নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ‘এটা জাতিৰ ভৱিষ্যৎ নির্মাণ কৰিবলগীয়া হ’লে জনগণে সকলো ক্ষেত্রতে প্রাণ পাই উঠিব লাগিব৷ সকলো ক্ষেত্রতে পাৰদর্শিতা প্রদর্শনৰ বাবে আগবাঢ়ি আহিব লাগিব৷ গণতান্ত্রিক ধ্যান–ধাৰণাৰে অহিংস নীতিৰে অসম চাহ জনজাতি ছাত্র সন্থাই প্রতিষ্ঠা কালৰে পৰা বৰ অসম নির্মাণৰ লগতে অসমীয়া জাতি গঠন প্রক্রিয়াত গ্রহণ কৰি অহা ভূমিকা সর্বজনস্বীকৃত৷’ –আজি চৰাইদেউ জিলাৰ লাকুৱাৰ গমধৰ কোঁৱৰ ৰাজহুৱা খেলপথাৰত আয়োজিত অসম চাহ জনজাতি ছাত্র সন্থাৰ ৭৩সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱসত মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷ ভাষণত মুখ্যমন্ত্রীয়ে কয়– চাহ জনগোষ্ঠীৰ দুগৰাকী বৰেণ্য পুৰুষ চাইমন সিং হ’ৰ’ আৰু সন্তোষ কুমাৰ তপ্ণ’ক শ্রদ্ধাৰে সোঁৱৰাৰ লগতে চাহ জনগোষ্ঠীৰ লগতে বৃহত্তৰ অসমীয়া সমাজখনৰ আর্থ–সামাজিক উত্তৰণত তেওঁলোকৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰিবলৈ আজি আমি ইয়াত সমৱেত হৈছেছা৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে শাসনলৈ অহাৰ দিনৰে পৰা ৰাজ্যখনৰ প্রতিটো জাতি–জনগোষ্ঠীক সমমর্যাদা প্রদানেৰে সম–উন্নয়নৰ দিশেৰে আগবঢ়াই লৈ যোৱাৰ বাবে নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছে৷ ২০১৬ চনত চৰকাৰ গঠনৰ তিনি মাহৰ পাছতে ৰাজ্যখনৰ ৭০টা খিলঞ্জীয়া জাতি–জনগোষ্ঠীক লগত লৈ আয়োজন কৰা ‘সহোদৰ’ কার্যসূচীয়ে এই জাতি–জনগোষ্ঠীসমূহ বিকাশৰ ৰূপৰেখা নির্ণয় কৰিছে৷ সেই দিন ধৰি ৰাজ্যৰ সৰু–বৰ প্রতিটো জনগোষ্ঠীৰ আর্থ–সামাজিক বিকাশৰ বাবে ন ন আঁচনি গ্রহণ কৰি বর্তমানৰ ৰাজ্য চৰকাৰখনে সকলোকে উন্নয়নৰ সোৱাদ দিবলৈ সক্ষম হৈছে৷ চাওলুং চুকাফাৰ বৰ অসম নির্মাণৰ আদর্শৰে প্রতিটো জনগোষ্ঠীৰ সর্বাংগীণ উন্নয়ন আৰু সবলীকৰণেই চৰকাৰৰ এই আঁচনিসমূহৰ মূল উদ্দেশ্য বুলি তেওঁ মন্তব্য কৰে৷ চাহ জনগোষ্ঠীৰ লোকসকলক কঠোৰ পৰিশ্রমী আৰু কষ্টসহিষ্ণু বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই জনগোষ্ঠীৰ আদিপুৰুষসকলৰ অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত অসমৰ চাহে ব্রিটিছ শাসনকালৰ পৰাই বিশ্বৰ বজাৰ দখল কৰাৰ লগতে বিশ্ব শ্রেষ্ঠ চাহ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু ইয়াৰ নেপথ্যৰ লোকসকলক আজিপর্যন্ত কোনেও চিনি নাপালে বুলি মন্তব্য কৰি চাহ জনগোষ্ঠীৰ নতুন প্রজন্মক শৈক্ষিক দিশেৰে আগুৱাই নি বিশ্বত প্রভুত্ব বিস্তাৰ কৰাৰ দিশত আগভাগ ল’বলৈ মুখ্যমন্ত্রীয়ে চাহ জনজাতি ছাত্র সন্থাৰ নেতৃবর্গৰ লগতে জনগোষ্ঠীটোক প্রতিনিধিত্ব কৰা মন্ত্রী, সাংসদ, বিধায়কসকলকো আহ্বান জনায়৷ অসম লোকসেৱা আয়োগৰ সদ্যঘোষিত অসামৰিক সেৱাৰ পৰীক্ষাত কৃতিত্ব অর্জন কৰা চাহ জনগোষ্ঠীৰ তিনিগৰাকী মেধাৱী সন্তান মাচি তপ্ণ’, দীপাঞ্জলি কুর্মী আৰু বিক্রম চাসাক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে কঠোৰ পৰিশ্রম আৰু অধ্যৱসায়ৰ বলত জাতিটোৰ এই তিনিগৰাকী সুযোগ্য সন্তানে নতুন প্রজন্মৰ বাবে এক আদর্শৰ চানেকি দাঙি ধৰিছে৷ অসম লোকসেৱা আয়োগৰ সংস্কাৰ সাধনৰ বাবে ৰাজ্য চৰকাৰে চলাই অহা নিৰন্তৰ প্রয়াসৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰি