নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ মাহলৈ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্বত থাকিব মন্ত্রী ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা ১২ মেঃ অহা ছমাহলৈ মন্ত্রীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দুয়োটা দায়িত্বতে থাকিব ৰঞ্জিত দাস৷ মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ৰঞ্জিত দাসে এই কথা প্রকাশ কৰে৷ সংবাদ মাধ্যমৰ আগত দাসে কয় যে এই সম্পর্কত কালি তেওঁ দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে আলোচনা কৰিছে৷ অহা ছমাহলৈ তেওঁ মন্ত্রিত্বৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্বত থাকিব পাৰিব৷

তদুপৰি দলৰ ৰাষ্ট্রীয় সমিতিয়ে মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰাৰ পূর্বে বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু পূর্বৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতেও কথা পাতিছে৷ তেওঁ আৰু জানিবলৈ দিয়া মতে, দল আৰু চৰকাৰৰ মাজত সমন্বয় অধিক কটকটীয়া কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পদক্ষেপ গ্রহণ কৰিছে৷ সেই অনুসৰি মুখ্যমন্ত্রী ড০ শর্মাই মাহত এবাৰকৈ দলৰ জিলা সভাপতিসকলৰ লগত বৈঠকত মিলিত হ’ব৷

তদুপৰি মন্ত্রীসকলক কোনো জিলালৈ গ’লে সংশ্লিষ্ট জিলাৰ কার্যকর্তাৰ লগতে প্রাক্তন বিষয়ববীয়াসকলৰ লগতো আলোচনাত মিলিত হোৱাৰ নির্দেশ দিছে৷ আনকি দলৰ প্রবীণসকলক কোনো কাৰণতে যাতে মনত দুখ দিয়া নহয়, তাৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিছে৷ সেইদৰে ৰাজ্যিক বিজেপিৰ উপ–সভাপতি তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাক বিধায়িনী দলৰ নেতা মুখ্যমন্ত্রী ড০ শর্মাৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া বুলি উল্লেখ কৰি কয় যে বৰুৱাই দলৰ হৈ চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰিব৷

You might also like