বিশেষ বাৰ্তা, ২৫ অক্টোবৰঃ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। তেওঁৰ শাৰীৰিক অসুস্থতাৰ প্ৰতিমুহূৰ্তে খবৰ লৈ আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সেই অনুসৰি আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নিৰ্দেশ মৰ্মে ডাঃ জাকিৰ হুছেইন আৰু জি এন আৰ চি হাস্পতাল ডাঃ নোমল বৰাৰ পৰামৰ্শ লব জি এম চি এইচ কৰ্তৃপক্ষই। উল্লেখ্য যে বৰকটকীৰ মগজুৰ ৰক্তক্ষৰণ বৃদ্ধি হোৱাৰ বাবে বৰ্তমান তেওঁৰ ছাৰ্জাৰী কৰাটো ম্ভৱ নহয়। যাৰ বাবে আইচিইউত ৰাখি প্ৰতিমুহূৰ্ততে নিৰীক্ষণ কৰা থকা হৈছে তেওঁক। আনহাতে পূৰ্বে মেডাণ্ট হাস্পতালত তেওঁৰ ছাৰ্জাৰী কৰা হৈছিল।
#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক