নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক আন্দোলনক লৈ ভুৱা টুইট! ২৫০ টা একাউণ্ট ব্লক কৰিলে টুইটাৰে

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ  কৃষক আন্দোলনক লৈ #ModiPlanningFarmerGenocide হেচটেগ যোগ কৰি একাধিক ভুৱা আৰু উচতনিমূলক টুইটৰ অভিযোগত সোমবাৰে ২৫০ টা একাউণ্ট ব্লক কৰিলে মাইক্রোব্লগিং চাইট টুইটাৰে। যাৰ মাজত আছে CPIM নেতা মহম্মদ চেলিমেৰ টুইটাৰ হেণ্ডেলো। লগতে তালিকাত কাৰাভান আলোচনীখনৰ টুইটাৰ হেণ্ডেল আছে, যিটো দিল্লী আৰক্ষীয়ে দেওবাৰে ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত দাখিল কৰিছিল।

 ইফালে, সোমবাৰে প্ৰতিবাদকাৰী কৃষকসকলে পুনৰ ৬ ফেব্ৰুৱাৰীত দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়া ৩ বজালৈ সমগ্ৰ দেশৰ সকলো ৰাষ্ট্ৰীয় পথ বন্ধ ৰখাৰ ঘোষণা কৰিছে।

উল্লেখ্য যে কৃষকসকলে বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে দিল্লীত দুমাহতকৈও অধিক সময় ধৰি প্ৰতিবাদ কৰি আছে। অৱশ্যে, গণতন্ত্ৰ দিৱসৰ বিশৃঙ্খলাৰ পিছত, টুইটাৰ কৰ্তৃপক্ষলৈ একাধিক টুইটাৰ হেণ্ডেলৰ পৰা ভুৱা আৰু উচতনিমূলক টুইটৰ অভিযোগ আহিছিল। অৱশেষত টুইটাৰে আইনশৃঙ্খলা বজাই ৰাখিবলৈ সোমবাৰে ২৫০ টা একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত লয়।

You might also like