নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ভূমিকেন্দ্রিক সংঘাত : চাৰিজন আহত

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : কামৰূপৰ নগৰবেৰা আৰক্ষী থানা আৰু টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰীত ভূমিকেন্দ্রিক প্ৰচণ্ড মাৰপিট সংঘটিত হয়। দুই বিবাহিত বায়েক আৰু সহোদৰ ভাতৃ পক্ষৰ মাজত সংঘটিত হয় কুৰুক্ষেত্ৰ। দুই পক্ষৰ ভয়ানক মাৰপিটত উভয় পক্ষৰ চাৰিজনকৈ লোক আহত হয় | জানিব পৰা মতে, গাঁওখনৰ মৃত বাৰু মণ্ডলৰ কন্যা আমেলা খাতুনে সহোদৰ ভাতৃ হুছেইনৰ পৰা প্ৰায় পাঁচ বছৰৰ পূৰ্বে আধা বিঘা মাটি বন্ধকী লৈছিল চল্লিশ হাজাৰ টকাত | পিছে বন্ধকীৰ টকা ওভতাই নিদি উক্ত মাটিখিনি বেলেগত বন্ধকী থোৱা বুলি আমেলা খাতুনৰ স্বামীয়ে অভিযোগ কৰে | পিছে মঙলবাৰে সেই বিবাদে ভয়ানক ৰূপ লয় আৰু দুয়োপক্ষৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট | মাৰপিটত দুয়োপক্ষৰ চাৰিজনকৈ লোক আহত হয়। আহত লোককেইজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰে | আহতকেইজন ক্ৰমে মনোৱাৰা হুছেইন, আজাদ আলী, মজিদ আলী আৰু শ্বহিদুল ইছলাম। ভূমি বিবাদক লৈ সংঘটিত এনে ভয়ানক সংঘৰ্ষত অঞ্চলটোত চেপা উত্তেজনা বিয়পি পৰে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like