নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রার্থিত্বৰ দৌৰত ‘কা’বিৰোধী নেতা

আন্দোলন এৰি ৰাজনৈতিক দলৰ দুৱাৰত টোকৰ

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ  আগন্তুক বিধানসভা নির্বাচনৰ দলীয় টিকট, প্রস্তাৱিত নতুন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য পদ আদিৰ পাছত এতিয়া দৌৰ আৰম্ভ হৈছে একাংশ ‘কা’বিৰোধী জাতীয় সংগঠনৰ নেতাৰ৷ ‘কা’বিৰোধী আন্দোলনৰ সময়ত চৰকাৰবিৰোধী অগ্ণিবৰষা ভাষণ দিয়া গায়ক–গায়িকা, অভিনেতা–ভিনেত্রীসক কিছুদিন পূর্বে শাসকীয় বিজেপি দলৰ মজিয়াত নির্লজ্জ আত্মসমর্পণ কৰাৰ পাছত এতিয়া জাতীয় সংগঠনৰ নেতাই বিভিন্ন পদৰ দৰ–দামেৰে ঘূৰি ফুৰিছে শাসকীয় দলটোৰ নেতা–মন্ত্রীৰ দুৱাৰে দুৱাৰে৷ এনে উদ্দেশ্যেৰেই এসময়ত উজনি অসমত ‘কা’বিৰোধী তীব্র হুংকাৰ দিয়া জাতীয় সংগঠনৰ একাংশ নেতাই এতিয়া ৰাজনৈতিক স্বার্থ পূৰণৰ বাবে মাহ মাহ ধৰি গুৱাহাটীত বাহৰ পাতি আছে৷ সদ্যসমাপ্ত বিধানসভা অধিৱেশনত মৰাণ, মটক আৰু কোচ ৰাজবংশীসকলৰ বাবে স্বায়ত্তশাসিত পৰিষদ গঠনৰ বিধেয়ক অনুমোদন হোৱাৰ পাছত এই পৰিষদৰ মুখ্য কার্যবাহী সদস্য পদৰ পাছত দৌৰিছে বহুকেইজন ‘কা’বিৰোধী জাতীয় সংগঠনৰ নেতা৷ তিনিচুকীয়াত তীব্র ‘কা’বিৰোধী আন্দোলন গঢ়ি তোলা মটক সন্মিলনীৰ সভাপতি ডেভিড চেতিয়াই মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য পদৰ দাবী তুলি বিজেপিত যোগদানৰ প্রস্তুতি চলোৱাৰ বাতৰি প্রকাশ পাইছে৷ আনহাতে, মটক সন্মিলনীৰ নেতা সৰোজ গোহাঁইৰ নামো উচ্চাৰিত হৈছে এই স্বায়ত্তশাসিত পৰিষদখনৰ মুখ্য কার্যবাহী সদস্য পদৰ বাবে৷ ‘কা’ আন্দোলনৰ সময়ত তিনিচুকীয়াত বিশেষ ভূমিকা গ্রহণ কৰা এই দুজন মটক নেতাই এই সন্দর্ভত মুখ্যমন্ত্রীৰ সৈতে যোগাযোগ ৰখা বুলিও জানিব পৰা গৈছে৷ আনহাতে, বিজেপিত যোগদানৰ বাবে ভৰি দাঙি আছে মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে৷ বিনিময়ত অৰুণজ্যোতি মৰাণক লাগে ডিগবৈ অথবা শদিয়া সমষ্টিৰ দলীয় টিকট৷ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিজৰ ৰাজনৈতিক স্বার্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে গুৱাহাটীত বাহৰ পাতি আছে মৰাণ ছাত্র সন্থাৰ সভাপতিজনে৷ ইতিমধ্যে তেওঁ এই সম্পর্কত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে সঘন যোগাযোগ ৰখা বুলি প্রকাশ পাইছে৷ আনহাতে, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ দাবীদাৰ হৈ পৰিছে মৰাণ ছাত্র সন্থাৰ প্রাক্তন সভাপতি দ্বীপেন মৰাণ৷ এইজন ‘কা’বিৰোধী নেতাই পৰিষদখনৰ মুখ্য কার্যবাহী পদৰ বিনিময়ত শাসকীয় বিজেপি দলত যোগদানৰ প্রস্তুতি আৰম্ভ কৰিছে৷ একেদৰে আন এজন ‘কা’বিৰোধী আন্দোলনৰ নেতা তথা সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়াৰ লক্ষ্য মৰাণ সমষ্টিৰ পৰা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা৷ এই লক্ষ্যৰে তেওঁ বিজেপি আৰু কংগ্রেছ দলৰ সৈতে সমান্তৰালভাৱে যোগাযোগ অব্যাহত ৰাখিছে৷ দলীয় টিকটৰ নিশ্চিতিৰ ওপৰতে এতিয়া নির্ভৰশীল হৈ পৰিছে ক্ষীৰোদ শইকীয়াৰ ৰাজনৈতিক পৰিচয়৷ ৰঞ্জিৎ দাসৰ চ’ৰাঘৰৰ দুৱাৰ খোল নাখালে ৰিপুণ বৰাৰ শোৱনী কোঠাত টোকৰ মাৰিবলৈ প্রস্তুত ‘কা’ বিৰোধী আন্দোলনৰ নেতা ক্ষীৰোদ শইকীয়া৷ একেদৰে কংগ্রেছৰ সৈতে যোগাযোগ স্থাপন কৰিছে আন এজন ‘কা’বিৰোধী নেতা জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন গগৈয়ে৷ গুৱাহাটীত বাহৰ পাতি থকা এই নেতাজনৰ লক্ষ্য ডিব্রুগড় অথবা লাহোৱাল সমষ্টিৰ দলীয় প্রার্থিত্ব৷ অৱশ্যে এই দুয়োজন নেতাই তৃতীয় পছন্দৰ পথ এটাও খোলা ৰাখিছে৷ বিজেপি আৰু কংগ্রেছত প্রার্থিত্বৰ নিশ্চিতি নহ’লে দুয়োজনৰে শেষ ঠিকনা হ’ব সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বত গঠন হ’বলগীয়া আঞ্চলিক দলটো৷ আনহাতে, আন এজন ‘কা’বিৰোধী নেতা সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই যোগাযোগ ৰাখিছে তেওঁৰ একান্ত ঘনিষ্ঠ কৃষিমন্ত্রী তথা অগপ সভাপতি অতুল বৰাৰ সৈতে৷ মহেন বৰাক লাগে গোলাঘাট সমষ্টিৰ পৰা অগপৰ প্রার্থিত্ব৷ অতুল বৰাই প্রার্থিত্বৰ নিশ্চিতি দিলেই আমবাৰীত ভৰি থ’ব ‘কা’বিৰোধী নেতা মহেন বৰাই৷ উজনি অসমৰ আন এজন ‘কা’বিৰোধী নেতা তথা চাহ জনজাতি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পৱন বেডিয়াই টোকৰ মাৰিছে শাসকীয় বিজেপি দলৰ দুৱাৰত৷ নাজিৰা সমষ্টিৰ পৰা বিজেপিৰ টিকটৰ নিশ্চিতি লাভ কৰিলেই অটল বিহাৰী বাজপেয়ী ভৱনত প্রৱেশ ঘটিব পৱন বেডিয়াৰ৷ ইফালে, কোচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাসী সদস্য পদৰ দাবীদাৰ হৈ পৰিছে আক্রাছুৰ সাধাৰণ সম্পাদক গোকুল বর্মন৷ একেটা পদৰেই দাবীদাৰ আক্রাছুৰ নেতা অতুল ৰায়ো৷ ইয়াৰ বিনিময়ত প্রয়োজনত গেৰুৱা বসন পিন্ধিবলৈ প্রস্তুত দুয়োজন নামনি অসমৰ ‘কা’বিৰোধী আন্দোলনৰ শীর্ষ নেতা৷ এতিয়া প্রয়োজন মাথোঁ বিজেপিৰ সেউজ সংকেতৰ৷ এনেদৰে বিভিন্ন সমষ্টিৰ পৰা দলীয় টিকট আৰু প্রস্তাৱিত তিনিখন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য পদৰ দৰ–দামেৰে শাসকীয় দলৰ নেতাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে একাংশ ‘কা’বিৰোধী আন্দোলনৰ নেতা৷ ছমাহ পূর্বে ৰাজ্যজুৰি গণ আন্দোলনৰ ৰূপ দিয়া ‘কা’বিৰোধী স্থিতি পৰিহাৰ কৰিবলৈ সম্পূর্ণ প্রস্তুত এইসকল জাতীয় সংগঠনৰ নেতা৷ লাগে মাথোঁ নিজৰ ৰাজনৈতিক স্বার্থ পূৰণৰ নিশ্চিতি৷ ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰা গায়ক–গায়িকা, অভিনেতা–ভিনেত্রীৰ পাছত এতিয়া একাংশ জাতীয় সংগঠনৰ নেতা নীতি–আদর্শৰ আপোচেৰে ক্ষমতাৰ ৰাজনীতিৰ নিগনি দৌৰত ব্যস্ত হোৱা বিষয়টোৱে তেওঁলোকৰ সুবিধাবাদী চৰিত্র জনসাধাৰণৰ সন্মুখত উন্মোচিত কৰি তুলিছে৷

You might also like