নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাইৰেল হোৱাৰ বাসনা ! ৰাস্তাত ৰিভলভাৰ লৈ নৃত্য তৰুণীৰ

🔹 উত্তৰ প্রদেশৰ ঘটনাক লৈ চাঞ্চল্য : তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে

বিশেষ বাৰ্তা, ১৩ মে’ : বর্তমান ‘বিখ্যাত’ হ’বলৈ ‘কুখ্যাত’ হোৱাৰ বাবেও কুণ্ঠাবোধ নকৰে বহু লোকে৷ ভাইৰেল হোৱা এক ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে তেনে এক দৃশ্য৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ বাসনাৰে উত্তৰ প্রদেশৰ লক্ষ্ণৌৰ বাসিন্দা তৰুণী এজনীয়ে হাতত ৰিভলভাৰ লৈ ৰাস্তাত নাচি থকা দেখিবলৈ পোৱা গ’ল৷ ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ এই তৰুণীয়ে ৰাস্তাত নাচি ৰীল বনায়৷ লগে লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই তৰুণীক ‘ৰিভলভাৰ ৰাণী’ বুলি অভিহিত কৰিছে৷ কিন্তু ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে হাহাকাৰ লাগে আৰক্ষীৰ মাজত৷ গতিকে ভাইৰেল হ’বলৈ গৈ এতিয়া অশ্বস্তিত পৰিছে এই তৰুণী৷ অভিযুক্ত ইনষ্টাগ্রাম ষ্টাৰ তথা ইউটিউবাৰৰ নাম ছিমৰন যাদৱ৷ লক্ষ্ণৌ চহৰৰ ৰাজপথত ৰঙীন পোছাক পৰিধান কৰি ভোজপুৰী গানৰ তালে তালে নাচি ৰীল বনায় এই তৰুণীয়ে৷ সাধাৰণতে এনে ভিডিঅ’ ছ’চিয়েল মিডিয়াত চর্চালৈ আহে৷ কিন্তু ভিউ বঢ়াবলৈ তৰুণীয়ে এইবাৰ হাতত ৰিভলভাৰ লৈ নাচিলে৷ অধিবক্তা কল্যাণজী চৌধুৰীয়ে প্রথমে এই ভিডিঅ’ নিজৰ এক্স হেণ্ডেলত প’ষ্ট কৰি ইয়াৰ প্রতিবাদ জনায়৷ আইন ভংগ কৰা বুলি অভিযোগ অনা হয় ছিমৰনৰ বিৰুদ্ধে৷ এনে কার্য সত্ত্বেও প্রশাসন নীৰৱ হৈ থকাত আশ্চর্য প্রকাশ কৰে অধিবক্তাগৰাকীয়ে৷ ইতিমধ্যে লক্ষ্ণৌ আৰক্ষীৰ নজৰলৈ আহিছে এই ভিডিঅ’৷ আৰক্ষীৰ তৰফৰ পৰা সমস্ত ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি ঘোষণা কৰিছে৷ এইক্ষেত্রত উপযুক্ত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷ ইয়াৰ পাছতে ৰিভলভাৰ ৰাণীৰ নিদ্রাহৰণ হৈছে৷ বিখ্যাত হ’বলৈ গৈ এতিয়া ৰঙাঘৰৰ বাসিন্দা হ’ব লাগিব নেকি তাক লৈ সৃষ্টি হৈছে আশংকা৷

You might also like