নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত একে নিশাই চাৰি হত্যাকাণ্ড

🔹 দুৰ্ঘটনাৰ ৰূপ দি বাইপাছত হত্যা যুৱতীক
🔹 মোহনবাৰীত ডাবল মাৰ্ডাৰ
🔹 চেঙেলীজানত পত্নীক হত্যা

বিশেষ বাৰ্তা,  ১০ ছেপ্টেম্বৰ : এটা-দুটা নহয়, মুঠ চাৰিটাকৈ হত্যাকাণ্ডৰ ঘটনাই কঁপাই গৈছে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্য। ডিব্ৰুগড়ত সংঘটিত হৈছে ইটোৰ পাছত সিটো হত্যাকাণ্ড। একেদিনাই চাৰিটাকৈ হত্যাকাণ্ডাই জোকাৰি গৈছে ডিব্ৰুগড়। আইন-শৃংখলাৰ যেন চৰম অৱনতি ঘটিছে ডিব্ৰুগড়ত। কেবল যান-বাহনৰ ফাইন কটাতেই ব্যস্ত থকা ডিব্ৰুগড় আৰক্ষীৰ অকৰ্মণ্যতাৰ সুযোগ গ্ৰহণ কৰি আজি একেদিনাই চাৰিটাকৈ হত্যাকাণ্ডাই জোকাৰি গ’ল ডিব্ৰুগড়ক। প্ৰথমটো ঘটনাত ডিব্ৰুগড়ৰ মাইজানৰ আজিজ আহমেদ নামৰ বিবাহিত তথা দুই সন্তানৰ পিতৃয়ে ডিব্ৰুগড়ৰ খলিহামাৰীৰ মেহেক শৰ্মা নামৰ ব্যাণিজ্যিক স্নাতক উত্তীৰ্ণ এগৰাকী মেধাৱী যুৱতীক পৰিকল্পিতভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা ঘটনাই সকলোৰে চকু কপালত তুলিছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আজিজ আহমেদক। অভিযোগ অনুসৰি ভয়-ভাবুকিৰে নিজ গৃহৰ পৰা নি পৰিকল্পিতভাৱে হত্যা কৰিলে এইগৰাকী মেধাৱী যুৱতীক।ডিব্ৰুগড় চহৰৰ বকুল বাইপাছত আজি অতি কাহিলি পুৱাই সংঘটিত হয় এই লোমহৰ্ষক ঘটনা।ইতিমধ্যে ডিব্ৰুগড়ৰ আৰক্ষীয়ে হত্যাত অভিযুক্ত আজিজ আহমেদ নামৰ পাষণ্ডটোক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে, ডিব্ৰুগড় খলিহামাৰীৰ মেহেক শৰ্মাক (২১) কালি বিয়লি প্ৰায় ৩ বজাত নিজ গৃহৰ পৰা লৈ যায় হত্যাকাৰী আজিজ আহমেদে। মেহেকে নিজ মাতৃক ঘৰৰ পৰা ওলাই যোৱাৰ কথা অৱগত কৰি গধূলিলৈ ঘূৰি অহাৰ বিষয়ে জানিবলৈ দিয়ে। নিশা প্ৰায় ৯ বজাত মাতৃক থোকাথুকি মাতেৰে কিছু কৈছিল যদিও সেয়া মাতৃগৰাকীৰ বোধগম্য নহ’ল আৰু ইয়াৰ পাছৰে পৰা মেহেকৰ মবাইল চুইচ অফ হৈ পৰে বুলি মাতৃগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে। ইফালে, ঘটনাৰ স্থানত স্থানীয় লোকে পুৱা প্ৰায় ৪ বজাত কোনো ছোৱালীৰ ক্ৰন্দন আৰু চিৎকাৰ শুনিবলৈ পায় যদিও কোনো লোককে প্ৰত্যক্ষ নকৰি বিশেষ গুৰুত্ব প্ৰদান নকৰে। কিন্তু সামান্য পোহৰ হৈ অহাত ৰাজপথৰ মাজত (বকুল বাইপাচ) এখন বগা ৰঙৰ গাড়ী প্ৰত্যক্ষ কৰাত দুই-একে ওলাই আহি অতি ৰহস্যজনকভাৱে গাড়ীৰ কাষত এগৰাকী যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। আনহাতে, মৃত যুৱতীগৰাকীৰ কাষতে সংজ্ঞাহীন অৱস্থাত এজন লোকক উদ্ধাৰ কৰে। ঘটনাটো বনজুইৰ দৰে বিয়পি পৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ঘটনাটো দুৰ্ঘটনা বুলি আখ্যা দিব খুজিলেও এয়া যে দুৰ্ঘটনা নহয় সেয়া প্ৰাথমিক তদন্তেই সকলো স্পষ্ট হৈ পৰে। উদ্ধাৰ হোৱা বগা ৰঙৰ ইনভা গাড়ীখন সম্পূৰ্ণ অক্ষত অৱস্থাত ( AS06 AH 1143) ৰাজপথৰ একেবাৰে সোঁমাজত আছিল। যিখন বাহন দুই সন্তানৰ পিতৃ আজিজ আহমেদৰ বুলি জানিব পৰা গৈছে। মৃত মেহেক শৰ্মা গাড়ীৰ বিপৰীত দিশত উদ্ধাৰ হোৱাৰ লগতে দুয়োখন ভৰি ভঙা অৱস্থাত