নিয়মীয়া বাৰ্তা, ২৫ জুনঃ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত আৰু পশ্চিমবংগৰ কোচবিহাৰৰ শুভম হস্পিটাল নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সহযোগত আজি সংগঠনটোৰ ধুবুৰীৰ বালুচৰস্থিত কাৰ্য্যালয় সীমান্ত ভৱনত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। শিবিৰটোত বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ সুযাশ চক্ৰৱৰ্তী, স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ মানস সৰকাৰ, অস্থিৰোগ বিশেষজ্ঞ ডাঃ শান্তনু কৰ, স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ সৌমেন কান্তি কুমাৰ, শল্য চিকিৎসক ডাঃ সাংমেশ কে প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট চিকিৎসকে ৰোগীসকলক দিহা-পৰামৰ্শ আগবঢ়ায়। চিকিৎসা শিবিৰটোত মধুমেহ ৰোগ, ৰক্তচাপ আদিকে ধৰি কেইটামান ৰোগৰ ৰোগীৰ নমুনা বিনামূলীয়াকৈ পৰীক্ষা কৰাৰো ব্যৱস্থা আছিল। উল্লেখ্য যে চিকিৎসা শিবিৰটো আৰম্ভ হোৱাৰ পূৰ্বে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ সভাপতি দিৱস অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত অসমৰ বাহিৰৰ পৰা চিকিৎসা শিবিৰটোত অংশ ল’বলৈ অহা বিশিষ্ট চিকিৎসককেইগৰাকীক সংগঠনটোৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই চিকিৎসা শিবিৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধুবুৰী জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক নবুন সিং আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ডঃ প্ৰতিমা নিয়োগী। আজিৰ এই চিকিৎসা শিবিৰটোত ২৫০গৰাকীতকৈ অধিক ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হোৱা বুলি সংগঠনটোৰ ধুবুৰী নগৰ সমিতিৰ সাধাৰণ সম্পাদক বিপুল কুমাৰ প্ৰসাদে জনাইছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী