নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিৰ প্রতিবেদন প্রেৰণক লৈ প্রতিক্রিয়া

প্রতিশ্রুতি পালন কৰিমঃ মুখ্যমন্ত্রী পৰীক্ষা–নিৰীক্ষাৰ প্রয়োজন কিঃ আছু চৰকাৰে লুকা–ভাকু খেলিছেঃ কংগ্রেছ

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ   অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰাৰ পৰিৱর্তে বিগত ছমাহে ৰাজ্য চৰকাৰে পেলাই ৰখাৰ তথ্য শেহতীয়াকৈ উন্মোচিত হোৱাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ বিষয়টোক কেন্দ্র কৰি ৰাজ্য চৰকাৰ আৰু বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহ সৰৱ হৈ পৰিছে৷ এনে পৰিস্থিতিৰ মাজতে বুধবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– অসম চুক্তিৰ ৬নং দফাক কার্যকৰী ৰূপা দিয়াৰ বাবে সমিতি গঠন হৈছিল৷ সমিতিয়ে প্রতিবেদন দাখিল কৰিলে৷ চৰকাৰে প্রতিবেদনখন সন্মান সহকাৰে গ্রহণ কৰিলে আৰু এতিয়া সমিতিয়ে দিয়া পৰামর্শ অনুযায়ী এই প্রতিবেদনখন কার্যকৰী ৰূপ দিয়াৰ বাবে চৰকাৰে এই সন্দর্ভত কার্যব্যৱস্থা গ্রহণ কৰিব৷ গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে এই সন্দর্ভত সকলোৱে আমাৰ ওপৰত আস্থা ৰাখক৷ প্রতিবেদনখন চৰকাৰৰ হাতত ইতিমধ্যে অর্পণ কৰিলে৷ ইয়াৰ লগে লগে অসমৰ ৰাইজক আমি যি প্রতিশ্রুতি দিছিলোঁ সেয়া দায়বদ্ধতাৰে, দায়িত্ব সহকাৰে পালন কৰিম আৰু ৬নং দফা সন্দর্ভত গঠন কৰা সমিতিয়ে দিয়া পৰামর্শ অনুযায়ী পৰীক্ষা–নিৰীক্ষা কৰি চৰকাৰে কার্যব্যৱস্থা হাতত ল’ব৷ মুখ্যমন্ত্রী সোণোৱালৰ এনে প্রতিক্রিয়াৰ বিপৰীতে আজি ৰাজ্য চৰকাৰৰ ভূমিকাক লৈ সৰৱ হৈ পৰিল আছু৷ ছাত্র সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই সন্দর্ভত কয়– অসম চুক্তিৰ ৬নং দফাৰ প্রতিবেদনখনক লৈ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে আকৌ এবাৰ অসমৰ ৰাইজক মিছা কথা ক’লে৷ মিছা কথা কোৱা স্বভাৱ আকৌ এবাৰ প্রমাণ হ’ল৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৬নং দফাৰ প্রতিবেদনখন পালে এটা কমাও সলনি নকৰাকৈ এসপ্তাহৰ ভিতৰত প্রতিবেদনখনৰ কার্যকৰণ আৰম্ভ হ’ব বুলি প্রতিশ্রুতি দিছিল৷ গৃহমন্ত্রীৰ লগতে ৰাজ্য চৰকাৰেও অসমৰ মানুহক আশ্বাস দিছিল৷ কিন্তু সংসদত কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা কোৱা হ’ল যে ৬নং দফাৰ প্রতিবেদনখন হেনো ৰাজ্য চৰকাৰেহে কার্যকৰী কৰি আছে৷ ছাত্র নেতাদ্বয়ে চৰকাৰৰ এনে গুৰুত্বহীনতাক তীব্র ভাষাৰে সমালোচনা কৰি কয়– অসম চৰকাৰৰ গাফিলতিৰ কাৰণে ছমাহৰ পাছতো কেন্দ্রীয় চৰকাৰে ৬নং দফা ৰূপায়ণ কমিটীৰ প্রতিবেদন লাভ কৰা নাই৷ প্রতিবেদনখন সন্দর্ভত চৰকাৰৰ কি পৰীক্ষা–নিৰীক্ষা কৰিব লগা আছে, সেয়া বোধগম্য হোৱা নাই৷ পৰীক্ষা–নিৰীক্ষা কৰিব লগাৰ কথা পূর্বে পৰামর্শ কমিটীক অৱগত কৰা হোৱা নাছিল৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে গঠন কৰি দিয়া এখন কমিটীয়ে প্রতিবেদন দাখিল কৰিছে৷ ইয়াত পৰীক্ষা–নিৰীক্ষাৰ কি প্রয়োজন আছে? দৰাচলতে সমগ্র বিষয়টোৰ প্রতি কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ তিলমাত্রও সদিচ্ছা নাই৷ অসম চুক্তিৰ ৬নং দফা বিজেপি চৰকাৰৰ বাবে বর্তমান গুৰুত্বহীন হৈ পৰিছে৷ এসপ্তাহৰ ভিতৰত কার্যকৰী কৰিব বুলি গৃহ মন্ত্রালয়ে দিয়া প্রতিশ্রুতিৰ ওপৰত এতিয়া অসমৰ ৰাইজৰ প্রশ্ণ যে প্রতিবেদনৰ ওপৰত তেওঁলোকৰ দায়বদ্ধতা নাই নেকি? আনহাতে, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে৷ অসুস্থ শৰীৰেৰে  তেওঁ এই সন্দর্ভত কয়– কেন্দ্রীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় কমিটীৰ প্রতিবেদন কার্যকৰী কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ যে আন্তৰিকতা নাই, সেয়া প্রমাণ হ’ল৷ কেন্দ্রীয় চৰকাৰে নিজেই গঠন কৰা কমিটীৰ প্রতিবেদন কেন্দ্রীয় গৃহমন্ত্রীয়ে নিজেই গ্রহণ কৰিব লাগে৷ কিন্তু কেন্দ্রীয় গৃহমন্ত্রীয়ে অসমৰ মুখ্যমন্ত্রীক প্রতিবেদন ল’বলৈ ক’লে৷ মুখ্যমন্ত্রীয়ে কেবিনেট সতীর্থসকলৰ সৈতে প্রতিবেদনখন ল’লে৷ কিন্তু অসম চৰকাৰে প্রতিবেদনখন যে দিল্লীলৈ নপঠিয়ালে, সেই কথা অসমৰ ৰাইজৰ পৰা লুকুৱালে৷ সেই সময়ত অসম চৰকাৰে হয়তো কেন্দ্রীয় চৰকাৰক প্রতিবেদন দিবলৈ ভয় খাইছিল অথবা কেন্দ্রীয় চৰকাৰে প্রতিবেদন নলওঁ বুলি কৈছিল৷ আন এক কথা হ’ল– প্রতিবেদনখনত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ যুটীয়া সচিবে স্বাক্ষৰ নকৰিলে৷ ইয়াৰ দ্বাৰা কেন্দ্রীয় চৰকাৰৰ আন্তৰিকতা যে নাই সেয়া স্পষ্ট হ’ল৷ এতিয়া কথা হ’ল কোনো বিলম্ব নকৰি ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰক প্রতিবেদনখন দিব লাগে৷ ‘কা’ আন্দোলনৰ সময়ত প্রতিবেদনখন দাড়ি, কমা সলনি নকৰাকৈ গ্রহণ কৰিব বুলি কৈছিল৷ এতিয়া এইখন গ্রহণ কৰক৷ সাংবিধানিক ৰক্ষাকৱচ আমাৰ প্রাপ্য৷ আমাক ফলাফল লাগে৷ ফলাফল নোপোৱালৈ আমি শান্ত নহওঁ৷ ৬নং দফাৰ কার্যকৰণৰ ক্ষেত্রত হেতালি নেখেলিবলৈও আজি মুখ্য উপদেষ্টাজনে কেন্দ্রীয় চৰকাৰক সকীয়াই দিয়ে৷

