নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশাটোৰ ভিতৰতে আকাশলংঘী খাদ্য সামগ্রীৰ দাম

🔹 বজাৰত জুই–সর্বসাধাৰণ জনতাৰ মূৰত মাধমাৰ
🔹১২ টকীয়া কণীৰ যোৰা হ’লগৈ ১৬ টকা, প্রতিকেজি আলু–পিঁয়াজৰ দৰ বাঢ়িল ১০–১৫ টকাকৈ, ব্রইলাৰ মাংস ২৪০ৰ পৰা ৩০০ টকা পর্যন্ত বৃদ্ধি

বিশেষ বাৰ্তা, ১৩ মে’ : তিনিটা পর্যায়ত ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছতে আকাশলংঘী হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ দাম৷ নির্বাচনৰ সামৰণিৰ পাছতে হোৰাহোৰে বজাৰত বৃদ্ধি হৈছে আলু–পিঁয়াজৰ পৰা আৰম্ভ কৰি শাক–পাচলি, মাছ–মাংসৰ দাম৷ নিশাটোৰ ভিতৰতে অত্যাৱশ্যকীয় আৰু নিত্য–ব্যৱহার্য খাদ্য সামগ্রীৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাইছে৷ বিশেষকৈ আলু–পিঁয়াজৰ দাম বৃদ্ধিয়ে গ্রাহকসকলক বিমোৰত পেলাইছে৷ এদিন পূর্বলৈকে ৰাজ্যৰ বজাৰত প্রতি কিঃগ্রাঃ (বেংগল) আলুৰ দাম আছিল ২০–২৫ টকা৷ কিন্তু কালি আলুৰ দাম ৩০–৩৫ টকালৈ বৃদ্ধি পাইছে৷ অর্থাৎ প্রতি কিঃগ্রাঃ আলুৰ দাম ১০ টকাকৈ বৃদ্ধি পাইছে৷ সেইদৰে আকস্মিকভাৱে বজাৰত পিঁয়াজৰ দাম বৃদ্ধি হোৱাও পৰিলক্ষিত হৈছে৷ দুদিন পূর্বলৈ ৰাজ্যৰ বজাৰত প্রতি কিঃগ্রাঃ পিঁয়াজৰ দাম আছিল ৩০ টকা৷ ইয়াৰ বিপৰীতে বর্তমান পিঁয়াজৰ দাম হৈছে ৪০–৪৫ টকা৷ অর্থাৎ প্রতি কিঃগ্রাঃ পিঁয়াজৰ দাম ১০–১৫ টকা পর্যন্ত বৃদ্ধি পাইছে৷ আলু–পিঁয়াজৰ সমান্তৰালকৈ বজাৰত নিয়ন্ত্রণহীন হৈ পৰিছে কণীৰ দাম৷ হঠাৎ কণীৰ দাম পুনৰ বৃদ্ধি পাইছে৷ দুদিন পূর্বলৈ কণীৰ প্রতিটো কার্টনৰ দাম আছিল ৯৫০ টকা৷ বর্তমান সেই দাম ১,৩২০ টকালৈ বৃদ্ধি পাইছে৷ যাৰ পৰিপ্রেক্ষিতত খুচুৰা ব্যৱসায়ীসকলেও কণীৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈছে৷ শেহতীয়াকৈ ১২ টকাত বজাৰত বিক্রী কৰা প্রতিযোৰ কণীৰ দাম ১৬ টকালৈ বৃদ্ধি হৈছে৷ অর্থাৎ প্রতিযোৰ কণীৰ দাম ৪ টকা পর্যন্ত বৃদ্ধি হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিগত সময়ছোৱাত বজাৰত কণীৰ দাম কেইবাবাৰো বৃদ্ধি পাইছে৷ কিছুদিন পূর্বলৈ ১০–১২ টকা দৰত উপলব্ধ কণীৰ দাম হঠাতে ১৬ টকালৈ বৃদ্ধি পাইছিল৷ কিন্তু তাৰ মাজতে হ্রাস পাই পুনৰ কণীৰ দাম প্রতিযোৰত ১২ টকা হৈছিল৷ যাৰ বাবে গ্রাহকসকলে সাময়িকভাৱে সকাহ লাভ কৰিছিল৷ কিন্তু আকস্মিকভাৱে নির্বাচন সমাপ্ত হোৱাৰ পাছতে কণীৰ দাম আকাশলংঘী হৈ পৰে৷ আলু–পিঁয়াজ–কণীৰ লগতে দাম বৃদ্ধি হৈছে মগু