নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিৱর্তন, বিল গেটছ আৰু অন্যান্য

- প্রাঞ্জল মহন বৰুৱা

পৰিৱর্তনশীল সময় আৰু পৰিস্থিতিৰ ফলশ্রুতিত সমগ্র বিশ্বতে নতুন নতুন সমস্যা আৰু দুর্ভাৱনা আহিব ধৰিছে৷ নিতৌ আহিব ধৰা এইধৰণৰ সমস্যাবোৰে সমগ্র বিশ্বমানৱকে সমস্যাত পেলোৱা পৰিলক্ষিত হৈছে৷ নকৈ উদ্ভাৱিত আৰু বাঢ়ি অহা এনে সমস্যাসমূহৰ অন্যতম এটি সমস্যা হ’ল– জলবায়ু পৰিৱর্তন৷ জলবায়ু পৰিৱর্তন এটা দিনৰ ফল নহয়৷ এক দীঘলীয়া সময়ৰ মানুহৰ অসচেতনতা, অদূৰদর্শী কর্মৰ ফলত এই পৰিৱর্তন আহিছে৷ বর্তমানে সমগ্র বিশ্বতে এই পৰিৱর্তনৰ প্রভাৱ পৰা পৰিলক্ষিত হৈছে৷ শ্রদ্ধাৰ পাঠকসকলৰ জ্ঞাতার্থে এই সম্পর্কে লেখনিটোত আলোচনা আগবঢ়াবলৈ প্রয়াস কৰা হ’ল৷
ৰাষ্ট্রসংঘৰ এটা গুৰুত্বপূর্ণ অংগ The Intergovernmental panel on Climate Change- ‘Climate Change 2021 The Physical Science Basis’ ৰ ষষ্ঠ মূল্যায়ন প্রতিবেদন, যিটো ২০২২ চনত সম্পূর্ণ হ’ব, তাৰ প্রথম কিস্তি প্রতিবেদন ইতিমধ্যে প্রকাশ পাইছে৷ উক্ত প্রতিবেদনত জলবায়ুকেন্দ্রিক কিছুমান ভয়লগা দিশ উন্মোচন কৰিছে৷ এইখিনিতে উল্লেখযোগ্য যেThe Intergovernmental panel on Climate Change বা চমুকৈ আই.পি.চি.চি. হৈছে ৰাষ্ট্রসংঘৰ জলবায়ুকেন্দ্রিক দিশ সম্পর্কে চোৱা–চিতা কৰা এটা সংস্থা৷ এই সংস্থাৰ তিনিটা কার্যকৰী গোট আছে৷ সংস্থাটোৰ প্রথম কার্যকৰী গোটটোৱে জলবায়ু পৰিৱর্তনৰ ভৌতিক বিজ্ঞানৰ আধাৰত জলবায়ুকেন্দ্রিক বিষয়বোৰ চোৱাচিতা কৰি আছে৷ দ্বিতীয় কার্যকৰী গোটটোৱে প্রভাৱ, অভিযোজন আৰু দুর্বলতাৰ আধাৰত বিষয়টো চোৱাচিতা কৰাৰ বিপৰীতে তৃতীয় কার্যকৰী গোটটোৱে জলবায়ু পৰিৱর্তনৰ প্রশমনৰ বাবে কাম কৰি আছে৷ ইতিমধ্যে প্রকাশ পোৱা প্রতিবেদনটোত উল্লেখ কৰা অনুসৰি অনাগত দশকবোৰত বিশ্বৰ সকলো অঞ্চলতে জলবায়ু পৰিৱর্তনৰ প্রভাৱ বৃদ্ধি পাব৷ গোলকীয় উষ্ণতাৰ বাবে উষ্ণতা বৃদ্ধি পাব, বছৰটোত গৰমৰ সময় বৃদ্ধি পোৱাৰ বিপৰীতে ঠাণ্ডা দিনবোৰ কমি আহিব৷ আনহাতে, গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ লগে লগে কৃষি আৰু স্বাস্থ্যৰ ওপৰত সাংঘাতিকধৰণৰ প্রভাৱ পৰিব৷
