যুদ্ধবিধ্বস্ত ইউক্ৰেইনত নগৰবেৰাৰ পাঁচ শিক্ষাৰ্থীঃ যোগাযোগ বিচ্ছিন্ন, মাতৃৰ হিয়াভঙা কান্দোন
সঞ্জীৱ কুমাৰ দাস, নগৰবেৰা, ৫ মাৰ্চঃ একমাত্ৰ কান্দোনৰ ভাষাই হেনো বিশ্বজনীন! সেয়ে চকুপানীৰে ইউক্ৰেইনত আবদ্ধ পুত্ৰৰ নিৰাপত্তাৰ আবেদন পাঁচ গৰাকীকৈ মাতৃৰ |নগৰবেৰাত পাঁচগৰাকী দুখীনী মাতৃৰ ৰাউচি জোৰা কান্দোনৰ ৰোলে সকলোকে মৰ্মাহত কৰিছে| ক্ৰমে জাকাৰিয়া হুছেইন, আৰিফ মাহফুছ চিদ্দিকি, চাহিল আনোৱাৰ, হাচানুল ইছলাম আৰু ফাৰুক আব্দুল্লা-এই পাঁচ গৰাকীকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ সম্প্ৰতি আৱদ্ধ হৈ আছে যুদ্ধ বিধ্বস্ত ইউক্ৰেইন’ৰ ’চুমি ইউনিভাৰ্চিটি’ত|
শেহতীয়াকৈ আটাইৰে যোগাযোগ বিচ্ছিন্ন। জানিব পৰা মতে ভীষণ খাদ্য সংকট ,জলসংকটত জুৰুলা আটাইকেইজন শিক্ষাৰ্থী| ছাত্ৰাবাসৰ কাষতে ঘটা বোমা বিস্ফোৰণত বিদ্যুৎ আৰু মোবাইল নেটৱৰ্ক পৰ্যন্ত সমূলি বিঘ্নিত হৈ পৰাত দুদিনৰে পৰা পৰিয়ালৰ কোনেও ছাত্ৰ কেইজনৰ কোনো খৱৰ পোৱা নাই| সেয়ে উৎকণ্ঠিত প্ৰতিগৰাকী পিতৃ-মাতৃ, দিন নাযায় ,ৰাতি নুপুৱায় অৱস্থা| পাঁচ পিতৃয়ে পুত্ৰৰ কুশল-মঙ্গল কামনাৰে সময় কটাইছে দোৱা-মোনাজাতেৰে, সমান্তৰালকৈ বন্ধ কোঠাত দুখুনী পাঁচ মাতৃয়েও কান্দিছে ৰাউচি জুৰি।চকুপানীৰ ভাষাৰে আবেদন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পুত্ৰৰ নিৰাপত্তাৰ সুনিশ্চিতি কামনাৰে |