অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি : ২৪ ঘণ্টাত ২জনসহ মুঠ ১৬জনৰ প্ৰাণহানি
ৰাজ্যৰ বান পৰিস্থিতি কোনো উন্নতি হোৱা নাই। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত আৰু দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুন : ৰাজ্যৰ বান পৰিস্থিতি কোনো উন্নতি হোৱা নাই। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত আৰু দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। মুঠৰ ওপৰত ৰাজ্যত বানপানী আৰু ভূমিস্খলনৰ ফলত মুঠ মৃত্যুৰ সংখ্যা ১৬জনলৈ বৃদ্ধি পাইছে।
কাছাৰত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নগাঁৱত আন এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এই বানপানীত মুঠ মৃত্যুৰ সংখ্যা ১৬জনলৈ বৃদ্ধি পাইছে। এ এছ ডি এম এৰ তথ্য অনুসৰি ৰাজ্যৰ ১৯খন জিলাৰ ৬৩টা ৰাজহ চক্ৰ ক্ষতিগ্ৰস্ত হৈ আছে।
৬,৭৮,৮৭৭ জন লোক আক্ৰান্ত হৈ আছে। ১৯০টা সাহায্য শিবিৰত আশ্ৰয় লৈছে ৪১,৩১৭জন লোক। ইয়াৰ উপৰি ২১৫টা সাহায্য বিতৰণ কেন্দ্ৰও মুকলি কৰা হৈছে। আজি পুৱাৰে পৰা হাইলাকান্দি জিলাত SDRFয়ে খালী কৰাৰ কাম চলাই আছে।
যিবোৰ জিলা আক্ৰান্ত হৈ আছে সেইবোৰ হৈছে বিশ্বনাথ, কাছাৰ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট,কামৰূপ, কাৰ্বি আংলং, লখিমপুৰ, মৰিগাঁও, নগাঁও, শিৱসাগৰ, শোণিতপুৰ আৰু শ্ৰীভূমি। তদুপৰি ২খন জিলাতো নগৰীয়া বানপানীৰ খবৰ পোৱা গৈছে।
খবৰ অনুসৰি কামৰূপ , কামৰূপ মেট্ৰ’ জিলাত মুঠ ২খন জিলা আৰু ৩খন ৰাজহ চক্ৰ নগৰীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমানলৈকে ১৬৩৭জন জনসংখ্যা নগৰীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ২টা সাহায্য শিবিৰত আশ্ৰয় লৈছে ৬১৭জন। জিলা প্ৰশাসনে সাহায্য সামগ্ৰী যোগান ধৰিছে।