দাইলৰ৷ মগু দাইলৰ দাম ১২০ টকাৰ পৰা ১৩০ টকালৈ বৃদ্ধি পাইছে৷ আনহাতে, দাম বৃদ্ধি পাইছে ব্রইলাৰ মুর্গী মাংসৰ দাম৷ কিছুদিন পূর্বলৈ বজাৰত প্রতি কিঃগ্রাঃ ব্রইলাৰ মুর্গী (কটা) মাংসৰ দাম আছিল ২৪০–২৬০ টকা৷ কিন্তু বর্তমান এই মাংসৰ দাম প্রতি কিঃগ্রাঃত ৩০০ টকালৈ বৃদ্ধি হৈছে৷ কেৱল ব্রইলাৰ মুর্গী মাংসৰ দামেই নহয়, বজাৰত আকাশলংঘী হৈ পৰিছে লোকেল কুকুৰাৰ মাংসৰ দামো৷ পূর্বে লোকেল কুকুৰা বজাৰত প্রতি কিঃগ্রাঃ ৪০০–৪৫০ টকালৈ উপলব্ধ হৈছিল৷ বর্তমান লোকেল কুকুৰাৰ প্রতি কিঃগ্রাঃৰ দাম ৫৫০ টকাৰ পৰা ৬৫০ টকা পর্যন্ত বৃদ্ধি পাইছে৷ অর্থাৎ লোকেল কুকুৰাৰ দাম প্রতি কিঃগ্রাঃত ১০০ টকা পর্যন্ত বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে বজাৰত বর্তমান বিভিন্ন ধৰণৰ বতৰৰ শাক–পাচলি উপলব্ধ হৈছে৷ বতৰৰ শাক–পাচলি বজাৰত উভৈনদী হৈ পৰিলে দাম স্বাভাৱিকতে হ্রাস পায়৷ কিন্তু বর্তমান বজাৰত উপলব্ধ শাক–পাচলিৰ দাম এতিয়াও হ্রাস পোৱা নাই৷ সম্প্রতি বজাৰত প্রতি কিঃগ্রাঃ জিকা ৮০–৯০ টকা, ভাতকেৰেলা ৮০ টকা, ভেণ্ডি ৬০ টকা, লেচেৰা ৫০ টকা, তিয়ঁহ ৬০ টকা দৰত বিক্রী হৈছে৷ উল্লেখ্য যে যোৱা ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ শতাধিক ঔষধৰ দাম বৃদ্ধি কৰা হৈছিল৷ প্রতিবিধ দৰবৰ দামৰ ব্যাপক দাম বৃদ্ধিয়ে সাধাৰণ জনতাক একপ্রকাৰ বিপাঙত পেলাইছে৷ তদুপৰি চাউল, মিঠাতেল, পশুখাদ্য আদিৰ দামো বিগত সময়ছোৱাত বৃদ্ধি পাইছে৷ যাৰ ফলত প্রতিটো পৰিয়ালৰ মাহিলি বাজেট পূর্বৰ তুলনাত যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে৷ ইয়াৰ বিপৰীতে দাম নিয়ন্ত্রণ কৰিবলৈ প্রশাসন তথা বিয়াগোম যোগান বিভাগে যি ধৰণে পদক্ষেপ ল’ব লাগিছিল, তেনেধৰণৰ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ এচাম অসাধু ব্যৱসায়ী তথা মধ্যভোগীক নিয়ন্ত্রণ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে বাৰম্বাৰ নিত্য–ব্যৱহার্য খাদ্য সামগ্রীৰ দাম বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ তৎসত্ত্বেও এনে অসাধু ব্যৱসায়ী চক্রক কঠোৰভাৱে দমন কৰিবলৈ কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ যোগান বিভাগে নিত্য–ব্যৱহার্য বহু সামগ্রী তেওঁলোকৰ আওতালৈ নাহে বুলি দায়সৰা মন্তব্য কৰি আহিছে৷ এনে পৰিপ্রেক্ষিতত বজাৰৰ দাম নিয়ন্ত্রণ কৰি সাধাৰণ ৰাইজক কোনে সকাহ দিব বুলিও প্রশ্ণ উত্থাপন হৈছে৷

You might also like