আৰু এটা চকু ওলাই মুখমণ্ডল ৰক্তাক্ত হৈছিল। লগতে মেহেকৰ বাওঁ ভৰিৰ ওপৰেৰে কোনো গধুৰ বস্তু-বাহন চলি যোৱাত ভৰিৰ মাংসপেশী ছিন্ন-ভিন্ন হৈ পৰিছিল। কিন্তু ইয়াৰ বিপৰীতে আজিজৰ লগতে গাড়ীখনৰ অলপো ক্ষতিসাধন হোৱা নাছিল। আজিজৰ ডিঙিত নখৰ দাগ থকাৰ লগতে আঁঠুত তেজ লাগি থকা প্ৰত্যক্ষ কৰা হৈছিল। এম্বুলেঞ্চ অহাৰ সময়ত আজিজে বিশেষ কষ্ট নকৰি অলপ হেলনীয়া হৈ বিষৰ ভাও ধৰি ষ্ট্ৰেচাৰত উঠিছিল।  উল্লেখ কৰিব লাগিব যে উদ্ধাৰ হোৱা ইনভা গাড়ীখনৰ ভিতৰত উদ্ধাৰ হৈছে ডিজেলভৰ্তি এক গেলন। লগতে যুৱতীগৰাকীয়ে মাতৃলৈ বুলি অনা পেকিং কৰা খাদ্য। কেৱল সিমানেই নহয় ইনভা গাড়ীৰ ভিতৰত ছিটত তেজৰ চেকুৰাসহ অন্যান্য আপত্তিজনক বস্তু। আনহাতে, আজিজ আহমেদৰ ডিঙিত নখৰ আঁচোৰৰ চিহ্ন সুস্পষ্ট ৰূপত আছে। হয়তো ধৰ্ষণৰ অপচেষ্টা কৰা আৰু ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ বাবেই মেহেকক গাড়ীৰৰ ভিতৰতেই হত্যা কৰি কাহিলি পুৱা উক্ত স্থানত আনি পেলাই থৈ নিজৰ ইনভা বাহনেই হয়তো মৃতদেহৰ ওপৰত উঠাই মেহেকৰ শৰীৰৰ তেনে অৱস্থা কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈকে চেষ্টা কৰিছিল বুলিও সন্দেহৰ অৱকাশ আছে। আনহাতে, ডিব্ৰুগড়ৰ আৰক্ষীয়ে আজিজক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াতহে ওলাল উৰহীৰ গছৰ ওৰ। আজিজে মৃত মেহেকৰ কাষত সংজ্ঞাহীনৰ ভাওহে ধৰিছিল বুলি স্পষ্ট হৈ পৰে। ইপিনে, আৰক্ষীয়ে তদন্ত কৰি যুৱতীগৰাকীৰ প্ৰকৃত পৰিচয় লাভ কৰাৰ পাছত শিক্ষয়িত্ৰী মৌচুমী শৰ্মাৰ পৰা ঘটনা সন্দৰ্ভত জানিব পাৰে। মৌচুমী শৰ্মাই অভিযোগ কৰা মতে, ধৃত আজিজ আহমেদ ইতিমধ্যে বিবাহিত আৰু দুই সন্তানৰ পিতৃ। কিন্তু ইমানৰ পাছতো মেহেকক প্ৰেমৰ প্ৰস্তাৱ দি অহাৰ লগতে বিবাহৰো প্ৰস্তাৱ দিছিল।ডিব্ৰুগড়ৰ খলিহামাৰীৰ ভাড়াঘৰত মৌচুমী শৰ্মা আৰু মেহেক অকলশৰীয়াকৈ থকাৰ সুযোগ লৈ কংগ্ৰেছৰ বহু ডাঙৰ নেতাৰ সতে উঠা-বহা কৰাৰ অচিলা লৈ বিভিন্ন ধৰণৰ ব্লেকমেইলিং কৰাৰ সুযোগ লৈ অহা বুলিও অভিযোগ উত্থাপিত কৰিছে মাতৃগৰাকীয়ে। মেহেকক বহুবাৰ বিভিন্ন ধৰণৰ নিৰ্যাতন চলোৱাৰ লগতে ভয়-ভাবুকিৰে আজিজে লগত লৈ যায় বুলিও অভিযোগ কৰে। ইপিনে, মৌচুমী শৰ্মা নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে আৰক্ষীক এই বিষয়ে জনাব খুজিলে ভাবুকি প্ৰদান কৰি আৰক্ষী তাৰ হাতৰ মুঠিত থকা বুলিহে ওলোটাই তেওঁলোককহে আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰিব বুলি ভয় দেখুৱায়। এনেদৰেই কালি আবেলি হোটেলত খাবলৈ যোৱা বুলি মাতৃ স্কুলত থকা অৱস্থাত লৈ যোৱাৰ পাছত আৰু উভতি নাহিল মেহেক। সন্ধিয়া পৰ্যন্ত ফোনত কথা পতাৰ পাছত শেষবাৰৰ বাবে নিশা প্ৰায় ৯ বজাত ফোন কৰিছিল যদিও থোকাথুকি মাত আৰু বিশেষ একো ক’বলৈ পোৱাৰ আগতেই ফোন বন্ধ হৈ পৰে।পৰৱৰ্তী সময়ত আজি পুৱাৰ ভাগত যান-বাহন আৰক্ষীয়ে মেহেক বকুল বাইপাছত মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ বিষয়ে অৱগত কৰে বুলি জানিবলৈ দি পৰিকল্পিতভাৱে আজিজ আহমেদে হত্যা কৰা বুলি আৰক্ষীৰ সন্মুখত অভিযোগ কৰে।

