নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানমুক্ত গুৱাহাটী : নলা-নর্দমা নিষ্কাশনৰ বিজ্ঞানসন্মত প্রকল্পৰ প্রস্তুতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীক কৃত্রিম বানমুক্ত কৰাৰ লক্ষ্যৰে জিএমচি, লোকনির্মাণ বিভাগ, জিএমডিএ, জলসম্পদ বিভাগকে ধৰি বিভিন্ন বিভাগসমূহে কাম কৰি আছে৷ জিএমডিএ কর্তৃপক্ষই নলা-নর্দমাৰ বিজ্ঞানসন্মত নিষ্কাশনৰ বাবে প্রকল্প প্রতিবেদন প্রস্তুতৰ পৰিকল্পনা লৈছে৷ অহা ৬-৭ মাহৰ ভিতৰত গুৱাহাটীৰ নলা-নর্দমা নিষ্কাশনৰ বিশদ প্রকল্প সম্ভৱ হৈ উঠিব৷ বিধায়ক অখিল গগৈয়ে সোধা প্রশ্নৰ উত্তৰত মন্ত্রী অশোক সিংহলে সদনত এই তথ্য সদৰী কৰে৷ ইয়াৰ উপৰি এছিয়ান ডেভেলপমেণ্ট বেংকে বাহিনী নদী আৰু লখিমীজানৰ প্লাৱিত অঞ্চলৰ নলা উন্নয়নৰ বাবে ১৫০ কোটি টকা অনুমোদন দিছে৷ মিছন ফ্লাড ফ্রী গুৱাহাটীৰ অধীনত গুৱাহাটী পৌৰ নিগমকে ধৰি সংশ্লিষ্ট বিভাগসমূহে প্রচেষ্টা অব্যাহত ৰাখিছে৷ বিধায়ক অখিল গগৈৰ আন এক প্রশ্নৰ উত্তৰত মন্ত্রী সিংহলে সদনত প্রদান কৰা তথ্য অনুসৰি মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীগাঁও বালিবাট, সিজুবাৰী, জুৰিপাৰ, সৰুমটৰীয়াৰ ৯নং উপপথ, লখিমীনগৰ, হাতীগাঁও, ৰাজগড় আদি অঞ্চল কৃত্রিম বানত সঘনে প্লাৱিত হয়৷ উক্ত অঞ্চলসমূহত কৃত্রিম বানৰ কাৰণসমূহ বিভিন্ন বিভাগে অধ্যয়ন কৰি প্রকল্প প্রস্তুত কৰি আছে৷ ইতিমধ্যে অনিল নগৰ, নবীন নগৰলৈ বাহিনী নৈৰ পৰা বৈ অহা পানীৰ আধা অংশ শিলসাঁকো বিললৈ বোৱাই নিয়াৰ ব্যৱস্থা কৰিছে জিএমডিএ কর্তৃপক্ষই৷ তাৰ বাবে পিবকো পইণ্টৰ পৰা শিলসাঁকো বিললৈ বাহিনী নৈৰ পানী বোৱাই নিয়াৰ বাবে শিলসাঁকো বিলত ৩.৫ কিউমেক পাম্প স্থাপন কৰিছে৷ ইয়াৰ বাবে ১৪৮২.১৪ লাখ টকা আবণ্টন দিয়া হৈছে৷ বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ নৈলৈ পানীৰ নলা নির্মাণৰ বাবে ৬১৩.৬৯ লাখ টকা ব্যয়ৰে কাম কৰি থকা হৈছে৷ বোন্দা সুঁতিৰ পৰা ব্রহ্মপুত্রলৈ পানী নির্গত কৰাৰ বাবে বোন্দা শ্লুইচ গেটৰ ওচৰত পাম্প হাউছ নির্মাণ আৰু ৩.৫ কিউমেক ক্ষমতাসম্পন্ন পাম্প স্থাপনৰ বাবে ১১২০ লাখ টকাৰ কাম হাতত হোৱা হৈছে৷ নাৰেংগী ৰে’ল ষ্টেচনৰ পৰা বোন্দাজান সংযোগী নলা নির্মাণৰ বাবে ১২৯১.০৪ লাখ টকা ব্যয় কৰা হৈছে৷ ৰুক্মিণীগাঁৱৰ কৃত্রিম বান সমস্যা সমাধানৰ বাবে ইতিমধ্যে বহল নলা নির্মাণৰ কাম প্রায় সম্পূর্ণ হৈছে৷ এই নলাৰ পানী পাম্পৰ জৰিয়তে বাহিনী নৈত পেলোৱা হ’ব৷ হাতীগাঁও আৰু ৰাজগড়ত কৃত্রিম বান সমস্যা সমাধানৰ বাবে নলা-নর্দমা নির্মাণ আৰু নিষ্কাশনৰ কাম চলি আছে বুলি মন্ত্রী সিংহলে সদনত তথ্য প্রদান কৰে৷

You might also like