নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰত ১.১৫ লাখ কোটি জিএছটি সংগ্রহেৰে অভিলেখ

নিয়মীয়া বাৰ্তা,  ২ জানুৱাৰীঃ  ২০২০ বর্ষৰ অন্তিম মাহটোত জি এছ টি সংগ্রহ সর্বকালৰ শিখৰত৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ে প্রকাশ কৰা মতে, ডিচেম্বৰত জি এছ টি সংগ্রহ হৈছে অভিলেখসংখ্যক ১,১৫,১৭৪ কোটি টকা৷ বিগত তিনি মাহ ধৰি লক্ষাধিক টকা জি এছ টি সংগ্রহ হৈ আহিছে যদিও ডিচেম্বৰ মাহত সর্বকালৰ শিখৰত ১.১৫ লাখ কোটি টকা সংগ্রহ হৈছে৷

উল্লেখ্য যে ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে মার্চৰ পৰা আগষ্টলৈকে জি এছ টি সংগ্রহ নিম্নগামী হৈছিল যদিও পিছলৈ লকডাউন উঠাই আনলক বলৱৎ কৰাৰ পাছত ছেপ্ঢেম্বৰৰ পৰা জি এছ টি সংগ্রহ বৃদ্ধি পাবলৈ ধৰে৷ ইংৰাজী নৱবর্ষ ২০২১ৰ প্রথম দিনাই কেন্দ্রীয় বিত্ত মন্ত্রালয়ে অভিলেখসংখ্যক জি এছ টি সংগ্রহ হোৱা বুলি আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷ সংগ্রহিত জি এছ টিৰ ভিতৰত চি জি এছ টি ২১,৩৬৫ কোটি, এছ জি এছ টি ২৭,৮০৪ কোটি, আই জি এছ টি ৫৭,৪২৬ কোটি আৰু অতিৰিক্ত কৰ ৮,৫৭৯ কোটি টকা সংগ্রহ হৈছে৷ আনপিনে নৱেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে জি এছ টি আৰ–৩ বি পৰিশোধৰ সংখ্যা ৮৭ লাখ৷

উল্লেখ্য যে ২০১৯ বর্ষৰ তুলনাত ২০২০ বর্ষৰ ডিচেম্বৰ মাহত জি এছ টি সংগ্রহ ১২ শতাংশ বৃদ্ধি পাইছে৷ এই মাহটোত আমদানিকৃত সামগ্রীৰ ৰাজহ ২৭ শতাংশ বৃদ্ধি পাইছে৷ তেনেদৰে ঘৰুৱা লেনদেনৰ ৰাজহ ৮ শতাংশ বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে জি এছ টি বলৱৎ কৰাৰ পাছত ২০২০ বর্ষৰ ডিচেম্বৰ মাহত প্রথমবাৰৰ বাবে জি এছ টি সংগ্রহ ১.১৫ লাখ কোটি টকা সংগ্রহ হৈছে৷ ২০১৯ বর্ষৰ এপ্রিলত সর্বাধিক জি এছ টি সংগ্রহ হৈছিল ১,১৩,৮৬৬ কোটি টকা৷

You might also like