নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ২১ ছেপ্টেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান

মাধ্যমিক শিক্ষা বিভাগৰ এছ’পি জাৰি

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ  ক’ৰোনা মহামাৰীৰ ফলত স্তব্ধ হৈ পৰা বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ হ’ব৷ ৰাজ্যৰ লাখ লাখ শিক্ষার্থীৰ অধ্যয়নলৈ নমাই অনা অনিশ্চয়তা তথা জটিলতাৰ পিছত অহা ২১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান আৰম্ভ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে জাৰি কৰা নির্দেশাৱলীৰ পিছতেই ৰাজ্যত নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠদান আৰম্ভ কৰাৰ বাবে সম্পূর্ণ হৈছে প্রস্তুতি৷ কেন্দ্রীয় চৰকাৰৰ নির্দেশাৱলীৰ লগত সংগতি ৰাখি বুধবাৰে ৰাজ্যৰ মাধ্যমিক শিক্ষা বিভাগে এই সন্দর্ভত জাৰি কৰিছে এছ’পি৷ এই এছ’পিৰ জৰিয়তে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণীত পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত এলানি বিশেষ নির্দেশাৱলী উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি যোৱা ১৫ মার্চৰ পৰাই বন্ধ ৰখা হৈছিল শিক্ষানুষ্ঠানৰ পাঠদান৷ এনে অৱস্থাত সুদীর্ঘ ৬টা মাহৰ অন্তত ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব লগা শিক্ষানুষ্ঠানৰ পাঠদানৰ ক্ষেত্রত  জাৰি কৰা এছ’পিৰ জৰিয়তে শিক্ষানুষ্ঠানলৈ ছাত্র–ছাত্রী অহাটো বাধ্যতামূলক নহয় বুলি স্পষ্ট কৰি দিয়া হৈছে৷ অর্থাৎ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ শিক্ষার্থী স্বেচ্ছাইহে আহিব পাৰিব বিদ্যালয়লৈ৷ আনহাতে বিদ্যালয়লৈ অহা শিক্ষার্থীয়ে লগত লৈ আহিব লাগিব অভিভাৱকৰ অনুমতি–পত্র৷ এছ’পিত ইয়াকো স্পষ্ট কৰি দিয়া হৈছে যে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ বাহিৰে আন সকলো শ্রেণীৰ পাঠদান বন্ধ থাকিব৷ নৱম আৰু দ্বাদশ শ্রেণীৰ পাঠদান চলিব সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে৷ আনহাতে দশম আৰু একাদশ শ্রেণীৰ পাঠদান চলিব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে৷ প্রতিটো শ্রেণী দুটা ভাগত বিভক্ত কৰি ছাত্র–ছাত্রীসকলক পাঠদান কৰোৱা হ’ব৷ যদি কোনো শ্রেণীত ছাত্র–ছাত্রীৰ সংখ্যা ২০জনতকৈ কম হয়, তেন্তে এনে শ্রেণীসমূহ বিভক্ত কৰাৰ প্রয়োজন নাথাকিব৷ শিক্ষানুষ্ঠানসমূহত প্রথম বেট্ছৰ ছাত্র–ছাত্রীসকলক পুৱা ৯ বজাৰ পৰা বিয়লি ১২ বজালৈ পাঠদান কৰাৰ বিপৰীতে দ্বিতীয় বেট্ছৰ ছাত্র–ছাত্রীসকলক দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৪ বজালৈ পাঠদান কৰোৱা হ’ব৷ স্কুল কর্তৃপক্ষই এইক্ষেত্রত দ্বিতীয় বেট্ছৰ পাঠদান আৰম্ভ হোৱাৰ পূর্বেই প্রথম বেট্ছৰ ছাত্র–ছাত্রীসকল যাতে ঘৰলৈ উভতি যায় সেয়া নিশ্চিত কৰিব লাগিব৷ আনহাতে প্রতিখন শিক্ষানুষ্ঠানত শিক্ষক আৰু কর্মচাৰীৰ উপস্থিতি ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব৷ কোনো শিক্ষক যদি বৃক্ক ৰোগ, মধুমেহ ৰোগ, হূদৰোগ আৰু কেঞ্চাৰ ৰোগত আক্রান্ত হৈ আছে সেই বিষয়ে শিক্ষানুষ্ঠানৰ মুৰব্বীক অৱগত কৰিব লাগিব৷ আনহাতে শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে এই সমগ্র বিষয় লৈ স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিব লাগিব, যাতে স্বাস্থ্য বিভাগে শিক্ষক আৰু ছাত্র–ছাত্রীসকলক প্রতি সপ্তাহত স্বাস্থ্য পৰীক্ষা কৰিব পাৰে৷ কোনো শিক্ষানুষ্ঠানত সাপ্তাহিক ক’ৰোনা পৰীক্ষাত যদি ১০ শতাংশ শিক্ষক–ছাত্র পজিটিভ চিনাক্ত হয়, তেন্তে এই বিষয়টো শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে উচ্চ শিক্ষা সঞ্চালক আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ সৈতে আলোচনা কৰি উক্ত পাঠদান চলাই যাব নে বন্ধ কৰিব, সেই বিষয়ে আলোচনা কৰিব লাগিব৷ শিক্ষা অভিযানে বাতৰিকাকতত বিজ্ঞাপনযোগে এটা হেল্পলাইন নম্বৰ মুকলি কৰিব৷ পাঠদানৰ সময়ছোৱাত সন্মুখীন হোৱা সমস্যাৱলীৰ বিষয়ে এই হেল্পলাইন নম্বৰৰ জৰিয়তে শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে অৱগত কৰিব পাৰিব৷ আজি জাৰি কৰা এছ’পি ২১ ছেপ্ঢেম্বৰৰ পৰা কার্যকৰী হ’ব আৰু অহা ১৫ দিনলৈ ইয়াৰ নিদের্শাৱলী পর্যবেক্ষণ কৰা হ’ব৷ আজি জাৰি কৰা এছ’পিত ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রতো এলানি স্পষ্ট নির্দেশনা দিয়া হৈছে৷ সেইমর্মে পাঠদানৰ সময়ছোৱাত শাৰীৰিক দূৰত্ব ৬ ফুট হ’ব লাগিব৷ শিক্ষার্থী, শিক্ষক, কর্মচাৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ প্রতি ৪০ৰ পৰা ৬০ মিনিটৰ মূৰে মূৰে চাবোনেৰে হাত ধোৱাটো প্রয়োজন হ’ব৷ আনহাতে অতিকমেও ২০ ছেকেণ্ডৰ ছেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰাৰ বাবেও নির্দেশনাত উল্লেখ কৰা হৈছে৷ আনহাতে শ্বাস–প্রশ্বাস সম্বন্ধীয় নীতি–নিয়ম কঠোৰভাৱে বলৱৎ কৰাৰ বাবেও এছ’পিত স্পষ্ট কৰি দিয়া হৈছে৷ সেই অনুসৰি কোনো ছাত্র–ছাত্রী, শিক্ষক–কর্মচাৰীয়ে মুকলিকৈ থু পেলাব অথবা নাক পৰিষ্কাৰ কৰিব নোৱাৰিব৷ ইয়াৰ বাবে ৰুমাল, টিচু পেপাৰ ব্যৱহাৰ কৰিব লাগিব৷ প্রতিজনৰ স্বাস্থ্য সম্পর্কে নজৰ ৰাখিব লাগিব