নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাকেশ পালৰ পৰা পৱিত্র কৈৱর্তলৈকে দুর্নীতিগ্রস্তৰ আশিসপুষ্ট হৈ বহুতে লাভ কৰিছিল চাকৰি

ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ অভিযোগ

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ দুর্নীতিৰ সদাগৰ ৰাকেশ পালৰ কার্যকালত অসম লোকসেৱা আয়োগ (এ পি এছ চি)ত সংঘটিত সকলো অনিয়মৰে তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংস্থাটোৱে৷ বিশেষকৈ ২০১৪ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত অনিয়মৰ তদন্ত ন্যায়িক আয়োগে সামৰি ল’ব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে৷ সোমবাৰে এক বিবৃতিত সংগঠনটোৰ এডমিন মানসপ্রতিম বৰুৱাই কয় যে ৰাকেশ পাল অধ্যক্ষ হৈ থকাৰ সময়ছোৱাত ২০১৩ চনতেই কেৱল দুর্নীতি সংঘটিত হোৱা নাছিল৷ বৰঞ্চ ২০১৪ বর্ষত অনুষ্ঠিত পৰীক্ষাতো দুর্নীতি, অনিয়ম, বিসংগতি আৰু স্বজন–প্রীতিৰ অভিযোগ উত্থাপন হৈছিল৷ ইতিমধ্যে ২০১৪ বর্ষৰ ২১জন ৰাজপত্রিত বিষয়াক ডিব্রুগড় আৰক্ষীয়ে গ্রেপ্তাৰো কৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে ন্যায়িক আয়োগৰ তদন্ত কেৱল ২০১৩ বর্ষৰ পৰীক্ষাতে সীমাবদ্ধ আছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘ভুল প্রশ্ণোত্তৰৰ পৰা আৰম্ভ কৰি মৌখিক পৰীক্ষাত এচাম বিশেষ প্রার্থীক অধিক নম্বৰ দিয়া অথবা টেবুলেচন শ্বীটত জালিয়াতিৰ পৰা নকল উত্তৰবহীত লিখাৰ সুযোগ দিয়ালৈকে এই সকলো অনিয়ম ২০১৪ বর্ষৰ পৰীক্ষাৰ ক্ষেত্রতো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

ডিব্রুগড় আৰক্ষীৰ তদন্তত এনে বহু অভিযোগ সঁচা বুলিও প্রমাণিত হৈছে৷ ৰাকেশ পালৰ পৰা আৰম্ভ কৰি পৱিত্র কৈৱর্তলৈকে এই গোচৰত গ্রেপ্তাৰ হোৱা দুর্নীতিগ্রস্তৰ নেতৃত্বতে ২০১৪ বর্ষৰো পৰীক্ষা অনুষ্ঠিত হৈছিল৷ তদুপৰি আয়োগৰ ষ্ট্রং ৰুমৰ দুপাট চাবিৰ এপাট অধ্যক্ষৰ হাতত আৰু আনপাট মুখ্য পৰীক্ষা নিয়ন্ত্রকৰ হাতত থাকে৷ ২০১৪ বর্ষৰ পৰীক্ষাত মুখ্য পৰীক্ষা নিয়ন্ত্রক নন্দ বাবু সিনহাৰ কন্যা মির্নাভা দেৱী আৰাবামো বাছনিভুক্ত হৈছিল৷ কন্যাই পৰীক্ষা দি থকা সময়ত ছুটীত থকা নন্দ বাবু সিনহা নিতৌ কার্যালয়লৈ আহিছিল বুলি স্বয়ং তদন্তকাৰী বিষয়াই প্রকাশ কৰিছে৷ গতিকে ২০১৪ বর্ষৰ পৰীক্ষা কেনেদৰে অনুষ্ঠিত হৈছিল, সেয়া সকলোৰে জ্ঞাত৷’ তদুপৰি ৰাকেশ পালৰ আত্মীয় প্রসেনজিৎ ঘোষৰ পৰা আৰম্ভ কৰি পৱিত্র কৈৱর্তৰ আত্মীয় ভার্গৱমুনি দাসলৈকে কেইবাজনো আয়োগৰ বিষয়ববীয়াৰ অঙহী–বঙহী ২০১৪ বর্ষৰ পৰীক্ষাতে বাছনিভুক্ত হৈছিল বুলি মন্তব্য কৰি বৰুৱাই কয় যে ইয়াৰ পাছতো ন্যায়িক তদন্তৰ পৰিসৰ কেৱল ২০১৩ বর্ষতে সীমাবদ্ধ কৰি ৰখা হ’ল৷ সেয়েহে ২০১৪ বর্ষৰ পৰীক্ষা সামৰি ল’লে ৰাকেশ পালৰ কার্যকালত সংঘটিত বহু গোপন ৰহস্য ফাদিল হ’ব বুলিও তেওঁ কয়৷ লক্ষণীয় যে ইতিমধ্যে ২০১৪ বর্ষৰ পৰীক্ষাৰ অনিয়ম ন্যায়িক তদন্তৰ আওতালৈ আনিবলৈ নির্দেশ দিয়াৰ প্রার্থনাৰে সংস্থাটোৱে উচ্চ ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল৷ এইক্ষেত্রত চৰকাৰৰ স্থিতি সদৰী কৰিবলৈ নির্দেশ দিছে ন্যায়ালয়ে৷

You might also like