নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ পৰলোকগমন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ডিচেম্বৰঃ দেশৰ প্রাক্তন প্রধানমন্ত্রী, প্রখ্যাত অর্থনীতিবিদ ড০ মনমোহন সিং আৰু নাই৷ অসমৰ ৰাজ্যসভাৰ সাংসদৰূপে দুবাৰকৈ প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱা অর্থনীতিবিদ, প্রবীণ কংগ্রেছী নেতা ড০ মনমোহন সিঙৰ দিল্লী এইমছত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে৷ গুৰুতৰভাৱে অসুস্থ প্রাক্তন প্রধানমন্ত্রী, ৰাষ্ট্রনেতা ড০ মনমোহন সিঙক দিল্লীৰ এইমছত ভর্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে৷ ভাৰতীয় অর্থনীতিৰ উত্তৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা অর্থনীতিবিদ ড০ মনমোহন সিঙে একেৰাহে কংগ্রেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দুবাৰকৈ প্রধানমন্ত্রী হিচাপে কার্যনির্বাহ কৰে৷ ২০২৪ চনৰ এপ্রিলত ৰাজ্যসভাৰ সাংসদৰ ৰূপত সক্রিয় ৰাজনীতিৰ পৰা অৱসৰ গ্রহণ কৰা ড০ সিং প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পূর্বে দেশৰ বিত্তমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰি অর্থনীতিৰ ক্ষেত্রত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে৷ ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে একেৰাহে দুবাৰকৈ প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱা ড০ মনমোহন সিং হৈছে দেশৰ প্রথমগৰাকী শিখ প্রধানমন্ত্রী৷ দেশৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ পিছত পাঁচ বছৰ সম্পূর্ণ কার্যকাল সম্পন্ন কৰি দুবাৰকৈ প্রধানমন্ত্রী হোৱা ড০ সিঙৰ ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পশ্চিম পঞ্জাব (বর্তমান পাকিস্তান)ৰ গাহত জন্মগ্রহণ কৰে৷ ১৯৪৭ চনত ভাৰত বিভাজনৰ ফলত পৰিয়ালৰ সৈতে ভাৰতলৈ প্রব্রজন কৰা ড০ সিঙে অক্সফ’ড বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতিত ডক্টৰেট লাভ কৰে৷ ৰাষ্ট্রসংঘত ১৯৬৬ চনৰ পৰা ১৯৬৯লৈ বিষয়া হিচাপে কাম কৰা ড০ সিঙে এগৰাকী আমোলা হিচাপেও কার্যনির্বাহ কৰিছিল৷ ভাৰত চৰকাৰৰ কেইবাটাও গুৰুত্বপূর্ণ পদবী বিশেষকৈ মুখ্য অর্থনৈতিক উপদেষ্টা, ৰিজার্ভ বেংকৰ গৱর্নৰ আৰু পৰিকল্পনা আয়োগৰ মুৰব্বী হিচাপে কার্যনির্বাহ কৰিছে৷ ১৯৯১ চনত ভাৰতৰ অর্থনৈতিক সংকটৰ সময়ত তদানীন্তন প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাওৰ চৰকাৰত বিত্তমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰি ভাৰতৰ অর্থনীতিক সুস্থিৰ অৱস্থালৈ অনাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে ড০ সিঙে৷ ভাৰতীয় অর্থনৈতিক সংস্কাৰৰ ক্ষেত্রত অনবদ্য ভূমিকা গ্রহণ কৰা ড০ সিঙে ১৯৯৮–২০০৪ চনত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী চৰকাৰৰ কার্যকালত ৰাজ্যসভাত বিৰোধী দলপতি হিচাপে সক্রিয় ভূমিকা গ্রহণ কৰে৷ ২০০৪ চনত কংগ্রেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ প্রধানমন্ত্রী হিচাপে প্রথমবাৰৰ বাবে দায়িত্ব গ্রহণ কৰা ড০ সিঙে ২০০৯ চনতো ইউপিএ পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাত প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰে৷ ব্রিটিছশাসিত ভাৰতৰ গাহত গুৰমুখ সিং আৰু অমৃত কৌৰৰ ঔৰসত জন্মগ্রহণ কৰা ড০ সিঙে মাতৃৰ বিয়োগ ঘটাত আইতাকৰ সৈতে ডাঙৰ–দীঘল হয়৷ উর্দু মাধ্যমত শিক্ষাগ্রহণ কৰা ড০ সিঙে অমৃতসৰত হিন্দু কলেজত অধ্যয়ন কৰে৷ পঞ্জাব বিশ্ববিদ্যালয়ৰ অর্থনীতিত স্নাতক ডিগ্রী আৰু স্নাতকোত্তৰ ডিগ্রী লাভ কৰি পিছলৈ ১৯৫৭ চনত কেম্ব্রিজ বিশ্ববিদ্যালয়ত অর্থনীতিৰ ডিগ্রী গ্রহণ কৰে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ত ডিগ্রী গ্রহণ কৰি ভাৰতলৈ অহা ড০ সিঙে কিছুদিন ধৰি পঞ্জাব বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে৷ পৰৱর্তী সময়ত তেওঁ অক্সফ’ড বিশ্ববিদ্যালয়লৈ গৈ ডক্টৰেট ডিগ্রী লাভ কৰে৷ প্রধানমন্ত্রী হিচাপে প্রথমটো কার্যকালত ৰাষ্ট্রীয় গ্রাম্য স্বাস্থ্য অভিযান (এনএইচআৰএম) আৰম্ভ কৰা ড০ সিঙৰ দ্বিতীয়টো কার্যকালত শিক্ষাৰ অধিকাৰ আন এক গুৰুত্বপূর্ণ পদক্ষেপ আছিল৷ এছিয়াৰ ইতিহাসত অন্যতম মহান ৰাষ্ট্রনেতা হিচাপে পৰিচিত ড০ সিঙে ১৯৫৮ চনত গুৰচৰণ কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ তিনিটি সন্তান৷ ৰাজনৈতিক নেতাৰ সমান্তৰালকৈ অর্থনীতিবিদ হিচাপেও দেশ আৰু বিদেশত খ্যাতি অর্জন কৰা ড০ সিঙৰ সম্পর্কত ২০১৯ চনত ‘দ্য এক্সিডেণ্টেল প্রাইম মিনিষ্টাৰ’ শীর্ষক ছবি এখন নির্মাণ কৰা হৈছিল৷ ড০ সিঙৰ বিয়োগত সমগ্র দেশবাসী ম্রিয়মাণ হৈছে৷

You might also like