নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ লাখ টকাত ক্রয় কৰিছিল ভুৱা টেটৰ প্রমাণ–পত্র

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ টেটৰ ভুৱা প্রমাণ–পত্রৰে শিক্ষকৰ পদত নিযুক্তি লাভ কৰা আন ১৩জনক মঙলবাৰে আদালতত হাজিৰ কৰোৱা হয়৷ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এই ১৩গৰাকী শিক্ষকৰ ১১জনক দুদিনৰ বাবে পুনৰ চি আই ডিৰ জিম্মালৈ প্রেৰণ কৰে৷ ইয়াৰ বিপৰীতে শিশু থকাৰ বাবে দুগৰাকী শিক্ষকক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ অৱশ্যে জে’লৰ ভিতৰত প্রয়োজনসাপেক্ষে এই দুয়োগৰাকী শিক্ষকক জেৰা কৰিব পাৰিব চি আই ডিয়ে৷

আনহাতে ভুৱা প্রমাণ–পত্র দাখিল কৰা সন্দর্ভত ৰুজু হোৱা গোচৰত গ্রেপ্তাৰ কৰা এই শিক্ষকসকলক চলোৱা জেৰাত পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য৷ চি আই ডিৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি ১ লাখ টকাৰ বিনিময়ত ধৃত শিক্ষকসকলে ক্রয় কৰিছিল টেটৰ ভুৱা প্রমাণ–পত্র৷ দালালৰ হতুৱাই প্রস্তুত কৰা হৈছিল এই ভুৱা প্রমাণ–পত্র৷ সেয়েহে পৰৱর্তী সময়ত শিক্ষকসকলক ভুৱা প্রমাণ–পত্র প্রদানৰ ক্ষেত্রত জড়িত থকা বিষয়া–কর্মচাৰী আৰু দালালৰ সন্ধানত চি আই ডিয়ে শীঘ্রে অভিযান চলোৱাৰ সম্ভাৱনা আছে৷ এই সমগ্র কেলেংকাৰিত এটা বৃহৎ চক্র জড়িত হৈ আছে বুলিও জানিব পৰা গৈছে৷

উল্লেখ্য যে শেহতীয়াকৈ প্রাথমিক পর্যায়ত বিটিআৰত শিক্ষক নিযুক্তি দিছিল সংশ্লিষ্ট প্রশাসনে৷ ইয়াৰ পিছতেই ভুৱা প্রমাণ–পত্রৰে একাংশ শিক্ষকে চাকৰি লাভ কৰাৰ অভিযোগ উত্থাপন হয়৷ লগে লগে বিটিআৰ শিক্ষা সঞ্চালকালয়ে সমগ্র ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ ছেবাৰ সহযোগত অভিযোগ উত্থাপিত হোৱা শিক্ষকসকলৰ প্রমাণ–পত্রসমূহ পৰীক্ষা কৰাৰ পিছত মুঠ ৩৬জনৰ প্রমাণ–পত্র ভেজাল বুলি প্রমাণিত হয়৷ এই শিক্ষকসকলক ইতিমেধ্য জেৰা কৰা আৰম্ভ কৰিছে চি আই ডিয়ে৷ পৰৱর্তী সময়ত ভুৱা প্রমাণ–পত্রৰে চাকৰি লোৱা আন কেইবাজনো শিক্ষক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷
হাজোত পুনৰ ৫জনক আটক
ভুৱা প্রমাণ–পত্রৰে চাকৰি লাভ কৰা চাৰিজন শিক্ষকক কালি গ্রেপ্তাৰ কৰাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই মঙলবাৰে পুনৰ হাজো আৰক্ষীয়ে টেট শিক্ষকৰ চাকৰিৰ ৰমৰমীয়া বেহা চলোৱা অভিযুক্ত শিক্ষকৰূপী দালাল ইছলাম উদ্দিন আহমেদসহ পাঁচজনক আটক কৰিছে৷ আৰক্ষীয়ে আটক কৰা শিক্ষককেইজন হৈছে– ২নং ভেলকৰৰ মহিদুল ইছলাম, দিলদাৰ হুছেইন, ১নং ভেলকৰৰ আজমল হক, আকাজ আলী আৰু নাজিমুদ্দিন আহমেদ৷ প্রাপ্ত তথ্য অনুসৰি হাজো ৰাজহ চক্রৰ অন্তর্গত বঙালপাৰা নিৱাসী তথা হাজো শনিয়াদী বি এ এছ বিদ্যালয়ৰ ইছলাম উদ্দিন আহমেদে ৫ লাখ টকাৰ উৎকোচ লৈ এই ৫ শিক্ষকক বাক্সা আৰু চিৰাং জিলাত শিক্ষক হিচাপে নিযুক্তি দিছিল৷
নগাঁৱত সর্বশিক্ষাৰ কর্মচাৰীক গ্রেপ্তাৰ
বিটিআৰত শিক্ষক নিযুক্তিত সংঘটিত দুর্নীতিত লিপ্ত থকাৰ অভিযোগত নগাঁও জিলাৰ চামগুৰিৰ পৰা সর্বশিক্ষা অভিযানৰ এজন কর্মচাৰীক গ্রেপ্তাৰ কৰা হৈছে৷ যোৱানিশা চামগুৰি থানাই সাপ্তাহিক বজাৰৰ সমীপৰ উপেন মহন্তৰ পুত্র মৃণাল কুমাৰ মহন্তক গ্রেপ্তাৰ কৰিছে৷ ধৃত মহন্ত চামগুৰিৰ বাজিয়াগাঁওস্থিত ৰূপহী খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কার্যালয়ত সর্বশিক্ষাৰ অধীনত জিলা কুৱালিটী মেনেজাৰ পদত নিযুক্ত হৈ আছিল৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰি মহন্তক মঙলবাৰে চি আই ডিক চমজাই দিয়ে৷ মঙলবাৰে দুপৰীয়া চি আই ডিয়ে তেওঁক দুপৰীয়া গুৱাহাটীলৈ লৈ আহে৷ প্রাপ্ত তথ্য অনুসৰি তেওঁ শিক্ষাৰ পৰা বঞ্চিত হোৱা শিশুসকলক অধ্যয়নৰ বাবে স্থাপন কৰা স্থায়ী শিক্ষা কেন্দ্রসমূহৰ লগতে অস্থায়ীভাৱে নিযুক্তি পোৱা শিক্ষকসকলৰ তদাৰক কৰা কামত নিয়োজিত হৈ আছে৷

You might also like