আৰু অসুস্থ হ’লে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিব লাগিব৷ আৰোগ্য সেতু ব্যৱহাৰ কৰিবলৈও নির্দেশনাত উল্লেখ কৰা হৈছে৷ ইফালে বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত এছ’পিত স্পষ্ট কৰি দিয়া হৈছে যে পাঠদান আৰম্ভ কৰিব খোজা বিদ্যালয়খন কনটেইনমেণ্ট জ’নত থাকিব নালাগিব৷ একেদৰে কোনো ছাত্র–ছাত্রী, শিক্ষক আৰু কর্মচাৰী যদি কনটেইনমেণ্ট জ’নত বাস কৰে, তেন্তে তেওঁলোকক বিদ্যালয়লৈ অহাৰ ক্ষেত্রত অনুমতি দিয়া নহয়৷ পাঠদান আৰম্ভ হোৱাৰ পূর্বে বিদ্যালয়ৰ কোঠা, শিক্ষকৰ কমন ৰুম, লেবৰেটৰী, আন উমৈহতীয়া স্থানসমূহ ছেনিটাইজ কৰিব লাগিব৷ আনহাতে এই দিশসমূহ কার্যকৰীকৰণৰ ক্ষেত্রত জিলা প্রশাসনে বিদ্যালয় পৰিদর্শকৰ জৰিয়তে বিশেষ ব্যৱস্থা গ্রহণ কৰিব৷ বিশেষকৈ যিবোৰ বিদ্যালয় ইতিমধ্যে কোৱাৰেণ্টাইন কেন্দ্রৰূপে পৰিগণিত হৈছে, সেই বিদ্যালয়সমূহ ছেনিটাইজ কৰাৰ লগতে বিদ্যালয় প্রাংগণ সঠিকভাৱে পৰিষ্কাৰ কৰিব লাগিব৷ পাঠদানৰ সময়ছোৱাত প্রতিখন ডেস্ক–বেঞ্চত ছাত্র অথবা ছাত্রীগৰাকীৰ ৰোল নম্বৰৰ লেবেল লগাই থ’ব লাগিব৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিদৰে ছাত্র–ছাত্রীসকলক ৰোল নম্বৰৰ লেবেল লগাই বহুওৱা হয়, ঠিক তেনেদৰে ছাত্র–ছাত্রীসকলৰ মাজত শাৰীৰিক দূৰত্ব জৰুৰী হ’ব৷ বিদ্যালয়ত দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ বাবে প্রতিটো বিষয়ত ৩০ মিনিট, দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবে ৪৫ মিনিট পাঠদান হ’ব৷ আনহাতে বিদ্যালয় প্রাংগণত যাতে শাৰীৰিক দূৰত্ব বজাই ৰখা হয়, তাৰ বাবে ৬ ফুট দূৰত্বত একোটাকৈ চিহ্ণ আঁকি থ’ব লাগিব৷ এই সময়ছোৱাত কোনোধৰণৰ খেলা–ধূলা অথবা আন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব৷ বিদ্যালয়ত ৰাজ্যিক হেল্পলাইন নম্বৰ, স্থানীয় স্বাস্থ্য বিভাগ কর্তৃপক্ষৰ হেল্পলাইন নম্বৰ সকলোৱে দেখাকৈ আঁৰি থ’ব লাগিব৷ কোনো বিদ্যালয়ৰ যদি এ চি ব্যৱহাৰ হয় তেন্তে ইয়াৰ তাপমান ২৪ৰ পৰা ৩০ ডিগ্রীত চলিব লাগিব৷ বিদ্যালয়সমূহত মুকলি বতাহৰ চলাচল যাতে সুগম হয়, তাৰ বাবে ব্যৱস্থা ল’ব লাগিব৷ মন কৰিবলগীয়া যে সুদীর্ঘ ছমাহৰ অন্তত অহা ২১ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিদ্যালয়ৰ পাঠদানক লৈ যথেষ্ট আগ্রহেৰে অপেক্ষা কৰিছে ৰাজ্যৰ ছাত্র–ছাত্রীসকলে৷ বিশেষকৈ অনলাইন পাঠ্যক্রমৰ পৰা বঞ্চিত হৈ থকা বহু ছাত্র–ছাত্রীৰ অভিভাৱকে পাঠদান আৰম্ভ কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছিল৷

You might also like