নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনক লৈ শাসক বিৰোধী উভয় শিবিৰতে বিদ্রোহ

থাওৰাত নিমিলিল অংকঃ ৰাইজৰ দলৰে নহ’ল মিত্রতা

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ আসন্ন উপ–নির্বাচনক লৈ শাসক–বিৰোধী উভয় শিবিৰতে আৰম্ভ হ’ল বিদ্রোহৰ ৰাজনীতি৷ প্রার্থী তালিকা ঘোষণাৰ পিছতেই আৰম্ভ হৈছে এই বিদ্রোহ৷ যোৱা কেইটামান দিনত কংগ্রেছ আৰু ৰাইজৰ দলৰ মাজত নির্বাচনী বুজাবুজিৰ কুচকাৱাজ চলে যদিও মঙলবাৰে কংগ্রেছ দলে অহা ৩০ অক্টোবৰত নির্বাচন হ’বলগীয়া আটাইকেইটা সমষ্টিত দলীয় প্রার্থীৰ তালিকা ঘোষণা কৰাৰ লগে লগে ৰাইজৰ দলৰ সৈতে চর্চিত মিত্রতাত যতি পৰে৷ সেইদৰে তামুলপুৰ সমষ্টিটো বিজেপিয়ে মিত্রদল ইউপিপিএলক এৰি দিয়াৰ প্রতিবাদত বিজেপি নেতা ইমানুৱেল মুছাহাৰীয়ে বিদ্রোহ ঘোষণা কৰি এইবাৰ উপ–নির্বাচনত তেওঁ সমষ্টিটোৰ পৰা নির্দলীয় হিচাপে নির্বাচনত অৱতীর্ণ হোৱাৰ ঘোষণা কৰিছে৷

উল্লেখ্য যে বিৰোধী দল কংগ্রেছে অজাপ আৰু ৰাইজৰ দলৰে ঐক্যবদ্ধ হৈ আসন্ন উপ–নির্বাচনত অৱতীর্ণ হোৱাৰ মন মেলিছিল যদিও আসনক লৈ অংক নিমিলিল অখিল গগৈৰ ৰাইজৰ দলৰ সৈতে৷ কংগ্রেছে ভৱানীপুৰৰ আসনখন ৰাইজৰ দলক এৰি দিছিল৷ কিন্তু অখিল গগৈয়ে ভৱানীপুৰৰ পৰিৱর্তে থাওৰাহে বিচাৰে৷ যোৱা কেইবাদিন ধৰি কংগ্রেছ আৰু ৰাইজৰ দলৰ মাজত আসন বুজাবুজিক লৈ জটিলতা চলি থকাৰ মাজতে মঙলবাৰে কংগ্রেছে দুপৰীয়াৰ ভাগত তিনিটা সমষ্টি আৰু সন্ধিয়াৰ ভাগত দুটা সমষ্টিসহ মুঠ ৫টা সমষ্টিৰ প্রার্থী তালিকা ঘোষণা কৰে৷ সেই অনুসৰি গোসাঁইগাঁৱত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল, থাওৰাত মনোৰঞ্জন কোঁৱৰ, ভৱানীপুৰত শৈলেন্দ্র নাথ দাস আৰু মৰিয়নিত লোহিত কোঁৱৰক কংগ্রেছৰ টিকট দিয়া হৈছে৷

আনহাতে থাওৰাত কংগ্রেছে দলীয় প্রার্থীৰ নাম ঘোষণা কৰাৰ পিছতেই ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে থাওৰাত কংগ্রেছে প্রার্থী ঘোষণা কৰি অসমৰ জনগণৰ প্রতি বিশ্বাসঘাতকতা কৰিছে৷ কংগ্রেছে ৰাইজৰ দলক এৰি দিয়া ভৱানীপুৰ সমষ্টিত তেওঁলোকে নির্বাচন নেখেলে৷ কংগ্রেছে অহংকাৰ, গর্ব কৰি থাওৰাত প্রার্থিত্ব দিছে যদিও নির্বাচনত ৰাইজৰ দল কংগ্রেছক ধৰাশায়ী কৰাৰ বাবে প্রস্তুত৷ অখিল গগৈৰ এই ভাষ্যৰ বিপৰীতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে পূর্বতে হোৱা আলোচনা অনুসৰি কংগ্রেছে ৬টা সমষ্টিতে নির্বাচন খেলাৰ কথা আছিল৷ তথাপি কংগ্রেছে অজাপক মাজুলী আৰু ৰাইজৰ দলক ভৱানীপুৰ সমষ্টি এৰি দিছে৷ অজাপ কংগ্রেছৰ প্রস্তাৱত মান্তি হৈছে৷ ৰাইজৰ দল এতিয়াও মান্তি হোৱা নাই৷ তেওঁলোক মান্তি নহ’লে ভৱানীপুৰত কংগ্রেছে প্রার্থী দিব৷ থাওৰাৰ প্রসংগত সভাপতি বৰাই কয় যে এআইচিচিয়ে লোৱা সিদ্ধান্ত প্রদেশ কংগ্রেছে সলনি কৰিব নোৱাৰে৷ থাওৰাক লৈ পুনৰ বিবেচনাৰ কথা নাহে৷ অখিল গগৈ সম্পর্কতো কয় যে তেওঁ যি কয় কৈ থাকক৷

সভাপতি বৰাৰ সেই ভাষ্যৰ কেইঘণ্টামান পিছতেই কংগ্রেছ দলে ভৱানীপুৰ সমষ্টিৰ বাবেও প্রার্থী তালিকা প্রকাশ কৰে৷ অৱশ্যে মাজুলী সমষ্টিৰ বাবে যিহেতু নির্বাচন আয়োগে এতিয়াও নির্বাচনৰ দিন ঘোষণা কৰা নাই, সেয়ে বিজেপিকে ধৰি অন্যান্য দলৰ দৰে অজাপয়ো প্রার্থী তালিকা প্রকাশ কৰা নাই৷

ইফালে, অজাপই এইবাৰ উপ–নির্বাচনত কংগ্রেছৰ সৈতে মিত্রতা কৰা কার্যক কটাক্ষ কৰি জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে কংগ্রেছৰ বোকোচাত উঠি নতুনকৈ ৰাষ্ট্রীয়তাবাদৰ লগত মিলি পূর্বৰ নীতি পৰিহাৰ কৰাৰ ফলাফল অজাপৰ বাবে মিঠা নহ’ব৷ উগ্র জাতীয়তাবাদ কৰি অসমত যে চলিব নোৱাৰে, উগ্র জাতীয়তাবাদৰ কথা কৈ কেইটামান সমষ্টিতহে নির্বাচন খেলিব পাৰি, সেই কথা লুৰিণজ্যোতি গগৈয়ে বুজি উঠিছে বুলিও তেওঁ কটাক্ষ কৰে৷ ৰাজ্যখনত হ’বলগীয়া ৬টা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত বিজেপি মিত্রজোঁটেই জয়লাভ কৰিব বুলি তেওঁ কয়৷

You might also like