গগনা মুম্বাইৰ প্ৰাক্তন সভাপতি সুজিত বৰাৰ মৃত্যু
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মাৰ্চঃ বলীউডৰ ছবি জগতৰ অন্যতম চিনাকি নাম ডি আই কালাৰিষ্ট হিচাপে মায়া নগৰী মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান সুজিত বৰাই সোমবাৰে সন্ধিয়া ৭-৩২ বজাত মুম্বাইৰ ভক্তিবেদান্ত হাস্পতালত ইহলীলা সম্বৰণ কৰে। ৫৯ বছৰীয়া সুজিত বৰাই মুম্বাইৰ বলীউডত তেওঁৰ বিৰল প্ৰতিভাৰে এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে তেওঁ মুম্বাইৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান গগনা আছামীজ পিপল’জ এছ’চিয়েছন তথা গগনা মুম্বাইৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান কাৰ্যবাহী সমিটিৰ উপদেষ্টা আছিল।
১৯৬৬ চনত তিনিচুকীয়াৰ মাকুমত জন্মগ্ৰহণ কৰা সুজিত বৰাই মাকুম আৰু তিনিচুকীয়াতে স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ১৯৯১ চনত গুৱাহাটীস্থিত ৰাজ্যিক চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ পৰা চাৰু কলাত স্নাতক ডিগ্ৰী লাভ কৰে । ১৯৯৩ চনত তেওঁ গুজৰাটৰ বদোদৰাস্থিত মহাৰাজা সয়াজিৰাও বিশ্ববিদ্যালয়ৰ পৰা চাৰু কলা বিষয়ত ডিষ্টিংচন সহ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ হয়।
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈকে চেন্নাই চেণ্টাৰৰ ললিত কলা একাডেমীৰ পৰা বৃত্তি লৈ শিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। চেন্নাইত থকা সময়ছোৱাত তেওঁ কম্পিউটাৰ গ্ৰাফিক্স শিকিছিল। ১৯৯৭ চনত তেওঁ মুম্বাইলৈ আহি হিন্দী আৰু অন্যান্য আঞ্চলিক ভাষাৰ ধাৰাবাহিক নিৰ্মাণৰ বাবে এটা ফ্লিম ষ্টুডিঅ’ত স্পেচিয়েল ইফেক্টছ আৰ্টিষ্ট (Spatial Effect Artist) হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। উল্লেখযোগ্য যে নব্বৈ দশকৰ চুপাৰহিট ধাৰাবাহিক শক্তিমানতো তেওঁ কাম কৰিছিল।
প্ৰধানকৈ তেওঁ আছিল এজন সুপৰিচিত পেছাদাৰী ফ্ৰী-লেন্স ডিজিটেল ইণ্টাৰমিডিয়েট (ডি আই) কালাৰিষ্ট। পেছাদাৰী ডি আই কালাৰিষ্ট হিচাপে সুজিত বৰাই বহুকেইখন শেহতীয়া অসমীয়া, বড়ো, হিন্দী, মাৰাঠী আৰু গুজৰাটী ভাষাৰ বোলছবিত কাম কৰিছিল। কানখোৱা, বীৰ, বুম্বা ৰাইড, অনুনাদ-অনুনাদ, ইশু, আকোমন, ৰক্তবীজ আদি অসমীয়া ভাষাৰ চিনেমাৰ লগতে গোৰাই পাকৰি (বড়ো), আইছা য়েহ জাহান, পৰ্দেছ, মৃত্যুদাতা, সৰফাৰোছ, গংগা দেৱী, ইছক কে পৰিন্দে ইত্যাদি হিন্দী চলচ্চিত্ৰ, ডাল ভাত (গুজৰাটী), মাৰাঠী ভাষাৰ ৰাখ, ব্লেকবৰ্ড, ভাই, ফেণ্ড্ৰি উল্লেখযোগ্য।
এনেকুৱা বহু প্ৰখ্যাত ছবিত কাম কৰা সুজিত বৰা VCP myopathy নামৰ ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল। ই এক বিৰল অৱক্ষয়ী জিনীয় বিকাৰ, য’ত দুৰ্বলতাই ক্ৰমান্বয়ে শৰীৰৰ সকলো পেশীত প্ৰভাৱ পেলায়। প্ৰায় ৬ বছৰ আগতে ২০১৮ চনত তেওঁৰ ভৰিৰ পেশী দুৰ্বলতাৰ পৰাই এই ৰোগ আৰম্ভ হৈছিল। শেষত এই ৰোগে তেওঁৰ হৃদযন্ত্ৰ আৰু শ্বাস-প্ৰশ্বাসৰ পেশীত প্ৰভাৱ পেলাইছিল যাৰ বাবে তেওঁৰ নিজাববীয়াকৈ উশাহ- নিশাহ লোৱাত অসুবিধা হৈছিল।
মৃত্যুৰ সময়ত সুজিত বৰাই কন্যা গাৰ্গী বৰা আৰু পত্নী প্ৰণীতা বৰাক ইহ সংসাৰত এৰি গৈছে। সুদীৰ্ঘ দিন মুম্বাইত বসবাস কৰা সুজিত বৰাই গগনা মুম্বাইৰ জন্মলগ্নৰে পৰা জড়িত আছিল। তেওঁৰ মৃত্যুত জন্মস্থান মাকুম তথা তিনিচুকীয়াৰ লগতে মুম্বাইৰ অসমীয়া সমাজতো গভীৰ শোকৰ ছাঁ পৰিছে। সোমবাৰে নিশা মীৰাৰোডৰ শশ্মানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।