নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ নিউঘাটত আইপিএলৰ জুৱাৰ বুকী কৰায়ত্ত

🔹 নগদ ১ লাখ ৬৭ হাজাৰ টকা উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : যোৱানিশা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী নিউঘাট অঞ্চলৰ পৰা আৰক্ষীয়ে এজন আইপিএলৰ জুৱাৰ বুকীক কৰায়ত্ত কৰাৰ সমান্তৰালকৈ লোকজনৰ পৰা ডেৰ লাখ টকাৰ অধিক নগদ ধন জব্দ কৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত যোৱানিশা নিউঘাট অঞ্চলত ধুবুৰী আৰক্ষীৰ এটি দলে এক অভিযান চলাইছিল। উক্ত অভিযানত আবুল কালাম নামৰ আইপিএল জুৱাৰ বুকী এজনক কৰায়ত্ত কৰাৰ সমান্তৰালকৈ কালামৰ জিম্মাৰ পৰা নগদ ১ লাখ ৬৭ হাজাৰ টকা, মোবাইল, এটা লেপটপ কম্পিউটাৰকে ধৰি বেংকৰ পাছবুক জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে ধুবুৰীত দীৰ্ঘদিনৰ পৰাই প্ৰতিষ্ঠিত ব্যৱসায়ীৰূপী কেইবাগৰাকী আইপিএল জুৱাৰ মূল বুকী সক্ৰিয় হৈ থকাৰ বু বু-বা বা আছে। আনকি শেহতীয়াকৈ ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে আইপিএল জুৱাবিৰোধী কেইবাটাও সফল অভিযান চলোৱা পৰিলক্ষিত হৈছে। কিন্তু ধুবুৰীত আইপিএল জুৱাৰ সৈতে জড়িত মূল পাণ্ডাকেইটাৰ ঠাইত আৰক্ষীয়ে পুঠি-খলিহনা ধৰিয়েই দায়িত্ব সামৰা বুলিও কিন্তু স্থানীয় একাংশ মহলত চৰ্চিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like