নিয়মীয়া বাৰ্তা, ২১ জুন : যোৱা এটা সপ্তাহ ধৰি চলি নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা জিলাৰ কালদিয়া, পহুমাৰা, টিহু আৰু পল্লা নদীৰ জলপৃষ্ট বৃদ্ধি হৈ বিপদসীমাৰ ওপৰেদি বৈ যোৱাই নহয় সম্প্ৰতি ভয়ানক ৰূপ ধাৰণ কৰিছে। ইতিমধ্যেই নদী সমূহৰ বাঢ়নী পানীয়ে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰায় বোৰ অঞ্চল বুঢ়াই পেলাইছে। ফলত অঞ্চলটোৰ লগত সকলো যাতায়ত বিছিন্ন হৈ পৰিছে। অনহাতে কয়াকুছি বজাৰ-ভৱানীপুৰ গড়কাপ্টানী পথৰ ওপৰেদি তীব্ৰ বেগেৰে পানী বাগৰি যোৱাত কদমতলস্থিত ৩৮নং উত্তৰ পূব বেতবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে। বাঢ়নী পানীৰ তীব্ৰ সোতে কাৰ্যালয়খনৰ তলৰ পৰা মাটি উটুৱাই নিয়াৰ ফলত কাৰ্যালয়খন সম্পূৰ্ণৰূপে ধ্বংস প্ৰায় অৱস্থালৈ পৰিণত হৈছে। ইপিনে আজি কেবা ঘন্টাৰ ভিতৰতে সমষ্টিৰখনৰ ন ন অঞ্চল ক্ৰমে অটা, কুৰিহা, বনবাহাৰ, ফুলৰগুৰী, বামুণবড়ি, বেতনা, ৰঙিলাৰটাৰী , মৰলৰটাৰী, খান্দাৰপাৰ, কঠালৰটাৰী , নলীগাওঁ হেলছা গাওঁ, হেলছা পথাৰ, কাৱৈমাৰী ১১ নং ব্লক, কাৱৈমাৰী ১০ নং ব্লক নলীৰ পাথাৰ, নলীৰ পাম, কয়াকুছি গাওঁ, কয়াকুছি পাম, কয়াকুছি পাথাৰ, গুমিৰ পাথাৰ, জালকাৰা, তেলেৰীয়া ঠেকা গাওঁ, পানী মৰিছা, মৰিছা পাথাৰ, কলনী,পাকা বেতবাৰী,পাকা বেতবাৰী পাম, পিঠাদি, বৰবালা,বেতবাৰী, কাৱৈমাৰী ব্লক, মোহনবাজাৰ, কৰাগাড়ী, কমলপুৰ আদি অঞ্চল প্লাবিত কৰিছূ।বৰ্তমান সৰুক্ষেত্ৰী সমষ্টিৰ প্লাবিত অঞ্চল সমূহৰ প্ৰায় ৮০ শতাংশ লোকৰ ঘৰৰ ভিতৰতে পানী সোমাইছে। ফলত দৰিদ্ৰ গঞা জনসাধাৰণে খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে। ইপিনে বিস্তীৰ্ণ অঞ্চলৰ ঘৰে ঘৰে পানী সোমোৱাৰ ফলত কৃষক ৰাইজে পহুধন লৈ বিপাঙত পৰিছে। পহু খাদ্যৰ অভাৱত অনাহাৰে পানীৰ মাজতে থিয় হৈ থাকিবলগা হৈছে ছাগলী, গৰু, মহ,। আনহাতে নদী কেইখনৰ বাঢ়নী পানীয়ে কয়াকুছি-ভৱানীপুৰ, কয়াকুছি- ভক্তৰডবা, কয়াকুছি পাথাৰ-ভেৰাগাও ভক্তৰডবা-নেউলাৰ ভিঠা, কয়াকুছি-খৰমা, নলীগাওঁ-ফিঙুৱা, ভক্তৰডবা-নগাও আদি গড়কাপ্টানী পথ সম্পূৰ্ণ ৰূপে পানীৰ তলত গৈছে। কোনো কোনো ঠাইত গড়কাপ্তানী পথৰ ওপৰেদি ৩/৪ ফুটকৈ পানী বাগৰিছে। কেৱল গড়কাপ্তানী পথেই নহয় মানু্হে আশ্ৰয় লব পৰা স্কুলসমূহতো পানী উঠিছে।
প্ৰেৰক আফতাব হুছেইন