নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ সংঘৰ প্রাক্তন প্রধান সম্পাদক বাবুল বৰাক বহিষ্কাৰ

🔹 বিত্তীয় অনিয়ম–অনুশাসন ভংগৰ অভিযোগ

বিশেষ বাৰ্তা, ১৯ জুলাই : শ্রীমন্ত শংকৰদেৱ সংঘৰ দৰে এটি ঐতিহ্যমণ্ডিত অনুষ্ঠানত বিত্তীয় কেলেংকাৰি আৰু অনুশাসন ভংগৰে বিতর্কিত পৰিস্থিতিৰ সৃষ্টি কৰা প্রাক্তন প্রধান সম্পাদক বাবুল বৰাক চিৰদিনৰ বাবে সংঘৰ সকলো বিষয়বাবৰ পৰা অৱশেষত বহিষ্কাৰ কৰা হৈছে৷ ৰাজ্যৰ অন্যতম ধর্মীয় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদকৰ দৰে এটা অত্যন্ত গুৰুত্বপূর্ণ পদবীত থাকি নিজকে অনুষ্ঠানটোৰ কার্যতঃ একছত্রী সম্রাটৰূপে ঘোষণা কৰা বাবুল বৰাই সকলো ধৰণৰ অনুশাসন ভংগ কৰাৰ লগতে সংঘক অৱমাননা কৰিছিল৷ প্রাক্তন প্রধান সম্পাদক বৰাৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় কেলেংকাৰিৰ বিভিন্ন অভিযোগৰ পাছত কালি ৰূপনগৰৰ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্রেক্ষাগৃহত এখন জৰুৰী কার্যনির্বাহক অনুষ্ঠিত হয়৷ বিশেষ এটা সূত্রৰ পৰা জানিব পৰা মতে, সংঘৰ পদাধিকাৰ ভবেন্দ্র ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত কার্যনির্বাহকত সদস্যসকলৰ অনুমোদনমর্মে প্রাক্তন প্রধান সম্পাদক বাবুল বৰাৰ ‘সংগীপদ’ বাতিল কৰাৰ লগতে সংঘৰ মজিয়াৰ পৰা সকলো বিষয়বাবৰ পৰা চিৰদিনৰ বাবে বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সূত্রটোৱে সদৰী কৰা মতে, প্রধান সম্পাদক হৈ থকাৰ সময়ত বহু বিত্তীয় অনিয়ম বাবুল বৰাই সংঘটিত কৰিছিল৷ সংঘই বিভিন্ন উৎসৰ পৰা বহু সময়ত পোৱা দান–বৰঙণিৰ ধন বাবুল বৰাই আত্মসাৎ কৰিছিল৷ অকল সেয়াই নহয়, কেইবাটাও বৃহৎ অভিযোগ বাবুল বৰাৰ বিৰুদ্ধে উত্থাপিত হোৱাৰ পিছতো সংঘৰ সকলো ধৰণৰ নিয়ম অৱমাননা কৰি ৰাজহুৱাভাৱে অপমান কৰাৰ লগতে জনমানসত সংঘৰ গৰিমা ম্লান কৰাৰ চেষ্টাও বিতর্কিত বাবুল বৰাই চলাইছিল৷ কার্যনির্বাহকত উপস্থিত সদস্যসকলৰ মতামতৰ পিছতে এই সিদ্ধান্ত লোৱা হয়৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, বাবুল বৰাৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ বিত্তীয় কেলেংকাৰিৰ অভিযোগ সন্দর্ভত ভৱিষ্যতে সংঘৰ তৰফৰ পৰা আইনী ব্যৱস্থা লোৱাৰো সিদ্ধান্ত কার্যনির্বাহকত গ্রহণ কৰা হয়৷

You might also like