নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ মে’ৰ পৰা দ্বিতীয় বর্ষৰ পাঠদান

নিয়মীয়া বাৰ্তা ১২ মেঃ উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ পাঠদান অহা ১৫ মে’ৰ পৰা আৰম্ভ হ’ব৷ অৱশ্যে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি পাঠদান অনলাইনযোগে কৰিবলৈ নির্দেশ দিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ অনলাইনযোগে পাঠদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব লাগিব শিক্ষণ প্রতিষ্ঠানসমূহৰ মুৰব্বীসকলে৷ ৰাজ্যত স্বাভাৱিক পৰিস্থিতি ঘূৰি নহালৈ অনলাইনযোগে অব্যাহত থাকিব পাঠদান৷ উল্লেখ্য যে ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে প্রথম বর্ষৰ শিক্ষার্থীসকলক দ্বিতীয় বর্ষলৈ উন্নীত কৰি দিয়া হৈছিল৷

You might also like