নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক লাখৰ পালে মাত্ৰ এটকা : ডেম’ চেক বুকুত বান্ধি ভগ্নঘৰত উচুপনি বজালীৰ মেধিকুছিবাসীৰ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ বিগত বৰ্ষৰ ১৬ জুন তাৰিখটো আছিল বজালীৰ মেধিকুছি গাঁওবাসীৰ বাবে এটা অকল্পনীয় ভয়াবহ দিন সেইদিনা আবেলি ৩ বাজি ৪০ মিনিটত অকস্মাতে পহুমৰা নৈৰ মথাউৰি ভাঙি গাঁওখন নিমিষতে ধংসস্তুপত পৰিণত কৰিছিল। ইয়াৰ পিছতে গাওঁবাসীয়ে নিজৰ সপোনৰ ঘৰখন এৰি কেবাদিন ধৰি লঘোনে ভোকে আশ্ৰয় লবলগীয়া হৈছিল অস্থায়ী শিবিৰত৷ পৰৱৰ্তী সময়ত ৰাইজৰ এই দুখৰ সাক্ষী হৈছিল ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ লোৱাৰ লগতে সহায়ৰ আস্বাস দিছিল৷ সেই অনুসৰি পৰৱৰ্তী সময়ত চৰকাৰৰ তৰফৰ পৰা দুৰ্ভগীয়া পৰিয়ালসকলক এক লাখ আৰু নব্বৈ হাজাৰ টকাকৈ চেক প্ৰদান কৰিছিল যদিও দুৰ্ভাগ্যজনকভাৱে চেকৰ পৰা দুৰ্গত পৰিয়ালসকলে পালে মাত্ৰ এটকাকৈ৷ তাৰ পিছত আজি পাছ মাহে এটা ফুটা কড়িও নাপালে দুৰ্ভগীয়া ৰাইজে। যোৱা আগষ্ট মাহত বানত গৃহহীন হোৱাসকলক জিলা উপায়ুক্ত কাৰ্যালয়লৈ মাতি নি সভা পাতি প্ৰদান কৰা হৈছিল ডেম’ চেক৷ ডেম’ চেক প্ৰদান কৰি কোৱা হৈছিল যে সেইদিনা আবেলিৰ ভিতৰত তেওঁলোকৰ বেংকৰ একাউণ্টত জমা হব প্ৰদান কৰা চেক ধন৷ ইয়াৰ পিছতে বানে গৃহহীন কৰা লোকসকলক ডেম’ চেক প্ৰদান কৰাৰ বাতৰিও পৰিৱেশন হৈছিল প্ৰতিটো সংবাদ মাধ্যমত৷ আশ্চৰ্যজনকভাৱে তেওঁলোকৰ একাউণ্টত সোমাইছিল একা লাখ টকাৰ পৰিৱৰ্তে মাত্ৰ এক টকাকৈ৷ তাৰ পিছত ছমাহ অতিক্ৰম কৰি এতিয়া পুনৰ বাৰিষা আহিবৰ হ’ল, কিন্তু নাপালে প্ৰাপ্য ধনখিনি৷ আজি পৰ্যন্ত চৰকাৰে প্ৰদান কৰা ডেম’ চেক বুকুত বান্ধি বানে বিধ্বস্থ কৰা দুৰ্ভগীয়া ১২টি পৰিয়ালে আজিও অধীৰ আশাৰে ৰৈ আছে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা টকাখিনি পাম পাম বুলি। এতিয়া প্ৰশ্ন হৈছে কাৰ গাফিলতিত প্ৰশাসনে সভা পাতি প্ৰদান কৰা ধন সমূহ ছমাহ অতিক্ৰম কৰাৰ পিছতো দুৰ্ভগীয়া পৰিয়ালসকলে নাপালে৷ খোদ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতো কিয় ৰাইজে এই ধনখিনি নাপালে? মুখ্যমন্ত্ৰী বাৰু এই ক্ষেত্ৰত অৱগত নে? যদি মুখ্যমন্ত্ৰী অৱগত তেন্তে বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিচাৰিছে ৰাইজে৷ আৰু যদি মুখ্যমন্ত্ৰীয়ে নজনাকৈ এই কাণ্ড সংঘটিত হৈছে তেন্তে তাৰ ক্ষীপ্ৰ তদন্ত কৰিবলৈ দাবী জনাইছে দুৰ্ভগীয়া পৰিয়াল কেইটাৰ লগতে বজালীৰ ৰাইজে৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like