নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিৰ পৰা নিৰুদ্দিষ্ট ৫ ছাত্ৰক শিলচৰত উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : সমগ্ৰ ৰাজ্যকে কপাই যোৱা ধেমাজিৰ পৰা নিৰুদ্দেশ হোৱা পাঁচগৰাকী ছাত্ৰক অৱশেষত আজি পুৱা শিলচৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হয়। নৱম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ দশম শ্ৰেণীলৈ যোৱা সকলো নাবালক ছাত্ৰই পিতৃ-মাতৃক অৱগত নকৰাকৈ মিজোৰামৰ ৰাজধানী আইজল ভ্ৰমণৰ পৰিকল্পনা কৰিছিল। ছুটীত ওলাই অহা এই পাঁচজন ছাত্ৰৰ লগত দুখন গীটাৰ লৈছিল আৰু এনজয় মুডত আছিল। আজি কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই এই কথা সদৰি কৰিছে৷ মাহাত্তাই কয় যে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নিৰ্দেশ অনুসৰি এই পাঁচজন ছাত্ৰক আজি গুৱাহাটীলৈ ঘূৰাই পঠিওৱা হ’ব আৰু তাৰ পৰা ধেমাজি আৰক্ষীৰ দলটোৱে দায়িত্ব ল’ব আৰু পিতৃ-মাতৃৰ হাতত ঘূৰাই দিব। উল্লেখ্য, ধেমাজি জিলা বৰদলনি লিটিল গড় মডেল স্কুলৰ ৫ ছাত্ৰ নিৰুদ্দেশ হৈছিল। নৱম শ্ৰেণীৰ পাঁচ ছাত্ৰ নিৰুদ্দেশ হৈছিল। ১৩ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈছিল ছাত্ৰকেইগৰাকী। ছাত্ৰকেইগৰাকী হ’ল অংকুৰজ্যোতি গগৈ (১৫) গোগামুখ, ভবেশ গগৈ (১৫) গোগামুখ, ইগাংকু দত্ত (১৫) বৰদলনি, ৰক্তিম মুখীয়া (১৫) বৰদলনি আৰু লোপেন্দ্র সোণোৱাল (১৫) বৰদলনি। ধেমাজিত চাঞ্চল্যকৰ ঘটনা। বৰদলনি লিটল গড় মডেল স্কুলৰ ৫ ছাত্ৰ বিদ্যালয়লৈ যোৱাৰ পথত সন্ধানহীন হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like