এইখিনিতে উল্লেখযোগ্য যে ২০১৮ চনত, আই.পি.চি.চি.–ৰ দ্বাৰা প্রকাশিত এক বিশেষ প্রতিবেদনত ২০৩০ ৰ পৰা ২০৫২ চনৰ ভিতৰত গোলকীয় উষ্ণতা ৰ.৫ ডিগ্রী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰা হৈছিল৷ কিন্তু, নতুন প্রতিবেদনে এইটো ন্ছিয়তা আনি দিলে যে ১.৫ ডিগ্রী চেলচিয়াছৰ সীমাত ২০৪০ চনৰ ভিতৰতে উপনীত হ’ব বা অতিক্রম কৰিব৷ আই.পি.চি.চি.–ৰ শেহতীয়া প্রতিবেদনত বতৰ সম্পর্কীয় ঘটনাবোৰৰ সম্পর্কে এক পৃথক অধ্যায়ত আলোচনা কৰা হৈছে৷ এই অধ্যায়ত একাধিক বিপদৰ সংমিশ্রণ থকা দিশবোৰ যি সামাজিক বা পাৰিপার্শ্বিক সমস্যাৰ সৃষ্টি কৰাত অৰিহণা যোগায়, তেনে দিশবোৰৰ বিষয়ে উল্লেখ কৰিছে৷ তাত আগন্তুক সময়বোৰত হ’ব পৰা বিভিন্ন বতৰকেন্দ্রিক সমস্যাৰ কথা উল্লেখ কৰিছে৷ উল্লেখ কৰা অনুসৰি আগন্তুক সময়বোৰত খৰাং বতৰ, অত্যধিক বৰষুণ, নদীৰ প্রবাহৰ সৈতে ধুমুহাৰ বৃদ্ধি হ’ব৷ প্রতিবেদনত উল্লেখ কৰা অনুসৰি ৰ৯৫০ ৰ দশকৰ পৰা বেছিভাগ ভূমি অঞ্চলত গৰম অধিক তীব্র হৈ পৰিছে, আনহাতে ঠাণ্ডা কম হৈ পৰিছে৷ প্রতিবেদনত আৰু কোৱা হৈছে যে ৰ৯৮০–ৰ দশকৰ পৰা সামুদ্রিক গৰম ঢ়ৌৰ পৰিমাণ প্রায় দুগুণ হৈছে৷ আই.পি.চি.চি.–ৰ উক্ত প্রতিবেদনতেই সতর্ক কৰি দিয়া হৈছে যে যদি গোলকীয় উষ্ণতা বৃদ্ধি হয়, অতীত আৰু সাম্প্রতিক জলবায়ুত কিছুমান দিশ অধিক সঘনাই হ’ব৷
আই.পি.চি.চি.–ৰ শেহতীয়া প্রতিবেদনত ভাৰতকে ধৰি দক্ষিণ এছিয়াত ঘটা বতৰৰ পৰিৱর্তনৰ সম্পর্কতো গুৰুত্ব আৰোপ কৰা হৈছে৷ প্রতিবেদনটোত উল্লেখ কৰা হৈছে যে একবিংশ শতিকাত ভাৰতবর্ষত গৰমৰ ঢ়ৌ অধিক তীব্র হ’বহ্ল, গ্রীষ্ম আৰু মৌচুমী বৰষুণো বৃদ্ধি হ’ব৷ ভাৰত উপ–মহাদেশত ২০ শতাংশ বৰষুণ বৃদ্ধি পাব৷ যাৰ ফলত বানপানীৰ পৰিমান বৃদ্ধি পাব৷ তদুপৰি পূব আৰু পিছম উপকূলত ঘূর্ণীবতাহৰ ঘটনা অধিক সঘনাই ঘটিব৷
