নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰছলাত কাঠফলা মিল উৎখাত বন বিভাগৰ

বিশেষ বাৰ্তা, ২৫ এপ্ৰিলঃ বৰছলা সমষ্টিৰ ভৰাশিঙৰী আৰু গৰুডোবা গাঁৱত বনবিভাগৰ শোণিতপুৰ জিলাৰ চাৰিটা বনাঞ্চলিক কাৰ্যালয়ৰ বনবিষয়াৰ লগতে বনকৰ্মীয়ে অভিযান চলাই দুটা অবৈধ কাঠফলা বৃহৎ মিল উৎখাত কৰিবলৈ সক্ষম হয় ।উল্লেখ্য যে মঙ্গলবাৰে এক গোপন সূত্ৰৰ পমখেদি বৰছলা বিধান সমষ্টিৰ ভৰাশিঙৰী আৰু গৰুডোবাত অভিযান চলাই দুটাকৈ বৃহৎ কাঠৰ মিল উৎখাত কৰাৰ লগতে লক্ষ্যাধিক টকাৰ অত্যাধুনিক মেচিনসহ অবৈধ কাঠফলা মেচিন জব্দ কৰে ঢেকিয়াজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়, তেজপুৰ সদৰ বনাঞ্চলিক কাৰ্যালয়, মধ্যম বনাঞ্চলিক কাৰ্যালয় আমাৰিবাৰী, চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া তথা বন কৰ্মীসকলে৷ তেজপুৰ বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ এ চি এফ গৌতম মহন্তৰ নেতৃত্বত চাৰিটা বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়াৰ লগতে বনকৰ্মীসকলে অবৈধভাৱে বৃহৎ কাঠফলা মিল দুটা জব্দ কৰে৷ জব্দকৃত অবৈধ কাঠখিনি হ’ল দেৱা, পাকৰি, কদম, ঘোৰানিম, জিয়া ইত্যাদি মূল্যবান কাঠ। জব্দকৃত অবৈধ কাঠখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি জনাইছে বন বিভাগে।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like