নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত আক্রান্ত হৈ ৰাজ্যত প্রথমজন সাংবাদিকৰ মৃত্যু

দেওবাৰে ১,৫৩৭গৰাকীৰ দেহত ধৰা পৰিল ক’ৰোনা

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ   ৰাজ্যখনত ক’ৰোনাত আক্রান্তৰ সংখ্যা ১,২৫,৪৫৯গৰাকীলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে প্রকাশ কৰা অনুসৰি দেওবাৰে দিনটোত নতুনকৈ ১,৫৩৭গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ দেওবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত ৩৮২গৰাকী কামৰূপ (মহানগৰ) জিলাৰ৷ সেইদৰে হোজাই জিলাৰ ১২৫গৰাকী আৰু ডিব্রুগড় জিলাৰ ১০৮গৰাকী লোক দেওবাৰে দিনটোত ক’ৰোনাত আক্রান্ত হয়৷ দেওবাৰৰ দিনটোত আক্রান্তৰ হাৰ ৬.৫৮ শতাংশ৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই দিয়া তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ২৩,৩৩৬টা ক’ভিড–১৯ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আনহাতে, দেওবাৰে ৰাজ্যত ৮গৰাকীকৈ ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷ মৃত লোককেইগৰাকী হ’ল– শিৱসাগৰৰ শংকৰ শর্মা (৫৮), মধুস্মিতা বৰুৱা (৪৩), লখিমপুৰৰ মাইনা দাস (৪২), নগাঁৱৰ গিৰিবালা দেৱী (৭০), কামৰূপ মহানগৰৰ প্রশান্ত কুমাৰ বৰঠাকুৰ (৬২), প্রণৱ ভৌমিক (৬২), কোকৰাঝাৰৰ হিৰণময় দাস (৭৩) আৰু যোৰহাট জিলাৰ ধনেশ্বৰ বৰা (৯২)৷ ইয়াৰ লগে লগে মাৰাত্মক ভাইৰাছত আক্রান্ত হৈ প্রাণহানি ঘটা লোকৰ মুঠ সংখ্যা ৩৬০গৰাকীলৈ বৃদ্ধি পালে৷ আজিৰ দিনটোত সুস্থ হৈ ১,৭৬৩গৰাকীয়ে হাস্পতালৰ পৰা ৰিলিজ লাভ কৰে৷ ইয়াৰ ফলত সুস্থ হৈ উঠা মুঠ লোকৰ সংখ্যা হৈছে ৯৬,৮২৩৷ বর্তমান বিভিন্ন চিকিৎসালয়ত মুঠ ২৮,২৭৩গৰাকী লোক চিকিৎসাধীন হৈ আছে৷
ক’ভিডত মৃত্যু অসমৰ প্রথমজন সাংবাদিক ধনেশ্বৰ ৰাভা
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ওদালগুৰি জিলাৰ টংলা কছাৰীতলৰ সাংবাদিক ধনেশ্বৰ ৰাভাই৷ ক’ভিড আক্রান্ত ৩৮ বছৰ বয়সীয়া সাংবাদিকজনে দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷ চলিত বর্ষৰ জানুৱাৰী মাহৰ পৰা বৃক্ক ৰোগত আক্রান্ত এই সাংবাদিকজন যোৱা ১৭ আগষ্টত মঙলদৈ অসামৰিক চিকিৎসালয়ত ডায়েলেছিছ কৰিবলৈ আহোঁতে ক’ভিড আক্রান্ত বুলি চিনাক্ত হৈছিল৷ তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ বাবে চিকিৎসকৰ পৰামর্শমর্মে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সেইদিনাই ভর্তি কৰোৱা হয়৷ আনহাতে, ক’ভিডত আক্রান্ত হৈ সাংবাদিকজনৰ পত্নী সুমিত্রা ৰাভা খানাপাৰা ক’ভিড কেয়াৰ চেণ্টাৰত আৰু মাতৃ গোসাঁনী ৰাভা, দুই সন্তান বিবেক ৰাভা, কমলোচনা ৰাভা আৰু ভাই–বোৱাৰী হৰিশিঙা মডেল হাস্পতালত ভর্তি হয়৷ উল্লেখ্য যে সাংবাদিকজনে অর্থৰ অভাৱত নিয়মীয়াকৈ ডায়েলেছিছ কৰিব পৰা নাছিল৷ ফলত বৃক্ক আৰু ক’ভিড এই দুয়োটা ৰোগত অৱশেষত মৃত্যুৰ শীতল কোলাত চিৰদিনৰ বাবে শুই পৰে সাংবাদিক ধনেশ্বৰ ৰাভা৷ উল্লেখ্য যে দুটা সন্তানৰ পিতৃ ধনেশ্বৰ ৰাভাই অধুনালুপ্ত আজি, দৈনিক যুগশংখ, প্রতিবেদন, নিউজ টাইম, অসম, প্রতিদিন টাইম, অসমীয়া খবৰ কাকতত টংলা ভেৰগাঁৱৰ পৰা সংবাদসেৱা কৰিছিল৷ তেওঁৰ মৃত্যুত দৰং জিলা ক্রীড়া সাংবাদিক সংস্থাৰ সভাপতি আব্দুল খালেক, সম্পাদক গণেশ দত্তই গভীৰ শোক প্রকাশ কৰিছে৷
বিশ্বনাথত ২৪ ঘণ্টাত ৩জনৰ ক’ভিড–১৯ত মৃত্যু
