নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়োলেণ্ড চৰকাৰৰ চাৰি বছৰ : ভেৰগাঁৱত বিশাল আয়োজনেৰে বৰ্ষপূতি অনুষ্ঠান উদযাপন

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : বিটিআৰৰ বিজেপি-ইউ পি পি এল মিত্ৰজোঁট চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন । ওদালগুৰি জিলাৰ ভেৰগাঁৱত উলহ-মালহেৰে উদযাপন কৰা হয় বিটিআৰ চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি । হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷ হাজাৰ হাজাৰ দলীয় নেতা-কৰ্মী আৰু ৰাইজক সম্বোধি দিয়া ভাষণত বিটিআৰপ্ৰধান প্ৰমোদ বড়োই চাৰিটা বছৰত বিটিআৰৰ পৰা হত্যা, হিংসা, অশান্তিজৰ্জৰ পৰিৱেশ নাইকিয়া কৰি এখন সুস্থ বিটিআৰ গঢ়িবলৈ সক্ষম হোৱা বুলি দাবী কৰে ৷ বিটিআৰৰ প্ৰতিজন ই এম, এম চি এল এ আৰু বিধায়কে টীম বিটিআৰ হিচাপে কাম কৰি বিটিআৰক উন্নয়নৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি তেওঁ এখন সুস্থিৰ বিটিআৰ গঠনত সকলোকে আগভাগ ল’বলৈ আহ্বান জনায় । নিজৰ ভাষণত বিটিআৰপ্ৰধানগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো ভূয়সী প্ৰশংসা কৰে ৷ বিটিআৰৰ সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়নৰ বাবে বিটিআৰ চৰকাৰে কাম কৰি অহা বুলি দাবী কৰি তেওঁ আগন্তুক সময়ত বিদেশত গৱেষণাৰ বাবে বাছনি হোৱা গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে বাছিৰাম বড়ো ফেল’শ্বিপ পুনৰ আৰম্ভ কৰিব বুলি সদৰী কৰে ৷ আজিৰ সভাতে তেওঁ বিটিআৰৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে ৪০টা সমষ্টিত ৪০খন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰিব বুলিও ঘোষণা কৰে ৷ আজিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত বিটিআৰৰ ই এম, এম চি এল এ, বিধায়ক আৰু সাংসদসকলো উপস্থিত থাকে ৷

প্ৰেৰক পিংকু কলিতা

You might also like