নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ শিৱসাগৰ জিলাক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ইতিমধ্যে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ তেনে সময়তে গৌৰৱোজ্জ্বল আহোম ৰাজত্বকালৰ স্বাক্ষৰ বহন কৰা ৰংঘৰ আৰু তলাতল ঘৰৰ চাৰিওকাষ আগতীয়া বাৰিষাৰ বৰষুণজাকত জলমগ্ন হৈ পৰা কথাত শিৱসাগৰৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এচিয়াৰ প্ৰথম ক্ৰীড়া পেভিলিয়ন হিচাপে গুৰুত্ব লাভ কৰা ৰংঘৰ বাকৰি একপ্ৰকাৰ জলাশয়লৈ ৰূপ লোৱা এই দৃশ্য দেখি শিৱসাগৰবাসী ৰাইজৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা পৰ্যটকসকল আশ্বৰ্যচকিত হৈ পৰিছে৷ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮ চনত প্ৰথমে কাঠ আৰু বাঁহেৰে এই ৰংঘৰ নিৰ্মাণ কৰিছিল যদিও পূূূূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ চনত৷ ৰংঘৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল৷ বিশেষকৈ বৰালি মাছ, বৰা চাউল, হাঁহ কণী, মাটি মাহকে ধৰি অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণৰ লগতে মাটিৰে তৈয়াৰী বিশেষ ইটাৰ দ্বাৰা নিৰ্মাণ কৰিছিল৷ ইয়াৰ দেৱালসমূহত দেৱ-দেৱীৰ, সিংহ, হাতী আদি বিভিন্ন চিত্ৰ অংকন কৰা হৈছিল৷ হাঁহ কণীসদৃশ এই পেভিলিয়নত একেলগে বহি আহোম ৰাজপৰিয়ালে উপভোগ কৰিছিল বিভিন্ন ধৰণৰ খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূৰ্ত৷ এনে এটি ঐতিহাসিক সম্পদৰ অস্তিত্বলৈ অহা সংকট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে, টাইপাই বাৰম্বাৰ শিৱসাগৰ জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই আহিছে৷ কেন্দ্ৰীয় পুৰাতত্ব বিভাগকো বহুবাৰ এই সম্পৰ্কত অৱগত কৰা হৈছে৷ ৰংঘৰ বাকৰিৰ এই সাগৰসদৃশ পানী নিষ্কাষণ ব্যৱস্থা কেন্দ্ৰীয় পুৰাতত্ব বিভাগে কৰা উচিত৷ কিন্তু আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল৷ অসমৰ মুখ্যমন্ত্ৰীয়ে ঔম কষ্ট্ৰাকচনৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া বৃহৎ ৰংঘৰ প্ৰকল্পৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি পুঁজি আৱণ্টন কৰিছে৷ এই প্ৰকল্পৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ পূৰ্বে শিৱসাগৰীয়া ৰাইজৰ লগতে দল-সংগঠনৰ পৰাও এই সম্পৰ্কত পৰামৰ্শ বিচাৰিছিল৷ তেতিয়াই অৱগত কৰা হৈছিল যে ৰূপহী পথাৰত পৰিকল্পিতভাৱে যদি ৰংঘৰ প্ৰকল্পৰ কাম নকৰে তেতিয়া বৰষুণৰ পানীয়ে ৰংঘৰৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে৷ যোৱা পাঁচ বছৰতো এনে দৃশ্য শিৱসাগৰীয়া ৰাইজে দেখি আহিছে৷ তাতে শেহতীয়াকৈ ৰূপহী পথাৰত মাটি পেলাই পূৰ্বৰ মেচি জানটোও পুতি পেলোৱা হৈছে৷ সম্পূৰ্ণ বাৰিষাৰ দিনত ৰংঘৰৰ তলৰ মহলাৰ বহু ওপৰলৈকে পানী উঠাৰ এশ শতাংশই সম্ভাৱনা আছে৷ ৰংঘৰৰ এই অৱস্থা অতিকে দুখলগা বুলি আখ্যা দি টাইপাৰ নেতাজনে কয় যে, কেন্দ্ৰীয় পুৰাতত্ব বিভাগ আৰু লোক নিৰ্মাণ বিভাগটো ধিক্কাৰযোগ্য৷ তেওঁ অসম চৰকাৰৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনক উচিত পদক্ষেপৰ আহ্বান জনায়৷ ৰংঘৰৰ সন্মুখৰ আবদ্ধ পানীভাগ যেন অতি শীঘ্ৰেই নিষ্কাষণৰ ব্যৱস্থা কৰে৷ ঐতিহ্যৰ প্ৰতি অহা ভাবুকি দূৰ কৰি ৰংঘৰক সংৰক্ষণ কৰাৰ দাবী জনাই দিগন্ত তামুলীয়ে লগতে কয় যে, ৰংঘৰৰ পানী নিষ্কাষণৰ ব্যৱস্থা থকা মেচি জানৰ ওপৰত অবৈধ নিৰ্মাণ, সংকুচিত ৰূপহী পথাৰ, অৱশিষ্ট ৰূপহী পথাৰত হোৱা নিৰ্মাণকাৰ্যৰ বাবে ৰংঘৰৰ আজি এই দুৰৱস্থা হৈছে৷ ঐতিহাসিক মেচিজানটোৰ পানী ৰূপহীজানত লগ লাগি পানীসমূহ দিখৌত পৰিছিলগৈ৷ এই পুৰণি মেচি জানটোও মুকলি কৰিবলৈ জিলা প্ৰশাসনক দাবী জনায়৷ আনহাতে ১৭০০ চনত স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ-বাঁহেৰে আৰু ৰাজেশ্বৰ সিংহই ১৭৪৪ চনত ৰাজেশ্বৰ সিংহই ইটাৰে পুনৰ নিৰ্মাণ কৰা তলাতল ঘৰৰ সন্মুখৰ পথাৰো আজি বৰষুণৰ পানীৰে প্লাবিত৷¸ কাষতে লাগি থকা খাৰঘৰটোৰো একেই অৱস্থা৷ শিৱসাগৰ দৰ্শন কৰিবলৈ গুৱাহাটী, ধুবুৰী, নলবাৰী, চতিয়াৰ পৰা অহা বহুকেইগৰাকী দৰ্শনাৰ্থীয়েও শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ এই দুৰৱস্থা দেখি দুখ প্ৰকাশ কৰি চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ দ্বাৰা অনুৰোধ জনাইছে৷
প্ৰেৰক প্ৰশান্ত বৰগোহাঁই