নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুঢ়াচাপৰিত গোৰ্খা সাংস্কৃতিক ভৱনৰ আধাৰশিলা স্থাপন

🔹 ‘মুখ্যমন্ত্ৰীৰ নেতৃত্বতে সদায় সুৰক্ষিত হৈ থাকিব গোৰ্খা মহাজাতি’

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : শোণিতপুৰৰ ঐতিহাসিক বুঢ়াচাপৰিত এটা গোৰ্খা সাংস্কৃতিক ভৱনৰ আধাৰশিলা স্থাপন কৰে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ প্ৰাক্তন সভাপতি প্ৰেম তামাঙে । তেওঁক সহযোগ কৰে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই । আধাৰশিলা স্থাপন কৰি ভাষণ প্ৰসংগত প্ৰেম তামাঙে কয়- গোৰ্খাসকল অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ । ঐতিহাসিক বুঢ়াচাপৰিত গোৰ্খাসকলে গো-পালন, গাখীৰৰ ব্যৱসায় ইত্যাদি কৰি অশেষ কষ্টেৰে জীৱন নিৰ্বাহ কৰি আহিছে । অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সমৰ্থন জনাই সাংস্কৃতিক ভৱনটো নিৰ্মাণৰ দিহা কৰা হৈছে। গোৰ্খাসকলৰ সমস্যাসমূহ সমাধানৰ প্ৰতি সততে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি অহা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো গোৰ্খা সমাজে আগন্তুক সময়লৈকে সহায় কৰিব লাগিব । মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বতে গোৰ্খা মহাজাতি সদায় সুৰক্ষিত হৈ থাকিব । অনুষ্ঠানত গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য সঞ্জীৱ ছেত্ৰীৰ লগতে অন্যান্য সদস্যসকল, অঞ্চলবাসী ৰাইজ, দলীয় নেতা-কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে গোৰ্খা উন্নয়ন পৰিষদৰ ১৯ লাখ পুঁজিৰে উক্ত গোৰ্খা সাংস্কৃতিক ভৱনটো নিৰ্মাণ কৰা হ’ব ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like