নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপৰিৱৰ্তিত লখিমপুৰৰ বান পৰিস্থিতি : বিপদসীমাৰ ওপৰেৰে বৈছে সোৱণশিৰি

বিশেষ বাৰ্তা, ১৫ জুনঃ লখিমপুৰৰ বান পৰিস্থিতিৰ আজি কোনো উন্নতি হোৱা দেখা পোৱা  নাই। বছৰটোৰ প্ৰথমটো বানত চিঙা শিঙৰা নৈৰ মথাউৰিয়েদি বোৱা প্ৰৱল সোঁতত  নাওঁবৈছা ৰাজহচক্ৰৰ ন ন অঞ্চল প্লাৱিত হৈ আছে। নাওবৈছা ৰাজহচক্ৰৰ অন্তগৰ্ত বালিটিকা, শলমৰীয়া, ৰাজআলি, কোঁৱৰপুৰ, বিষ্ণুপুৰ, শলমৰীয়াত আজিও হাহাকাৰ পৰিস্থিতি। পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীখনৰ পানীয়ে জনবসতি অঞ্চল সমুহৰ লগতে পথাৰ অঞ্চল সমুহ বুৰাই পেলাইছে। বানাক্ৰান্ত ৰাইজে বিদ্যালয়, ওখ পথত আশ্ৰয় গ্ৰহণ কৰিছে। বানপানীয়ে আজি পোটনদলনী, দৰঙীয়া, বালিজান, বৰচলা, চমাৱাকে ধৰি বহু ন ন গাওঁ প্লাৱিত কৰিছে।এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানে বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ কায্য অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে আক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি আছে। লখিমপুৰৰ বিধায়ক মানৱ ডেকাই মূখ্যমন্ত্ৰীৰ নিৰ্দ্দেশ মতে বানাক্ৰান্তৰ সমস্যাৰ বুজ লোৱাৰ লগত নাওবৈচাৰ বিধায়ক ভৰত নৰহে বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি ৰাইজৰ সমস্যাৰ বুজ লৈছে।সাংসদ প্ৰদান বৰুৱায়ো বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ তৎপৰতাৰে ব্যবস্থা গ্রহণ কৰিছে। লক্ষ্যনীয় যে ধাৰাসাৰে হৈ থকা বৰষুণৰ বাবে বান পৰিস্থিতি ৰ অধিক অৱনতি ঘটিছে। জিলাখনৰ প্ৰায়বোৰ নদীৰ জলপৃষ্ঠ বিপদজ্জনক ভাৱে বৃদ্ধি পাইছে। ঘন চৰাই এলেকাত সোৱণশিৰি নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ১২ মিলিমিটাৰ ওপৰেৰে বৈ আছে। ব্ৰহ্মপুত্ৰৰ পানীয়ে জামুগুৰিত বিপদসীমা স্পৰ্শ কৰিবলৈ মাথো ১৫ মিলিমিটাৰ বাকী আছে। তেনেদৰে জিলাখনৰ ৰঙানদী, ডিক্ৰং, বগীনদী, পাভ, দোৰপাং, পিছলা আদি নৈ সমুহৰ বিপদজ্জনকভাৱে বাঢ়ি অহা জলপৃষ্ঠই বিপদ সীমাৰ ওচৰ চাপিছে।জিলা প্ৰশাসনৰ তথ্য মতে কালি সন্ধ্যা পৰ্যন্ত জিলা খনত ১৭খন গাও বানৰ কবলত পৰিছে। ২০,৭৬৮ জন ক্ষতিগ্ৰস্ত হৈছে বানৰ কবলত। বানাক্ৰান্ত এলেকাৰ ৪.৫০ হেক্টৰ শষ্য ক্ষেত্র বিনষ্ট হৈছে। অলেখ পশুধন হানি হৈছে।জিলাখনৰ নাৰায়ণ পুৰ, বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ, কদম আদি ৰাজহ চক্রত হোৱা বানৰ কবলত বহু পথ, বান্ধ, মথাউৰি, পুল, দলং আদিৰ ক্ষতি হৈছে। বতৰৰ অৱস্থা অপৰিবৰ্তিত হৈ থাকিলে অচিৰেই জিলা খন জটিল বান সংকটত পৰাৰ আশংকাই দেখা দিছে।

প্ৰেৰক জীৱন গোস্বামী

You might also like