নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰীয়া অসভ্যতাঃ কালি হৈছিল মুকলি, আজি অত্যাধুনিক ফুট অভাৰব্ৰিজত গুটখা-তামোলৰ পিক

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ এখন অত্যাধুনিক ফুট অভাৰব্ৰিজ নিৰ্মাণ আৰু মুকলিৰে একপ্ৰকাৰ ইতিহাস ৰচা হৈছিল মহানগৰীৰ জি এছ ৰোডত।

জি এছ ৰোডৰ মিজোৰাম ভৱন আৰু ৱাল ফ’ৰ্টৰ সন্মুখৰ দুয়োখন ফুট অভাৰব্ৰিজ মুকলিৰ ২৪ ঘণ্টা নৌহওঁতেই তামোল-গুটখাৰ পিকেৰে ৰাঙলী হোৱা দেখা গ’ল আজি।

চাফ-চিকুণতা, পৰিষ্কাৰ-পৰিচ্ছনতাক লৈ ন্যূনতম সচেতনতা নথকা একাংশ লেতেৰা মনোবৃত্তিৰ লোকৰ বাবে আজি লজ্জানত হ’বলগীয়া হৈছে মহানগৰবাসী।

ইয়াৰ আগতেও অলপতে মুকলি কৰা গণেশগুৰি উৰণীয়া সেতু মুকলিৰ পিছতে ফুল তোলা হৈছিল তামোলেৰে পিকাই। আনহাতে জি এছ ৰোডতে ডিভাইডাৰত বগা ৰং সানি আটকধুনীয়া কৰাৰ পিছত পিকাইছিল মহানগৰীৰ বাসিন্দাই।

একেই অৱস্থা হ’ল অত্যাধুনিক ফুট অভাৰব্ৰিজখনৰো। তামোৰ-গুটখাৰ পিক যেন এতিয়া আটকধুনীয়া নগৰৰ নিৰ্মাণৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে।

You might also like