সভাপতি ৰঞ্জিত দাসৰ ঘোষণাঃ ২১ ফেব্রুৱাৰীৰ পৰা বিজেপিৰ প্রচাৰ
নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ বিধানসভা নির্বাচনৰ বাবে সকলো পৰিকল্পনা সম্পূর্ণ কৰি তোলা ৰাজ্যিক বিজেপিয়ে অহা ২১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ কৰিব নির্বাচনী অভিযান৷ বিগত সময়ছোৱাত বিৰামহীন কার্যসূচীৰে সাংগঠনিক দিশ শক্তিশালী কৰাত নামি পৰা শাসকীয় দলটোৱে ২০ ফেব্রুৱাৰীত কার্যতঃ অন্ত পেলাব সকলো ধৰণৰ দলীয় তথা সাংগঠনিক কাম–কাজ৷ আজি নৱবর্ষৰ প্রথম দিনটোতে এই কথা ঘোষণা কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়– ২০২১ চনত পুনৰ ক্ষমতালৈ অহাৰ বাবে বান্ধি লোৱা ১০+ ৰ লক্ষ্য বাস্তৱায়িত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ইয়াৰ বাবে জানুৱাৰী আৰু ফেব্রুৱাৰী মাহত প্রতিটো বুথতে অনুষ্ঠিত হ’ব ৰাজনৈতিক সভা, পৃষ্ঠাপ্রমুখ সন্মিলন৷ উল্লেখ্য যে আগন্তুক নির্বাচনত ১০+ আসন দখলৰ লক্ষ্যৰে কাম–কাজ অব্যাহত ৰখা বিজেপিয়ে ইতিমধ্যে মিত্রদলৰ সৈতেও আসন বুজাবুজি সন্দর্ভত প্রাৰম্ভিক আলোচনা আৰম্ভ কৰিছে৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই সৃষ্টি কৰিব পৰা প্রত্যাহ্বানৰ প্রতি লক্ষ্য ৰাখি প্রতিটো বুথত ভোটৰ সমীকৰণ প্রস্তুত কৰাৰ বাবেও নামি পৰিছে শাসকীয় দলটো৷ এই উদ্দেশ্যে নৱবর্ষৰ আৰম্ভণিৰ পৰাই দলৰ ২৮ হাজাৰ বুথত ৰাজনৈতিক সভা অনুষ্ঠিত কৰি দলীয় কর্মীৰ লগতে ভোটাৰ ৰাইজকো আকর্ষিত কৰাৰ পৰিকল্পনা প্রস্তুত কৰিছে বিজেপিয়ে৷ আজি নৱবর্ষৰ প্রথম দিনটোত দলীয় কার্যসূচীৰ কথা ঘোষণা কৰি সভাপতি ৰঞ্জিত দাসে কয়– সাংগঠনিক দিশত নতুন অধ্যায় সূচনা কৰি অহা তিনি জানুৱাৰীত অনুষ্ঠিত হ’ব বুথ কী বাত কার্যসূচী৷ এই কার্যসূচীত ২০জনকৈ দলৰ কর্মকর্তাই বুথটোত থকা ভোটাৰৰ কিমানসংখ্যক লোক হিতাধিকাৰী, কিমানসংখ্যক ভোটাৰে বিজেপিক সমর্থন কৰে এই সংখ্যা বিচাৰি উলিয়াব৷ এই কার্যসূচীৰ অধীনত বুথসমূহৰ ভোটাৰ আৰু নতুন ভোটাৰ অন্তর্ভুক্তি সন্দর্ভতো আলোচনা কৰা হ’ব৷
আনহাতে, ৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ প্রতিটো বুথতে হ’ব একোখনকৈ ৰাজনৈতিক সভা৷ বুথৰ অধীনৰ বিভিন্ন স্থানত সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণক লৈ ৰাজনৈতিক সভা অনুষ্ঠিত কৰা হ’ব৷ আনহাতে, ২০ জানুৱাৰীৰ পৰা ২০ ফেব্রুৱাৰীলৈকে আটাইকেইটা বিধানসভা সমষ্টিতে দলৰ পৃষ্ঠাপ্রমুখ সন্মিলন আয়োজন কৰা হৈছে৷ ২০ ফেব্রুৱাৰীৰ পাছতেই দলে গ্রহণ কৰিব নির্বাচনী প্রচাৰ৷ উল্লেখ্য যে নৱবর্ষৰ প্রথম দিনটোত আজি দলৰ মুখপত্র অসমীয়া বিজেপি বার্তাৰ ৪৯সংখ্যক সংস্কৰণ উন্মোচন কৰা হয়৷ সভাপতি ৰঞ্জিত দাসে মুখপত্রখন উন্মোচন কৰি নৱবর্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সংবাদকর্মীসকলৰ কাম–কাজক ভূয়সী প্রশংসা কৰে৷ এই সন্দর্ভত প্রদান কৰা ভাষণত তেওঁ কয়– অসমৰ ৰাইজে আৱেগক নহয়, যুক্তিকহে প্রাধান্য দিয়ে৷ নতুন অসম গঢ়াৰ বাবে অসমবাসীয়ে আৱেগ পৰিহাৰ কৰি যুক্তিৰ আধাৰত বিজেপিৰ ১০+ লক্ষ্য বাস্তৱায়িত কৰাত সমর্থন দিব৷ বিজেপিয়ে ইতিমধ্যে কার্বি আংলং, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ, লোকসভা নির্বাচন, পঞ্চায়ত নির্বাচন আৰু শেহতীয়াকৈ বিটিচি নির্বাচন, তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত চমকপ্রদ সফলতা লাভ কৰিছে৷ ৰাইজৰ প্রতি থকা চৰকাৰৰ প্রতিশ্রুতি পূৰণৰ ক্ষেত্রত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক উল্লেখনীয় ভূমিকা গ্রহণ কৰিছে৷ সভাপতিগৰাকীয়ে কয়– আৱেগক আগত ৰাখি একাংশই বিভ্রান্তিমূলক তথ্যৰে বাংলাদেশৰ পৰা শ শ লোক ট্রাকেৰে আহি অসমৰ খিলঞ্জীয়াৰ চোতাল দখল কৰিব বুলি প্রচাৰ চলাইছে৷ এনে প্রচাৰত আনকি মোৰ মায়ো শংকিত হৈ মোক প্রশ্ণ কৰিছিল৷ কিন্তু সেই পৰিৱেশ কেতিয়াও নাহিল অসমত৷ অসমৰ ৰাইজে এতিয়া আৱেগক নহয়, যুক্তিকহে প্রাধান্য দিয়ে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ৯০ শতাংশ প্রতিশ্রুতি পূৰণত সফল হোৱা বুলি দাবী কৰি সভাপতি দাসে সম্পূর্ণ নকৰা ১০ শতাংশ কাম পুনৰ চৰকাৰ গঠনেৰে সম্পূর্ণ কৰিব বুলি উল্লেখ কৰে৷ আজিৰ অনুষ্ঠানত সাংসদ তথা ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মুখ্য মুখপাত্র ৰূপম গোস্বামী, বিজেপি বার্তাৰ সম্পাদক ড০ দেৱদত্ত বৰকটকী আৰু ৰাজ্যিক সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰল উপস্থিত আছিল৷