নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানত ত্ৰস্ত বজালীবাসী : পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

👉বজালীত প্ৰলয়ংকৰী বানৰ সংহাৰ
👉গভীৰ খাদ্য সংকটত ৰাইজঃ ন ন অঞ্চল প্লাৱিত
👉যন্ত্ৰচালিত নাৱেৰে উদ্ধাৰ কাৰ্য অব্যাহত এছ ডি আৰ এফৰ
👉ছিঙা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰীকাৰ
👉পুৰনি মথাউৰিৰ প্ৰতি বিশ্বাস নাই জলসম্পদ মন্ত্ৰীৰ
👉বান নিয়ন্ত্ৰণৰ বাবে নতুন পৰিকল্পনা

নিয়মীয়া বাৰ্তা, ২২ জুনঃ আজি দিনৰ ভাগত বজালীত বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰীকা৷ মন্ত্ৰীগৰাকীয়ে আজি পুৱতিনিশা বজালীৰ মাজেৰে বৈ যোৱা খৰশ্ৰোতা পহুমাৰা নদীয়ে শান্তিপুৰ আৰু কতহবাৰী অঞ্চলত মথাউৰি আৰু পকী পথ চিঙি বানৰ সৃষ্টি কৰা অঞ্চল দুটাত উপস্থিত হৈ ক্ষতিগ্ৰস্ত লোক সকলৰ খবৰ লোৱাৰ লগতে পৰিস্থিতিৰ বুজ লয়৷ তেওঁ জলসম্পদ বিভাগক পহুমাৰা নৈৰ পানীয়ে ছিঙা অংশসমূহ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে পুৰনি মথাউৰিৰ প্ৰতি তেওঁৰ বিস্বাস নাই৷ তেওঁ ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ বাবে এইবাৰ নতুন পৰিকল্পনা কৰা বুলি জানিবলৈ দি কয় যে পুৰণি মথাউৰিৰ কাষত সমান্তৰালভাবে নিৰ্মাণ কৰিব আন এটাকৈ নতুন মথাউৰি৷ বিশেষকৈ বাৰে বাৰে ভঙা মথাউৰিসমুহ এনেদৰে নিৰ্মাণ কৰি বানপানী ৰোধ কৰাৰ পৰিকল্পনা হাতত লোৱা বুলি ব্যক্ত কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলক অতি সোনকালে খাদ্য, চিকিৎসা আদিৰ সু-ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে৷ আজি মন্ত্ৰীগৰাকীৰ এই বানপৰিদৰ্শনৰ সময়ত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ সহিতে জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়া-অভিযন্তা সকল উপস্থিত থাকে। ইপিনে বজালী মহকুমাৰ অন্তৰ্গত একাংশ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰি ৰাজ্যৰ শক্তিমন্ত্ৰী বজালীৰ অভিভাৱক মন্ত্ৰী নন্দিতা গাৰ্লোছাই পৰিস্থিতিৰ বুজ লয়৷ ইফালে বানত দিশহাৰা বজালী৷ সংহাৰী বানৰ কবলত পৰা বজালীয়ে যোৱা বছৰৰ পিছত একেৰাহে দ্বিতীয় বৰ্ষৰ বাবে সন্মুখীন হৈছে ভয়াবহ বানৰ৷ বিগত এক সপ্তাহ ধৰি চলি থকা নেৰা নেপেৰা বৰষুণৰ ফলত বুৰ গৈছে বজালীৰ প্ৰতিটো অঞ্চল৷ কালান্তক বানৰ কৱলত পৰা বজালীৰ পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে৷ মহকুমাটোৰ অধিকাংশ লোকেই কটাবলগীয়া হৈছে বিনিদ্ৰ ৰজনী৷ বিভিন্ন ঠাইত বাট পথ চিঙি যোৱাৰ লগতে প্ৰতিটো পথ বানে বুৰাই জলবন্দী কৰি পেলাইছে বজালীবাসীক৷ মহকুমা সদৰ পাঠশালা নগৰৰ দহটাকৈ ৱাৰ্ডৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ প্ৰতিটো ঘৰ সম্প্ৰতি পানীৰ তলত৷ পাঠশালা নগৰৰ প্ৰতিটো ৱাৰ্ডতে আজি পানীৰ মাত্ৰা অধিক বৃদ্ধি পাইছে৷ নগৰখনৰ পথসমূহত এককাল পৰ্যন্ত পানী হোৱাৰ ফলত সমগ্ৰ নগৰবাসী জলবন্দী হৈ পৰিছে৷ ভট্টদেৱ বিশ্ববিদ্যালয়কে ধৰি পাঠশালাৰ প্ৰতিখন শিক্ষানুষ্ঠান, প্ৰতিটো কাৰ্যালয় সম্প্ৰতি পানীৰ তলত৷ আনহাতে শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয় পানীত সম্পুৰ্ণৰূপে বুৰ যোৱাত ৰোগীসকলক যুদ্ধকালীন তৎপৰতাৰে বেজকুছিস্থিত অসামৰিক চিকিৎসালয় আৰু পাঠশালা মাৰোৱাৰী সেৱা সদনলৈ স্থানান্তৰিত কৰা হৈছে৷ উল্লেখ্য যে যোৱা কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বজালী মহকুমা সম্পুৰ্ণৰূপে জলমগ্ন হৈ পৰিছে৷ মহকুমাটোত হৈ থকা প্ৰৱল বৃষ্টিপাতৰ লগতে কালদিয়া আৰু পহুমৰা নৈৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। বিশেষকৈ কেইবাটাও স্থানত কালদিয়া নৈৰ পানী পথৰ ওপৰেৰে বাগৰি যোৱাৰ লগতে আজি পুৱতি নিশা পহুমৰা নদীয়ে দুটাকৈ ঠাই ক্ৰমে বিৰবিৰা-শান্তিপুৰ আৰু কতহবাৰী অঞ্চলত মথাউৰি আৰু পকী পথ চিঙি সমগ্ৰ অঞ্চল প্লাবিত কৰি পেলায়৷ মথাউৰি ভঙাত পাঠশালা, পাটাছাৰকুছি, নিত্যানন্দ, সাদেৰী, ভৌকামাৰী, কাৰাইখোৱা, নয়াপাৰা, দেনাৰটাৰী, মেধিকুছি, হাঠিনাপুৰ, চেকী, পুঠিমাৰী, মইনামতী, কলৰগুৰি, মৈৰামভিঠা, বদনকুছি, হৰিপুৰ, বৰভালা, ভালা, বামুনকুছি, ধৰমতলা, মৰ্কা, গোবিন্দপুৰ, বৰবাং, ৰহাধৰ বিৰকলা, বৰুৱাপাৰা, চৈবাৰী, অকয়া, চেমতাপাৰা, পিপলা, ৰায়পুৰ, জানপাৰ, কায়স্থপাৰা, ডেকাপাৰা, কাৱৈমাৰী, হাঠিনাপুৰ, বৰশিমলা, উত্তৰ পূব পাকা, কোচদিগা, ৰূপদিগা, বৰনলিকুছি, বৰসাহান আদি প্ৰতিটো অঞ্চল বানৰ কৱলত পৰিছে৷ ইপিনে SDRF কৰ্মীয়ে আজি পুৱাৰে পৰা কেবাখনো যন্ত্ৰচালিত নাৱেৰে অহৰহ উদ্ধাৰকাৰ্য চলাই আছে৷ বানাক্ৰান্ত বহু লোক এতিয়াও অনিদ্ৰা অনাহাৰে থাকিবলগীয়া হৈছে৷ মহকুমাটোৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ মানুহৰ লগতে ঘৰচীয়া জীৱ-জন্তু আদিৰো আলাই আথানি হৈছে৷ মানুহৰ খাদ্যৰ লগতে পশুখাদ্যৰ ক্ষেত্ৰতো গভীৰ সংকটে দেখা দিয়াত পৰিস্থিতি অৰ্ণনীয় হৈছে৷ উল্লেখ্য যে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰি মথাউৰি নিৰ্মাণ কৰাৰ পিছতো বাৰিষা আহিলেই মথাউৰিসমূহ চিঙি ৰাইজক জ্বলা কলা খুৱাই অহাত আজি একাংশ ৰাইজে প্ৰকাশ্যেই ক্ষোভ উজাৰে৷ তেওলোকে মথাউৰি নিৰ্মাণত হেমাহি আৰু দূৰ্নীতি কৰাৰ অভিযোগেৰে মথাউৰি নিৰ্মাণকাৰী ঠিকাদাৰ আৰু অভযন্তাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ মূখ্যমন্ত্ৰীক ক্ষোভেৰে আহ্বান জনায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like