আই.পি.চি.চি.–ৰ প্রতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে একবিংশ শতিকাত বিশ্বব্যাপী সাগৰৰ স্তৰ বৃদ্ধি হ’ব৷ ইয়াৰ কাৰণ হিচাপে বৰফ আৰু হিমবাহ গলি যোৱাৰ বাবে বুলি কোৱা হৈছে৷ সাগৰৰ স্তৰ বৃদ্ধিৰ ফলত অসুৰক্ষিত অঞ্চলত বাস কৰা লোকসকলৰ বাবে ভাবুকিৰ সৃষ্টি হ’ব৷ এইক্ষেত্রত উদাহৰণ দি ভাৰতীয় ছয়খন বন্দৰ চহৰ – চেন্নাই, কোচি, কলকাতা, মুম্বাই, চুৰাট আৰু বিশাখাপট্টনমৰ কথা ক’ব পাৰি৷ যি সাগৰৰ স্তৰ বৃদ্ধি হ’লে আৰু বানপানীৰ সমস্যাত পৰিব আৰু প্রায় ২৮.৬ নিযুত লোক উপকূলীয় বানপানীৰ সন্মুখীন হ’ব৷ আন্তর্জাতিক পৰিৱেশ, স্থিৰতা আৰু প্রযুক্তি মঞ্চৰ (আইফৰেষ্ট) সভাপতি আৰু মুখ্য কার্যবাহী বিষয়া চন্দ্র ভূষণে কৈছে, ‘ভাৰতৰ ক্ষেত্রত এতিয়া আমাৰ দুগুণ বোজা আছে৷ আমি আমাৰ অর্থনীতি, আন্তঃগাঁথনি আৰু সামাজিক ব্যৱস্থাত স্থিতিস্থাপকতা গঢ়ি তুলিব লাগিব যাতে চৰম বতৰৰ ঘটনাৰ বর্ধিত প্রভাৱৰ মোকাবিলা কৰিব পাৰি৷ একে সময়তে, আমি প্রশমন ব্যৱস্থাৰ ওপৰত কাম কৰিব লাগিব৷’
সি যি নহওক, এই কথা অতিশয় গুৰুত্বপূর্ণ যে আইপিচিচিৰ প্রতিবেদন আমাৰ অর্থনীতি আৰু মানৱ জীৱনৰ বাবে এক সতর্কবাণী৷ যিবোৰ ঘটনা ভৱিষ্যতে ঘটিব বুলি ভৱিষ্যতবাণী কৰা হৈছিল, সেইবোৰ এতিয়া অতি সোনকালে ঘটিবলৈ গৈ আছে, যাৰ ভিতৰত আছে তীব্র গৰমৰ ঢ়ৌ, ডাৱৰ বিস্ফোৰণ, অত্যধিক বৰষুণ ইত্যাদি৷ যদি আমি দ্রুত আৰু নির্ণায়কভাৱে এইক্ষেত্রত কাম নকৰোঁ তেন্তে পৰিস্থিতি অধিক অৱনতি হ’ব৷ প্রতিবেদনখন প্রকাশ হোৱাৰ পিছত ভাৰতবর্ষৰ প্রতিনিধিয়ে এক বিবৃতিত কয় যে উন্নত দেশসমূহে বিশ্বব্যাপী কার্বন বাজেটৰ তেওঁলোকৰ ন্যায্য অংশতকৈ বহু বেছি দখল কৰিছে৷ এইখিনিতে উল্লেখযোগ্য যে জলবায়ু পৰিৱর্তনৰ ফলত ভাৰতৰ ওপৰত গভীৰ প্রভাৱ পৰিছে৷ যি ১৯৯৬ চনৰ পৰা ২০১৫ চনলৈ জলবায়ু পৰিৱর্তনৰ দ্বাৰা আটাইতকৈ বেছি প্রভাৱিত দেশসমূহৰ তালিকাৰ ভিতৰত চতুর্থ স্থানত আছে৷ তিব৩তীয় মালভূমিত তাপমাত্রা বৃদ্ধি হোৱাৰ ফলত হিমালয়ৰ হিমবাহবোৰত প্রভাৱ পৰা দেখা গৈছে, যাৰ ফলত গংগা, ব্রহ্মপুত্র, যমুনা আৰু অন্যান্য মুখ্য নদীৰ প্রবাহৰ হাৰ বিপদাপন্ন হৈছে৷ ২০০৭ চনৰ ৱর্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ (ডব্লিউডব্লিউএফ)ৰ এক প্রতিবেদনত কোৱা হৈছে যে হৰপ্পা সভ্যতাৰ সিন্ধু নদী এনে কাৰণতে শুকান হ’ব পাৰে৷ জলবায়ু পৰিৱর্তনৰ কাৰণে ভাৰতত তাপ যথেষ্ট বৃদ্ধি পাইছে৷ অসমৰ দৰে ৰাজ্যত তীব্র ভূমিস্খলন আৰু বানপানী এক সাধাৰণ ছবিলৈ ৰূপান্তৰিত হৈছে৷