তেওঁ কয় যে অসম লোকসেৱা আয়োগৰ সংস্কাৰ সাধন কৰাটো নতুন চৰকাৰখনৰ সন্মুখত এক হিমালয়সদৃশ প্রত্যাহ্বান আছিল৷ এটা সময়ত এই আয়োগত চাকৰিৰ মুকলি বেহা চলিছিল৷ কৃষক, মজদুৰৰ সন্তানৰ বাবে অসম লোকসেৱা আয়োগৰ চাকৰি আকাশ কুসুম আছিল৷ কিন্তু বর্তমানৰ চৰকাৰে দুর্নীতি আৰু অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰি আয়োগলৈ অনা পৰিৱর্তনৰ ফলত আজি অতি দৰিদ্র পৰিয়ালৰ মেধাৱী ছাত্র–ছাত্রীও ৰাজ্য প্রশাসনৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে৷ এই পদক্ষেপে চৰকাৰখনৰ কাম–কাজত নিহিত হৈ থকা মূল্যবোধ আৰু সংস্কাৰৰ পৰিচয় দাঙি ধৰে বুলি মুখ্যমন্ত্রীয়ে কয়৷
এই মুকলি সভাত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বাতন্ত্র) মন্ত্রী যোগেন মহন, শ্রম আৰু চাহ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী সঞ্জয় কিষাণ, সাংসদ কামাখ্যাপ্রসাদ তাচা আৰু পল্লৱলোচন দাসেও ভাষণ প্রদান কৰে৷ নিজৰ ভাষণত তেওঁলোকে চাহ জনগোষ্ঠীৰ আর্থ–সামাজিক উত্তৰণৰ দিশত গ্রহণ কৰি অহা ভূমিকাৰ বাবে অসম চাহ জনজাতি ছাত্র সন্থাৰ শলাগ লোৱাৰ লগতে জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷ অসম চাহ জনজাতি ছাত্র সন্থাৰ সভাপতি ধীৰাজ গোৱালাই সভাপতিত্ব কৰা এই মুকলি সভাত বিধায়ক তেৰছ গোৱালা, ডিব্রুগড বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ পল্লৱী বুজৰবৰুৱা, অসম চাহ জনজাতি ছাত্র সন্থাৰ প্রাক্তন সভাপতি প্রহ্লাদ গোৱালা আৰু সীমাঞ্চল দিগাল, সদৌ তাই আহোম ছাত্র সন্থাৰ সভাপতি লিটুল বুঢ়াগোহঁাই, সদৌ অসম মৰাণ ছাত্র সন্থাৰ প্রাক্তন সভাপতি অৰুণজ্যোতি মৰাণ, অসম চাহ জনজাতি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পৱন বেদীয়া, প্রাক্তন সাধাৰণ সম্পাদক ভগীৰথ কৰণ আদিয়ে অংশগ্রহণ কৰে৷ ইফালে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি জম্মু–কাশ্মীৰত সন্ত্রাসবাদীৰ আকস্মিক গ্রেনেড আক্রমণত নিহত চি আৰ পি এফ জোৱান মৃত্যুঞ্জয় চুতীয়াৰ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্রৰ অধীনৰ গেলুৱা গাঁওস্থিত বাসগৃহলৈ গৈ শ্বহীদগৰাকীৰ প্রতিচ্ছবিত মাল্যার্পণেৰে গভীৰ শ্রদ্ধা নিবেদন কৰে৷ মুখ্যমন্ত্রীয়ে বীৰ শ্বহীদগৰাকীৰ পিতৃ–মাতৃ তথা আত্মীয়–স্বজনৰ সৈতে মত বিনিময় কৰাৰ উপৰি শ্বহীদগৰাকীৰ পিতৃৰ হাতত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা ২০ লাখ টকাৰ এককালীন সাহায্যৰ চেকো প্রদান কৰে৷ ইয়াৰ পাছতে শ্বহীদগৰাকীৰ বাসগৃহত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা বার্তালাপৰ সময়ত মুখ্যমন্ত্রীয়ে কয় যে দেশৰ বৃহত্তৰ স্বার্থত বীৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াই আত্মবলিদান দিলে৷ সমগ্র ভাৰতবাসীৰ লগতে অসমবাসী আজি এই শ্বহীদগৰাকীৰ বাবে গৌৰৱান্বিত৷ ত্যাগ আৰু বীৰত্বৰ শক্তিশালী আদর্শ প্রতিষ্ঠা কৰি যোৱা শ্বহীদগৰাকী সদায়ে অমৰ হৈ থাকিব বুলি তেওঁ কয়৷ শ্বহীদগৰাকীৰ আদর্শৰে আমাৰ নতুন প্রজন্মই দেশৰ একতা, অখণ্ডতা আৰু সার্বভৌমত্বৰ বাবে কাম কৰি যাবলৈ প্রেৰণা লাভ কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