আছুৰ লগতে  বিৰোধী কংগ্রেছ দলেও ৬নং দফা সন্দর্ভত চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই  দিল্লীত কয়– সমগ্র বিষয়টোৰ ক্ষেত্রত কেন্দ্র আৰু ৰাজ্য চৰকাৰে লুকাভাকু খেলি আছে৷ এটাও দাড়ি, কমা বাদ নিদিয়াকৈ এই প্রতিবেদনখন কার্যকৰী কৰাৰ প্রতিশ্রুতি দিয়া চৰকাৰখনে এতিয়া প্রতিবেদনখন কেন্দ্রলৈ প্রেৰণ নকৰি পেলাই ৰাখিছে৷ ৰাজ্য চৰকাৰে এই প্রতিবেদনখন পুনৰীক্ষণ কৰাৰ প্রয়োজন কি? আনহাতে, কংগ্রেছৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয়– বিজেপি নেতৃত্বাধীন চৰকাৰে নিজৰ স্বার্থৰ বাবে যিকোনো ভুৱা প্রতিশ্রুতি দিব পাৰে৷ দুখৰ কথা যে অসমীয়া ৰাইজৰ আৱেগ–নুভূতি, ইচ্ছাক তেওঁলোকে পদদলিত কৰিছে৷ ইফালে ৬নং দফা কমিটীক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই৷ অধিবক্তাগৰাকীয়ে কয়– কেন্দ্রীয় গৃহ মন্ত্রালয়ে গঠন কৰা প্রতিবেদনখন ৰাজ্য চৰকাৰে পর্যালোচনা কৰাৰ কোনো প্রয়োজন নাই৷ এই কমিটী গঠনত অসমৰ ৰাইজক যে আভুৱা ভাঁৰিবলৈ গঠন কৰা হৈছিল আৰু ইয়াক লৈ যে তেওঁলোকৰ তিলমাত্রও সদিচ্ছা নাই, সেয়া স্পষ্ট হৈ পৰিছে৷ বিগত ছমাহে প্রতিবেদনখন পেলাই ৰাখি ইয়াক গুৰুত্বহীন কৰি পেলালে৷

You might also like