নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ৰাজেন গোহাঁইৰ বানাক্ৰান্ত শিবিৰ পৰিদৰ্শন

নিয়মীয়া বার্তা, ২১ জুন:- আজি হোজাইৰ বানাক্ৰান্তৰ খবৰ লোৱাৰ বাবে উপস্থিত হয় প্ৰাক্তন ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই । তেওঁ হোজাই যোগীজান অঞ্চলৰ বিভিন্ন বানাক্ৰান্ত লোকসকলে আশ্ৰয় লৈ থকা যোগীজান ৰেল ষ্টেচন পৰিদৰ্শন কৰিবলৈ উপস্থিত প্ৰাক্তন ৰেল মন্ত্ৰী ৰাজেন গোহাঁই । এমাহৰ ভিতৰতে হোৱা দ্বিতীয়টো বানৰ ফলত সমগ্ৰ যোগিজান অঞ্চল ডুব যোৱাত যোগিজান অঞ্চলবাসীৰ লোকসকলে নিজ নিজ ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় হয় । হোজাইৰ যোগিজান ৰেল ষ্টেচনত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোকসকলৰ ওচৰত প্ৰাক্তন ৰেল মন্ত্ৰী ৰাজেন গোহাঁই উপস্থিত হৈ ৰেল ষ্টেচন পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত লোকসকলৰ অভাৱ অভিযোগ সমূহৰ বুজ লয় । প্ৰাক্তন ৰেল মন্ত্ৰীজনক সংগ দিয়ে হোজাই জিলা বিজেপিৰ প্ৰাক্তন সভাপতি উত্তম দাসে ।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like