এনেখিনি সময়ত সমগ্র বিশ্বৰ লগতে ভাৰতবর্ষৰ প্রতিটো প্রান্ততে প্রয়োজন হৈছে সাংঘাতিক ধৰণৰ এক সজাগতাৰ৷ যিবোৰ দিশে এইক্ষেত্রত বিশেষ প্রভাৱ পেলাইছে, সেই দিশবোৰৰ সম্পর্কে আলোচনা তথা গৱেষণাৰ প্রয়োজনীয়তা আহি পৰিছে৷ বিশ্বৰ এগৰাকী আগশাৰীৰ উদ্যোগী বিল গেটছেও ইণ্ডিয়া টুডে কনক্লেভ ২০২১ত ভাৰতক জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত উদ্ভাৱন আৰু অধিক সজাগতাৰ প্রয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে৷ বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনে‘Track change : Why humans must race to zero’ শীর্ষক এক অধিৱেশনত ভাষণ দি এই কথা উল্লেখ কৰিছে৷ তেওঁ যিসমূহ দিশে ভাৰতবর্ষৰ জলবায়ুত অসুস্থতাৰ মাত্রা বৃদ্ধি কৰিছে, সেইসমূহৰ বিকল্প হিচাপে কিছুমান উদ্ভাৱনক গুৰুত্ব আৰোপ কৰিছে৷ তেওঁ ভাৰতৰ দৰে দেশৰ বাবে উদ্ভাৱনৰ সেই ক্ষেত্রসমূহৰ বিষয়ে উল্লেখ কৰি কৈছে যে ভাৰতবর্ষত নির্মাণ কৰিবলৈ আৰম্ভ কৰা বৈদ্যুতিক গাডীবোৰৰ নির্মাণ এটা অতি যোগাত্মক দিশ৷ কিন্তু, ই এতিয়াও বজাৰত অতি কম৷ চৰকাৰে তেওঁলোকক বজাৰখন সলনি হ’বলৈ উৎসাহিত কৰা প্রয়োজন৷ একেদৰে, বিদ্যুৎ প্রস্তুত কৰাৰ বাবে বায়ু আৰু সৌৰশক্তিৰ ব্যয় হ্রাস পাইছে৷ সেইবোৰ হৈছে প্রগতিৰ দুটা ক্ষেত্র৷ এইবোৰ দিশে প্রদূষণৰ পৰিমাণ কমাই সুস্থ দিশ আনিব৷ তেওঁ আৰু কয় যে পিছত উপভোগ কৰিবলৈ আপুনি এতিয়া তাৰ বিষ সহ্য কৰিব লাগিব৷ যদি কোনোবাই কয় যে নতুন অট্টালিকা নির্মাণ নকৰিব, ভ্রমণ নকৰিব, সেয়া অবাস্তৱ৷ জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত ভাৰতত সজাগতা বৃদ্ধি কৰিব লাগিব৷ যদি আমি কামবোৰ সঠিকভাৱে নকৰোঁ, আটাইতকৈ দৰিদ্রলোকসকল বেছি ক্ষতিগ্রস্ত হ’ব৷
পৰিশেষত, এই কথা নক’লেও হ’ব যে সমগ্র বিশ্বই ভুগিবলৈ আৰম্ভ কৰা এই বিপদৰ একমাত্র উপায় সচেতনতা৷ আমি চিন্তা, কর্ম সকলোতে সচেতন নহ’লে এক ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব লাগিব

-লেখক চেপন মহাবিদ্যালয়ৰ
বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক

You might also like