাম৷ বর্তমানে তেল আৰু প্রাকৃতিক গেছ নিগমৰ ডেৰাডুনৰ কার্যালয়ৰ ভূ–তত্ত্ব বিভাগৰ মুখ্য মহাপ্রবন্ধকৰূপে কর্মৰত গোস্বামীয়ে কার্যালয়ৰ ব্যস্ততাৰ মাজতো শিশু সাহিত্যৰ ক্ষেত্রখনত নিজৰ সৃষ্টিৰাজি অব্যাহত ৰাখিছে৷ চিচিং, বিদেশী বন্ধুৰ দেশত, কিনকিনিৰ বিদ্রোহ, অংক জংক পংক আদিকে ধৰি কেইবাখনো জনপ্রিয় শিশুগ্রন্থ ৰচনা কৰা গোস্বামীয়ে এই সুখবৰ লাভৰ পিছতে সাহিত্য অকাডেমি কর্তৃপক্ষক আন্তৰিক ধন্যবাদ জনাইছে৷ এই সফলতাৰ বাবে মৌচাক আলোচনীৰ প্রতিষ্ঠাপক সম্পাদক শান্তনু তামুলীক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয়– শান্তনু তামুলীৰ প্রেৰণাতে মৌচাকত চিচিঙৰ কাহিনীলানি প্রকাশ কৰিবলৈ সুযোগ পাইছিলোঁ৷ চিচিঙৰ কাহিনী আজি ৩০ বছৰ হ’ল৷ শিশুৰ মাজত এটা বেলেগ স্থান চিচিঙে ল’লে৷ যাৰ বাবে আজিও প্রতিজন শিশুৱে এটা নতুন কাহিনী চিচিঙক লৈ ৰচিছে৷ অকল ৰচনা কৰাতেই ক্ষান্ত নাথাকি চিচিঙৰ কাহিনীক ভাৰতবর্ষৰ বিভিন্ন ঠাইলৈ নিছে৷ এজন লেখক হিচাপে এয়া মোৰ বাবে ডাঙৰ পুৰস্কাৰ৷ জনপ্রিয় চৰিত্র চিচিঙে মোৰ বাবে অৱশেষত সুখবৰটো কঢ়িয়াই আনিলে৷ চলিত বর্ষৰ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ আৰু শিশু সাহিত্যৰ পুৰস্কাৰ শিতানত ৰাজ্যখনৰ নাম উজলাই তোলা ৫গৰাকী যশস্বী সাহিত্যিকক আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীয়ে সাহিত্য অকাডেমিৰ বিভিন্ন গুৰুত্বপূর্ণ শিতানৰ সন্মানীয় বঁটাৰে বিভূষিত ৰাজ্যৰ প্রতিগৰাকী বঁটাপ্রাপকে অসমৰ ভাষা–সাহিত্যৰ জগতখনক সমৃদ্ধ কৰিছে বুলি মন্তব্য কৰে৷