বিশেষ বাৰ্তা, ২৯ এপ্রিলঃ বার্ডফ্লুৰ সংক্রমণৰ পৰিপ্রেক্ষিতত বহিঃৰাজ্যৰ পৰা আমদানিত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ লগে লগেই ৰাজ্যত ব্রইলাৰ মুর্গীৰ দাম আকাশলংঘী হোৱাৰ পিছতে অনুৰূপ ঘটনা ঘটিছে চালানী মাছৰ ক্ষেত্রতো৷ শেহতীয়াকৈ নগাঁও মহাবিদ্যালয়ৰ প্রাণী বিজ্ঞান বিভাগৰ গৱেষণাত চালানী মাছত মাৰাত্মক ফর্মেলিনৰ উপস্থিতি নিশ্চিত হোৱাৰ খবৰ ৰাজহুৱা হোৱাত মুনাফাখোৰ মৎস্য ব্যৱসায়ীয়ে গ্রাহকক লুণ্ঠনত নামি পৰিছে৷ ৰাজ্যত হঠাতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে থলুৱা মাছৰ দাম৷ ৰাজ্যৰ চুকে–কোণে নৈ–খাল–বিল–পুখুৰী থকাৰ পিছতো একে নিশাৰ ভিতৰতে ৫০–১০০ টকা পর্যন্ত দাম বাঢ়িল থলুৱা মাছৰ৷ মহানগৰীৰ গুৱাহাটীৰ উজানবজাৰ, গণেশগুৰি, নাৰেংগী, মালিগাঁও আদিকে ধৰি প্রধান মাছৰ বজাৰসমূহত আজি থলুৱা মাছৰ দৰ সাংঘাতিক ধৰণে ঊর্ধ্বমুখী হৈ পৰে৷ লক্ষণীয়ভাৱে ৰাজ্যৰ বিভিন্ন বজাৰলৈ বহিঃৰাজ্যৰ পৰা ট্রাকে ট্রাকে চালানী মাছ আহি আছে৷ কিন্তু ফর্মেলিন থকাৰ সন্দেহত এতিয়া ৰাইজে চালানী মাছ ক্রয় কৰাৰ পৰা বিৰত আছে৷ ৰাইজৰ এই অসহায়তাৰ সুযোগ লৈ মুনাফাখোৰ ব্যৱসায়ীয়ে নিশাটোৰ ভিতৰতে বঢ়াই দিলে থলুৱা মাছৰ দাম৷ মহানগৰীত যোৱা কিছুদিন পূর্বলৈকে ৩০০–৩৫০ টকা প্রতি কিঃ গ্রামত উপলব্ধ হৈছিল থলুৱা ৰৌ মাছ৷ আজি সেই একেই ৰৌ মাছ ৪০০–৪৫০ টকাকৈ বিক্রী হ’ল৷ ঠিক একেদৰেই পূর্বে প্রতি কিঃ গ্রামত ভকুৱা ৪০০ টকা, ভাঙোন ২০০ টকা, শিঙি ৬০০ টকা, মাগুৰ ৮০০ টকাকৈ মহানগৰীত পোৱা গৈছিল৷ কিন্তু ফর্মেলিনৰ প্রভাৱত ২৪ ঘণ্টাৰ পিছতেই প্রতি কিঃ গ্রামত ভকুৱা ৪৫০–৫০০ টকা, ভাঙোন ২৮০–৩০০ টকা, শিঙি ৮০০ টকা, মাগুৰ ১০০০–১২০০ টকা হৈ পৰিল৷ এয়া অৱশ্যে গুৱাহাটী মহানগৰীৰ বজাৰৰহে মূল্য৷ ৰাজ্যৰ আন প্রান্তৰ নগৰ আৰু গ্রামাঞ্চলত গুৱাহাটীৰ দৰেই অধিক দামত বিক্রী হৈছে থলুৱা মাছ৷ ধেমাজিৰ জোনাইৰ বজাৰত অকল গৰৈ মাছ প্রতি কিঃ গ্রামত ৭০০ টকাকৈ উপলব্ধ হোৱাত বজাৰ কৰিবলৈ গৈ চকু কপালত উঠিল ৰাইজৰ৷ কিয়নো অকল গৰৈ মাছেই যদি ৭০০ টকাকৈ দি ৰাইজে কিনি খাবলগীয়া হয়, তেন্তে বৰালি–আঁৰি মাছৰ কাষেই চাপিব নোৱাৰা অৱস্থা হ’ব ৰাইজৰ৷ মন কৰিবলগীয়া যে ৰাজ্যৰ বজাৰত বৰালি আৰু আঁৰি মাছ প্রতি কিঃ গ্রামত ১২০০ টকাৰ তলত বর্তমান নাই বুলিয়েই ক’ব পাৰি৷ একে নিশাতেই থলুৱা মাছৰ এনে বর্ধিত মূল্যই বিশেষকৈ বিপদত পেলাইছে দুখীয়া–নিম্ন মধ্যবিত্ত শ্রেণীটোক৷ কিয়নো কম মূল্য অথবা সহজলভ্য হোৱাৰ বাবে চালানী মাছ অধিকাংশ দুখীয়া–নিম্ন–মধ্যবি প্রথম পছন্দ৷ কিন্তু জানি বুজি বিষ কোনেও পান নকৰে৷ ৰাইজৰ এই অসহায়তাক সুৱর্ণ সুযোগ ৰূপে ব্যৱহাৰ কৰি কোনো নির্দেশনা অবিহনেই নিজৰ খেয়াল–খুচি মতেই ব্যৱসায়ীয়ে বঢ়াইছে মাছৰ দাম৷ মাছৰ বাদেও ইতিমধ্যে ব্রইলাৰ মুর্গীৰ দামো এতিয়া পূর্বতকৈ ৬০ টকা বাঢ়িছে৷ লকেল মুর্গী সহজতে উপলব্ধ নহয় বা হ’লেও ৫০০ টকাৰ তলত পোৱা নাযায়৷ গতিকে মূল্যবৃদ্ধিৰ কেঁকোৰা চেপাত সাধাৰণ ৰাইজে বন্দী হৈ ত্রাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে৷ উল্লেখ্য যে চালানী মাছত বিষাক্ত ফর্মেলিন থকাৰ তথ্য ৰাজহুৱাভাৱে প্রকাশ হোৱাৰ পিছত খাদ্য সুৰক্ষা বিভাগে আজি বেতকুছিৰ মাছৰ বজাৰত অভিযান চলায়৷ বহিঃৰাজ্যৰ পৰা অহা মাছৰ নমুনা সংগ্রহ কৰি বিভাগে ফর্মেলিন বা আন বিষাক্ত পদার্থ আছে নেকি সেয়া পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্রেৰণ কৰে৷ জনস্বাস্থ্যৰ প্রতি গুৰুতৰ শংকা সৃষ্টি কৰা এই বিষয়টোক লৈ মীনমন্ত্রী পৰিমল শুক্লবৈদ্যও উদ্বিগ্ণতা প্রকাশ কৰি পাঁচটাকৈ প্রতিষ্ঠানক চালানী মাছত ফর্মেলিন থকা–নথকা বিষয়টো অধিক গৱেষণাৰ বাবে দায়িত্ব প্রদান কৰিছে৷