🔹 ‘আজিৰ পৰা বিপিএফ দলৰ হিম’গ্লবিন পাঁচৰ তলত হ’ব’
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ ইউপিপিএলে নিৰ্বাচনত নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত ইউপিপিএলৰ উদ্যোগত সভাপতি প্ৰমোদ বড়োৰ উপস্থিতিত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বি পি এফ দলৰ ওপৰত এক মোক্ষম আঘাত হানি প্ৰাক্তন মন্ত্ৰী তথা বি পি এফৰ অন্যতম শক্তিশালী নেতা চন্দন ব্ৰহ্মই কেইবাসহস্ৰ সমৰ্থকৰ সৈতে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলত যোগদান কৰে। উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত ছিদলী বিধানসভা সমষ্টিত পৰাজিত হোৱাৰ পিছত কোনো অজ্ঞাত কাৰণত চন্দন ব্ৰহ্মই সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল। ইউ পি পি এলত যোগদানৰ বাবে দুদিন পূৰ্বে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি প্ৰাক্তন মন্ত্ৰী ব্ৰহ্মই বিপিএফ দল ত্যাগ কৰে। আজি কাজলগাঁও সাপ্তাহিক বজাৰ চৌহদস্থিত সামূহিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ইউপিপিএল দলৰ যোগদান কাৰ্যসূচীত দিয়া ভাষণত প্ৰাক্তন মন্ত্ৰী ব্ৰহ্মই কয়- ‘মোৰ ইউ পি পি এললৈ অহাটো সময়ৰ আহ্বান মাথোঁ। ইউপিপিএল দল যথেষ্ট শক্তিশালী। অদূৰ ভৱিষ্যতে দলটোক অধিক শক্তিশালী কৰাৰ লগতে প্ৰমোদ বড়োৰ নেতৃত্বত বি টি আৰ অঞ্চলত যি উন্নয়ন আৰু ঐক্যৰ গতি হৈছে, সেই গতি অব্যাহত ৰখাৰ স্বাৰ্থত তথা সম্প্ৰতি বিটিআৰত যি শান্তি প্ৰতিষ্ঠা হৈছে, সেই শান্তি, ঐক্য, সমন্বয় চিৰস্থায়ী কৰাৰ বাবে আজি সময়ৰ আহ্বানত ইউপিপিএল দলত যোগদান কৰিছোঁ।’ চন্দন ব্ৰহ্মই সাংসদ নৱ কুমাৰ শৰণীয়াক সাম্প্ৰদায়িক বুলি অভিহিত কৰি সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে মানুহৰ মাজত বিভাজন অনাৰ অভিযোগ তোলে। ব্ৰহ্মই তেওঁৰ ইউপিপিএল দলত যোগদানৰ পিছত আজিৰ পৰা বিপিএফ দলৰ হিম’গ্লবিন পাঁচৰ তলত হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। চন্দন ব্ৰহ্মক আদৰণী জনোৱাৰ সময়ত ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে কয় যে বিটিচিত প্ৰতিষ্ঠিত শান্তিৰ বাবেহে এয়া সম্ভৱ হৈছে। ইউ পি পি এল হৈছে সকলো শ্ৰেণী আৰু সম্প্ৰদায়ৰ এটা দল, যিয়ে সকলো ধৰণৰ উন্নয়নমূলক কামৰ বাবে সাজু। সভাত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, কোকাৰঝাৰ লোকসভাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, বিটিচিৰ উপ-প্ৰধান গোবিন্দ বসুমতাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ধনঞ্জয় বসুমতাৰী, প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব মাধৱ ছেত্ৰী উপস্থিত থাকে। চন্দন ব্ৰহ্মৰ সৈতে আজি আমছুৰ মুখ্য সাংগঠনিক সম্পাদক গুলজাৰ হুছেইন পাৰমাণিক, বড়োলেণ্ড ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অশোক ব্ৰহ্মৰ লগতে অন্যান্য বহুকেইটা সংগঠনৰ শীৰ্ষ নেতা-কৰ্মীয়েও ইউপিপিএল দলত যোগদান কৰে। আনহাতে, আক্ৰাছুৰ মুখ্য উপদেষ্টা অৰুণ কুমাৰ ৰায়েও আক্ৰাছুৰ পৰা পদত্যাগ কৰি ২৭জন সহকৰ্মীৰ সৈতে আজি ইউ পি পি এলত যোগদান কৰে।
প্ৰেৰক বিপুল কুমাৰ দাস