নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰিকেটৰ তিনিওটা সংস্কৰণতে ১০০ মেচ খেলাৰ কৃতিত্ব ৱাৰ্নাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ অভিজ্ঞ অপেনাৰ ডেভিদ ৱার্নাৰে অষ্ট্রেলিয়াৰ প্রথমগৰাকী খেলুৱৈ হিচাপে ক্রিকেটৰ তিনিওটা সংস্কৰণৰে শততম মেচ খেলি এক অনন্য অভিলেখ ৰছিলে৷ হ’বার্টত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে টি-২০ মেচখনত ভাগ লৈ এই অনন্য অভিলেখৰ গৰাকী হয় ৱার্নাৰ৷ ৱার্নাৰৰ পূর্বে ক্রিকেটৰ তিনিওটা সংস্কৰণৰে শততম মেচ খেলা বিশ্বৰ আন দুগৰাকী খেলুৱৈ হ’ল টীম ইণ্ডিয়াৰ বিৰাট কোহলি আৰু নিউজিলেণ্ডৰ ৰ’ছ টেইলৰ৷ ইফালে শততম টি-২০ মেচ খেলি অষ্ট্রেলিয়াৰ তৃতীয়গৰাকী বেটাৰ ৰূপে পৰিগণিত হয় ডেভিদ ৱার্নাৰ৷ ৱার্নাৰৰ পূর্বে অষ্ট্রেলিয়াৰ হৈ শততম টি-২০ মেচ খেলা আন দুগৰাকী খেলুৱৈ হ’ল প্রাক্তন অধিনায়ক আৰ’ন ফিনছ (১০৩) আৰু অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল (১০০)৷ মন কৰিবলগীয়া যে মেক্সৱেলে ৱেষ্ট ইণ্ডিজৰে টি-২০ মেচখন খেলি এই মাইলষ্ট’নত প্রৱেশ কৰে৷

You might also like