আনহাতে, দ্বিতীয়টো ঘটনা সংঘটিত হয় ডিব্ৰুগডৰ চেঙেলীজান চাহ বাগিচাত। স্বামীয়ে লাঠীৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ পত্নীক ৷ পাষাণ স্বামী বিৰচা কৰ্মকাৰে সন্ধিয়াৰ পৰাই প্ৰমীলা কৰ্মকাৰৰ স’তে কাজিয়াত লিপ্ত হৈছিল আৰু চৰম পণ্ঠা অৱলম্বন কৰি হত্যা কৰি বিছনাত শুৱাই থ’লে । পুৱা মৃতদেহ আগত লৈ অকণো অনুশোচনা নকৰাকৈ বিৰচা কৰ্মকাৰে আহাৰো গ্ৰহণ কৰিছিল ৷ পুৱাৰ ভাগত ওচৰ চুবুৰীয়াই মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছতে চেঙেলীজান চাহ বাগিচাত চাঞ্চল্য বিৰাজ কৰে ৷ ঘটনাৰ খবৰ পাই ঘোঁৰামৰা আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ বিপৰীতে বিৰচা কৰ্মকাৰক সোধা-পোছাৰ বাবে ঘোঁৰামৰা আৰক্ষীয়ে আটক কৰিছে ৷

আনহাতে, ডিব্ৰুগড়ক পুনৰ আন এটা ভয়ংকৰ ঘটনাই জোকাৰি গ’ল। মোহনবাৰীত সংঘটিত হ’ল লোমহৰ্ষক ডাবল মাৰ্ডাৰৰ ঘটনা। মোহনবাৰী মনোহাৰী চাহ বাগিচাৰ ১১ নম্বৰ লাইনত এখন কোৰৰ জৰিয়তে নিজৰ বায়েক-ভিনিহিয়েকক নিৰ্মমভাৱে হত্যা কৰিলে। হাতত কোৰ-কুঠাৰ লৈ কালি নিশাই নিৰ্মমভাৱে হত্যা কৰে নিজ বায়েক আৰু ভিনিহিয়েকক। হত্যাকাৰীৰ নাম বলোৰাম ভূঞা। শুকৰা মুড়া (৬০) আৰু চুনমতি মুড়া (৪৫) নামৰ নিজৰ বায়েক-ভিনিহিয়েকক হত্যা কৰে।ইতিমধ্যে লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী বলোৰাম ভূঞাক। দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে কি কাৰণত হত্যাকাণ্ডটো সংঘটিত কৰিলে, জানিব পৰা হোৱা নাই। আনহাতে, ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড়ত চাৰিটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতো কোনোধৰণৰ ভাষ্য প্ৰদান কৰা নাই।

প্ৰেৰক বিভাস দুৱৰা

You might also like