বিশ্বনাথ জিলাত ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত জিলাখনৰ ৩জন লোক ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ কালি সন্ধিয়া তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক সাবটি লয় পাভৈৰ বনাঞ্চলিক কার্যালয়ত কর্মৰত দেৱেন বৰা (৫৭) নামৰ কর্মচাৰীজনে৷ দেওবাৰে দিনৰ ভাগত বুঢ়ীগাঙৰ পূর্ণানন্দ দত্ত নামৰ জ্বৰত আক্রান্ত ব্যক্তিজনক বিশ্বনাথ চাৰিআলিৰ চিভিল হাস্পতাললৈ অনাৰ পথতে মৃত্যু হয়৷ অৱশ্যে পূর্ণানন্দ দত্তৰ (৬৫) ছোৱাব পৰীক্ষা কৰাত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷ তদুপৰি গহপুৰৰ পৱন যোশী নামৰ ৩৪ বছৰীয়া এজন যুৱকৰ ডিব্রুগড় মেডিকেল কলেজ হাস্পতালত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ উল্লেখ্য যে ক’ভিড–১৯ত আক্রান্ত হৈ হোম আইছ’লেচনত থকা অৱস্থাত অসুস্থ হৈ পৰা দেৱেন বৰাক প্রথমে বিশ্বনাথ চিভিল হাস্পতাল আৰু পাছত তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল৷ ইফালে জ্বৰত আক্রান্ত পূর্ণানন্দ দত্তই স্থানীয়ভাৱে চিকিৎসা লৈ আছিল যদিও ক’ৰোনাৰ লক্ষণ পৰিস্ফুট হোৱাত হাস্পতালত ভর্তি কৰিবলৈ আনোতেই বাটত তেওঁৰ মৃত্যু হয়৷
শিৱসাগৰত একেদিনাই ৩ ক’ভিড আক্রান্তৰ মৃত্যু
শিৱসাগৰত ক’ভিড–১৯ আক্রান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে মৃতকৰ সংখ্যাও দ্রুত গতিত বৃদ্ধি পোৱা ঘটনাই ৰাইজক আতংকিত কৰি তুলিছে৷ কেৱল আজিৰ দিনটোতেই ক’ভিড–১৯ত আক্রান্ত হৈ তিনিগৰাকীকৈব্যক্তিৰ মৃত্যু হোৱা ঘটনাই সমগ্র শিৱসাগৰত গভীৰ শোকৰ ছছা পেলাইছে৷ স্বাস্থ্য বিভাগৰ সূত্রই জানিবলৈ দিয়া মতে, দেওবােৰ পুৱতিনিশা ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, শিৱসাগৰৰ পশ্চিম যমুনা ৰোডৰ শংকৰ শর্মাৰ (৫৮) মৃত্যু হয়৷ শর্মাই ৪ দিন পূর্বেহে ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ আনহাতে, কভিড–১৯ত আক্রান্ত হৈ জয়সাগৰ নিৱাসী তথা অ’ এন জি চিৰ অৱসৰপ্রাপ্ত কর্মচাৰী দুর্গা বৰঠাকুৰৰ (৭৪)  মৃত্যু হোৱাৰ বাতৰি আহিছে৷প্রয়াত বৰঠাকুৰ জয়সাগৰ দুর্গোৎসৱৰ প্রতিষ্ঠাপক সভাপতি হোৱাৰ লগতে শ্রীশ্রীৰংগনাথ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ বর্তমানৰ সম্পাদক আছিল৷ পত্নীসহ তিনি পুত্রক এৰি থৈ যোৱা বৰঠাকুৰৰ শেষকৃত্য ক’ভিড প্রট’কল অনুসৰি থানামুখ শান্তিবন শ্মশানত সম্পর্ণ কৰা হয়৷ আনহাতে, শিৱসাগৰৰ লখিমী নগৰ ভোলা কলনীৰ বাসিন্দা তথা লালিম গাঁও প্রাথমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত শিক্ষয়িত্রী বন্তি খনিকৰ মহনৰো (৬৫) আজি ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটে৷ উল্লেখ্য যে কিছুদিন পূর্বে পুত্রৰ এজন বন্ধুৰ সৈতে দুচকীয়া বাহনেৰে বিবাহ অনুষ্ঠানলৈ গৈ থকা অৱস্থাত হাঁহচৰা কুঁজিবালিত দুর্ঘটনাত পতিত হৈ তেওঁ গুৰুতৰভাৱে আহত হৈছিল৷ লগে লগে তেওঁক ডিব্রুগডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল৷ সামান্যভাৱে আৰোগ্য হোৱাৰ পাছত তেওঁক ঘৰলৈ অনা হয় যদিও পৰৱর্তী সময়ত চেক আপৰ বাবে পুনৰ ডিব্রুগডলৈ নিয়া হয়৷ কিন্তু ক’ভিড পৰীক্ষাত পজিটিভ হোৱা বাবে চিকিৎসকে ঘৰলৈ অনাৰ পৰামর্শ দিয়ে৷ ৰোগীৰ অৱস্থাৰ প্রতি লক্ষ্য ৰাখি পৰিয়ালৰ লোকে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰায় যদিও আজি বিয়লি তেওঁৰ মৃত্যু হয়৷ খনিকৰৰ শেষকৃত্যও ক’ভিড প্রট’কল অনুসৰি প্রশাসনৰ উপস্থিতিত থানামুখ শ্মশানতেই সম্পর্ণ কৰা হয়৷ ইফালে আজিৰ দিনটোত শিৱসাগৰত পুনৰ ৩২গৰাকী ব্যক্তি ক’ভিড পজিটিভ ৰূপে চিনাক্ত হয়৷

You might also like