নিয়মীয়া বাৰ্তা, ২২ জুন : বানত বুৰিছে নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও। কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত খৰস্ৰোতা দ্ৰোপাং, নৈ ৰ বাঢ়নী পানীয়ে উপচি পৰিছে গাঁওসমূহ৷ অৰুনাচল পাহাৰ আৰু উপকন্ঠ অঞ্চলত বৰষুণ বৃদ্ধি পালে দ্ৰোপাং নৈয়ে কঢ়িয়াই অনা ঢল পানীয়ে গাঁওখনত বানৰ সৃষ্টি কৰি আহিছে ৷ নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত তাতিবাহাৰ, পিচলাপাৰ , আঠানীবাৰী , মাঘনোৱা ,ৰঙতি,পুলি নাহৰণি আদি কেইবাখনো গাওঁ বৰ্তমান বানৰ কবলত পৰিছে৷ প্ৰতিবছৰে নৈকেইখনে সৃষ্টি কৰা বানপানী সমস্যা আজিও সমাধান নহ’ল ৷ ৰাইজৰ আবেদন নিবেদনৰ প্ৰতি ৰাজ্যচৰকাৰে তিলমানো গুৰুত্ব প্ৰদান নকৰা ৰ ফলস্বৰূপে এইবাৰো বানৰ কবলত পৰিছে গাঁওকেইখন৷ বিশেষকৈ দ্ৰোপাং নদীৰ দুয়োপাৰে কিছুবছৰ পূৰ্বে দুটাকৈ মাঠাউৰি নিৰ্মাণ কৰা হৈছিল যদিও পশ্চিম প্ৰান্তৰ মাঠাউৰিটো প্ৰায় তিনিশ মিটাৰ উন্মুক্ত হৈ থকাৰ ফলত প্ৰতি বছৰে জীয়াতু ভুগিছে ৰাইজে। দ্ৰোপাং নদীৰ পানী বাঢ়ি আহিলে উন্মুক্ত অংশৰে সোমাই, আঠানীবাৰী, তৰানিখাটকে ধৰি কেইবাখনো গাওঁ প্লাবিত কৰে। লগতে দ্ৰোপাংৰ পানী বাঢ়িলে পিছলা আৰু দিহিৰি নদীত লগ হৈ যায় আৰু দুয়োখন নদীয়েই কালৰূপ ধাৰণ কৰি তাতিবাহাৰৰ, লক্ষীপুৰ, মাঘনোৱা, বনগাঁও আদিত বিস্তৰ ক্ষতি সাধন কৰে। বিগত এক দশকৰো অধিক কাল লক্ষীপুৰ গাঁওখনকে ধৰি তাতিবাহাৰ ৰাজহ গাঁও নৈদুখনৰ বাঢ়নী পানীত বছৰটোৰ অধিকাংশ সময় জলমগ্ন হৈ আহিছে ৷ এইবাৰো ভৰ বাৰিষাৰ পূৰ্ৱেই আৰম্ভ হৈছে বানপানী ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল অৰুনাচল পাহাৰত বৰষুণৰ পৰিমান বৃদ্ধি পালেই এটা ঘন্টাৰ ভিতৰত খৰস্ৰোতা দ্ৰোপাং নৈয়ে কঢ়িয়াই অনা ঢল পানীয়ে ওপচাই পেলাই সমগ্ৰ অঞ্চল সমূহ ৷ দুই তিনি ঘন্টাৰ পাছত পুনৰ স্বাভাৱিক স্থিতিলৈ ঘুৰি আহে যদিও পাহাৰীয়া ঢলে মষিমুৰ কৰি যায় ৰাইজৰ ঘৰবাৰী আৰু কৃষি৷ দুয়োখন নৈক বিজ্ঞানসন্মতভাবে নিয়ন্ত্ৰণ কৰিবলৈ ৰাইজে চৰকাৰক বছৰি আবেদন নিবেদন জনাই আহিছে যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ বৰ্তমান পশুধন সমূহকো লৈ গভীৰ চিন্তাত পৰিছে ৰাইজ। তীব্ৰ খাদ্য সংকটত বানপীড়িত।
প্ৰেৰক চন্দন শইকীয়া