নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ বানাক্ৰান্তলৈ হোজাইৰ পৰা ৰেলযোগে সামগ্ৰী প্ৰেৰণ নগাঁও প্ৰশাসনৰ

নিয়মীয়া বার্তা, ২১ জুন:- আজি বিয়লি হোজাইৰ পৰা ৰেল যোগে খাদ্য সামগ্ৰী প্ৰেৰণ নগাঁও জিলাৰ বান পীড়িত এলেকালৈ।আজি হোজাই ৰেল ষ্টেচনৰ পৰা নগাঁও জিলা প্ৰশাসনে বিশেষ ৰেল যোগে প্ৰেৰণ কৰিছে খাদ্য সামগ্ৰী।নগাঁও জিলাৰ কামপুৰত,ৰহা আদি অঞ্চলত সংহাৰী বানৰ ফলত বিচ্ছিন হৈ পৰিছে যাতায়ত যাৰ ফলত প্ৰশাসনৰ এই পদক্ষেপ।বানাক্ৰান্ত নগাঁও জিলাৰ ১০৯ খন গাঁও বানৰ কৱলত পৰা দুই লাখ পঞ্চাশ হাজাৰ বানাক্ৰান্তৰ বাবে এই সামগ্ৰী।নগাঁও জিলা প্ৰশাসনে চাউল ,দালি, মিঠাতেল আদি অতিআৱশ্যকীয় সমগ্ৰী প্ৰেৰণ কৰে বানাক্ৰান্ত লৈ। সাংবাদিকৰ আগত প্ৰেৰণ কৰা সামগ্ৰী আৰু কিমান বানাক্ৰান্ত সেই কথা প্ৰেৰণ কৰা বিষয়াই নিজেই নাজানো বুলি স্বীকাৰ কৰাৰ লগতে কিমানখন গাওঁ বানপীড়িত সেই কথাও বিষয়া জনে নজনাত বিষয়টো চৰ্চ্চা লাভ কৰিছে।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like