নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত ৰাষ্ট্ৰীয় ক্ৰচ ক্ৰান্তি দৌৰ প্ৰতিযোগিতাৰ আদৰণী সমিতি গঠন

বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰঃ অসম অলিম্পিক সন্থাৰ উদ্যোগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত আৰু শুৱালকুছি ক্ৰীড়া সন্থাৰ সহযোগত ৮ জানুৱাৰীত শুৱালকুছিৰ বালিচৰত অনুষ্ঠিত হব ৰাষ্ট্ৰী পৰ্যায়ৰ ক্ৰচ ক্ৰান্তি দৌৰ প্ৰতিযোগিতা ৷ দেশৰ প্ৰায় ত্ৰিশখন ৰাজ্যৰ ৬৫০গৰাকী খেলুৱৈ ভাগ লব লগা উক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখন সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্য আজি শুৱালকুছি পৰিদৰ্শন বঙলাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ সভাত প্ৰতিযোগিতাখনৰ সকলো দিশ পৰ্যালোচনা কৰি এখন আদৰণী সমিতি গঠন কৰা হয় ৷ আদৰণী সমিতিত উপস্থিত ৰাইজৰ পূৰ্ণ সমৰ্থনত স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক মুখ্য পৃষ্ঠপোষক, কামৰূপৰ উপায়ুক্ত কীৰ্তি জ্বলী আৰু আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ক পৃষ্ঠপোষক, অসম অলিম্পিক সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীক মুখ্য উপদেষ্টা, দুলুমণি দাসক উপদেষ্টা, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীক সভাপতি, শুৱালকুছি ক্ৰীড়া সন্থাৰ সভাপতি ডা° কাৰ্ত্তিক চন্দ্ৰ মেধিক কাৰ্যকৰী সভাপতি, শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি হেমচন্দ্ৰ বৈশ্যক উপসভাপতি, শুৱালকুছি ক্ৰীড়া সন্থাৰ সম্পাদক গৌতম বৈশ্যক সাধাৰণ সম্পাদক, অনিল বৈশ্য, জয়ন্ত বৈশ্য আৰু ৰমেন কলিতাক যুটীয়া সম্পাদক, মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মাক সহকাৰী সম্পাদক হিচাবে নিৰ্বাচিত কৰাৰ লগতে কিছু কিছু বিশেষ ব্যক্তিক বিভিন্ন উপ সমিতি প্ৰস্তুত কৰাৰ দায়িত্ব দিয়ে ৷ সেই মৰ্মে খাদ্য বিভাগত হেমচন্দ্ৰ বৈশ্য, প্ৰশান্ত বৈশ্য, দিগন্ত দাস, ব্যৱস্থাপনা ৰাজিৱ দাস, নন্দিতা দাস, পৰিবহন ভবানী চৰণ দাস, হেমন্ত কলিতা, স্বেচ্ছাসেৱক মানৱ কলিতা, অপূৰ্ব দাস,নিত্যানন্দ নাথ আৰু দিব্যজ্যোতি কলিতা, পঞ্জীয়ন অমৰ মহন্ত, মৃদুল বৈশ্য আৰু হীৰা ভৰালী, মিডিয়া চেল দিলীপ মেধি, প্ৰবীন কুমাৰ দাস আৰু ৰূপক বৈশ্য, ষ্টেট কো অৰ্ডিনেটৰ পংকজ ভৰালী আৰু প্ৰাঞ্জল বুঢ়াগোহাই, ধন ভৰালী মৃগেন্দ্ৰ কুমাৰ দাস, মেচ কমিচনাৰ নিপন দাস৷ সভাত ট্ৰেক এণ্ড ফিল্ড, ব্যৱস্হাপনা, বিদ্যুত, পানী আৰু অনাময়, স্বচ্ছতা, খাদ্য, মঞ্চ আৰু মণ্ডপ, পৰিচয় পত্ৰ, আৰম্ভণি আৰু সামৰণী অনুষ্ঠান, খেলুৱৈৰ নিৰাপত্তা, প্ৰশাসনিক ব্যৱস্থা, বাট-পথ আদি দিশৰ ওপৰত আলোচনা কৰা হয় ৷ লগতে আজিৰ সভাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ দৌৰবিদ পি টি ঊষাক সামৰণী অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷ সভাপতি হেমন্ত চৌধুৰীয়ে ৰাজ্যৰ গড়কাপ্তানি বিভাগক শুৱালকুছি শিঙিমাৰি পথ টি ৰং দিয়াৰ ব্যৱস্থা কৰি সুন্দৰ আৰু আকৰ্ষণীয় কৰি তোলাৰ বাবে আহ্বান জনায় ৷ আনহাতে শুৱালকুছিৰ সকলো বাট পথ যাতে ৬ জানুৱাৰীৰ পূৰ্বে চাফ চিকুণ হয় তাৰ বাবেও গড়কাপ্তানি বিভাগক দ্বায়িত্ব দিয়ে ৷ সভাত আলহী অতিথি তথা প্ৰতিগৰাকী খেলুৱৈক শুৱালকুছি পদাৰ্পনৰ লগে লগে একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সভাপতি হেমন্ত চৌধুৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনায় ৷

প্ৰেৰক দিলীপ মেধি

You might also like